কোটবছঃ যোৱা জুলাই মাহত দীপা কৰ্মকাৰে তুৰস্কত অনুষ্টিত হোৱা আৰ্টিষ্টিক জিমনাষ্টিক বিশ্ব চেলেঞ্জত সোণৰ পদক লাভ কৰাৰ পাছত এইবাৰ জাৰ্মানীৰ কোটবছত হৈ থকা আৰ্টিষ্টিক জিমনাষ্টিক বিশ্ব কাপৰ তৃতীয় দিনা ৱাল্ট স্পৰ্ধাত ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হয়৷

দীপাৰ এই সাফল্যত সমগ্ৰ দেশৰ লগতে উৎফুল্লিত হৈছে উত্তৰ-পূববাসী৷

ত্ৰিপুৰাৰ ২৫ বছৰীয়া দীপাই ৱাল্ট স্পৰ্ধাত অংশগ্ৰহণৰ বাবে প্ৰয়োজনীয় অৰ্হতাত ষষ্ঠ স্থান দখল কৰি ফাইনেলত প্ৰৱেশ কৰে৷

উল্লেখযোগ্য যে, বেলেন্স বীম বৰ্গত ১১.০৬৬ নম্বৰ লাভ কৰি ২৩ সংখ্যক স্থান লাভ কৰা দীপাই আঁঠুত পোৱা আঘাতৰ বাবে এছিয়াই ৱাল্ট ফাইনেলত ভাগ ল’ব পৰা নাছিল৷