প্ৰতিকী ফটো

 ডিজিটেল ডেস্কঃ বিশ্ব কপালে হেকাৰৰ আক্ৰমণে৷ সমগ্ৰ বিশ্বৰ প্ৰায় ১০০ খন দেশৰ কম্পিউটাৰ সেৱা বিকল কৰিলে হেকাৰে৷ ভাৰত, ব্ৰিটেইন, আমেৰিকা, চীন, ৰাছিয়া, স্পেইন, ইটালী, ভিয়েটনামকে ধৰি খন দেশৰ ওপৰত চলিল চাইবাৰ আক্ৰমণ৷

শুকুৰবাৰে ৰাতি সংঘটিত হয় এই আক্ৰমণ৷ ব্ৰিটেইনৰ চিকিৎসা সেৱাৰ ৱেবছাইটসমূহ প্ৰায় বিকল কৰি দিয়ে এই আক্ৰমণে৷ চিকিৎসা সেৱাৰ লগত জড়িত কম্পিউটাৰসমুহ বিকল কৰি দিয়াৰ ফলত চিকিৎসালয়সমূহত হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হয়৷

তদুপৰি কম্পিউটাৰসমুহ ভাল কৰিবলৈ ৩০০ ৰপৰা ৬০০ ডলাৰ দাবী কৰিছে হেকাৰে৷ চাইবাৰ চিকিউৰটি চফটৱেৰ নিৰ্মাতা প্ৰতিষ্ঠান এভাষ্টে কয় যে প্ৰায় ১০০ খন দেশৰ ৫৭ হাজাৰটা কম্পিউটাৰক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত হৈছে৷ এই হেকিঙৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ব্ৰিটেইন৷