♦ প্ৰাণজিৎ ডেকা

পাছৱৰ্ড! ডিজিটেল বিশ্বত পাছৱৰ্ডৰ মহিমা অপাৰ। এটা পাছৱৰ্ডতে সমগ্ৰ বিশ্ব লুকাই থকা বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। পাছৱৰ্ডৰ এই জগত যথেষ্ট সংৰক্ষণশীল। কোন মুহূৰ্তত এটা পাছৱৰ্ডে কাৰ জীৱনলৈ অশনি সংকেত কঢ়িয়াই আনিব পাৰে তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে। সুৰক্ষিত পাছৱৰ্ডে যিদৰে সকলো দিশেই সুৰক্ষিত কৰি ৰখাত অৰিহণা যোগাই, ঠিক একেদৰে একো একোটা অসুৰক্ষিত পাছৱৰ্ডৰ ফলতেই কাল অমানিশাও নামি আহিব পাৰে। যিকোনো ক্ষেত্ৰতে শক্তিশালী পাছৱৰ্ড এটাৰ গৰাকী হোৱাৰ অৰ্থ এয়াই যে ডিজিটেল পৃথিৱীত আপুনি যথেষ্ট শক্তিশালী আৰু নিৰাপদ।

আধুনিক বিশ্বায়নৰ যুগত পৃথিৱীখন এখন গাঁৱলৈ ৰূপান্তৰ হ'ল। ফলত থাওকতেই যিকোনো এটা কাৰ্যই আমি বিনাদ্বিধাই স্বাচন্দ্যে কৰিব পৰা হ'লো। উন্নত প্ৰযুক্তিবিদ্যাৰ এই যুগত সময় বাগৰিছে মানে আমি ক্ৰমান্বয়ে ন ন উদ্ভাৱনী কৌশলেৰে সমৃদ্ধশালী হৈ আহিছো। সেই উদ্ভাৱনী কৌশলসমূহৰে অন্যতম হৈছে এই পাছৱৰ্ড। বেংকিং ক্ষেত্ৰত পাছৱৰ্ড, মোবাইলৰ পাছৱৰ্ড, কম্পিউটাৰত পাছৱৰ্ড, ছ'চিয়েল মিডিয়াৰ বিভিন্ন এপ্লিকেশ্যন খুলিবলৈ পাছৱৰ্ড, ই-মেইল এটা চাবলৈ পাছৱৰ্ড। আনকি টি.ভি, লাইটৰ বিল দিবলৈ পাছৱৰ্ড, অনলাইন গেছ বুকিঙত পাছৱৰ্ড, অনলাইন শ্বপিং ছাইটসমূহত পাছৱৰ্ড আদিকে ধৰি প্ৰায় প্ৰতিটো ক্ষেত্ৰতে আমি মনত ৰখাকৈ দিবলগীয়া হোৱা নম্বৰ, শব্দ-সংখ্যা আদিয়েই হৈছে পাছৱৰ্ড।

পিছে এনে পাছৱৰ্ডৰ যথাযথ তথা উপযুক্ত ব্যৱহাৰ কৰিব নজনাৰ ফলতেই সময়ে সময়ে আউল লাগে বহুতৰে ডিজিটেল জীৱনত। পাছৱৰ্ডক লৈ ছিৰিয়াছ হোৱাত সামান্যতমো ইফাল-সিফাল কৰিলেই কেতিয়া কোন মুহূৰ্তত দুৰ্যোগ নামি আহে সেয়া অনুমান কৰাতো মুঠেই সম্ভৱ নহয়। কেতিয়াবা যদি লাখ-কোটি টকা হেৰুৱাবলগীয়া হয়, কেতিয়াবা আকৌ হেৰুৱাবলগীয়া হ’ব পাৰে জীৱনসংগী। আপোনাৰ শত্ৰুপক্ষয়ো এতিয়া আপোনাক অস্ত্ৰৰে আক্ৰমণ কৰাৰ পৰিৱৰ্তে পাছৱৰ্ড হস্তগত কৰি সকলো শেষ কৰি দিবলৈ চেলু চাই ফুৰে। একেদৰে আপোনাৰ-মোৰ দৰে সাধাৰণ মানুহ বাদেই এটা বিশাল কোম্পানী আনকি এখন দেশো এতিয়া পাছৱৰ্ডৰ বাবেই ক্ষণিকতে ধ্বংস হৈ পৰিব পাৰে।

পাছৱৰ্ডৰ বাবে বিশ্বত প্ৰতিদিনে লক্ষ লক্ষ লোকে সমস্যাৰ সন্মুখীন হৈ আহিছে। সেয়ে পাছৱৰ্ডক লৈ কোনো লোকেই যাতে সমস্যাত পৰিবলগীয়া নহয় তাৰ বাবে এনেধৰণৰ অসুৰক্ষিত পাছৱৰ্ড প্ৰদানকাৰীসকলক সুসংবদ্ধ ৰূপত উন্নত তথা সুৰক্ষিত অৰ্থাৎ 'পাৰফেক্ট পাছৱৰ্ড' ৰখাৰ অভ্যাস গঢ়ি তোলাৰ লক্ষ্যৰে ২০০৫ চনৰ পৰাই এক প্ৰচাৰ অভিযান আৰম্ভ কৰিছিল সুৰক্ষা গৱেষক মাৰ্ক বনেটে। মাৰ্কৰ এনে গুৰুত্বপূৰ্ণ কাৰ্যব্যৱস্থাত অনুপ্ৰাণিত হৈ ইন্টেল ৱৰ্ল্ড সুৰক্ষা প্ৰতিষ্ঠানে ২০১৩ চনৰ মে' মাহৰ প্ৰথমটো বৃহস্পতি বাৰক 'বিশ্ব পাছৱৰ্ড দিৱস’ (World passord day) হিচাপে ঘোষণা কৰে। এইদৰে উক্ত বৰ্ষৰ পৰা প্ৰত্যেক বছৰৰ মে'ৰ প্ৰথমটো বৃহস্পতিবাৰে 'বিশ্ব পাছৱৰ্ড দিৱস' সমগ্ৰ বিশ্বতে উদযাপন কৰি অহা হৈছে। চলিত বৰ্ষতো মে' মাহৰ প্ৰথমটো বৃহস্পতিবাৰ অৰ্থাৎ আজি সমগ্ৰ বিশ্বতেই উদযাপন কৰা হৈছে বিশ্ব পাছৱৰ্ড দিৱস।

মূলতঃ সকলো স্তৰৰ লোক, ব্যক্তি, প্ৰতিষ্ঠান, অনুষ্ঠান, শাসন ব্যৱস্থাকে আদি কৰি ডিজিটেল জগতৰ য'ত য'ত পাছৱৰ্ড নহ'লে একো কাৰ্যই সিদ্ধি নহয়, সেইসকলক মাজত সুৰক্ষিত পাছৱৰ্ড মজুত ৰখাৰ বাবেই এনে সজাগতামূলক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈ আহিছে। এই দিনটোতে পাছৱৰ্ড সুৰক্ষাৰ প্ৰয়োজনীয় সচেতনতা বঢ়োৱাৰ উদ্দেশ্যে এনেধৰণৰ গুৰুত্বপূৰ্ণ কাৰ্যব্যৱস্থা সমগ্ৰ বিশ্বতেই কৰি অহা হৈছে।

পাছৱৰ্ডক লৈ আমি কিমান সচেতন?

পাছৱৰ্ডজনিত সমস্যাৰ মূলতেই হৈছে সচেতনতাৰ অভাৱ। ডিজিটেল জগতত পাছৱৰ্ডৰ ব্যৱহাৰক লৈ আমি যি ধৰণে সচেতন হ’ব লাগে সেই ধৰণে সচেতন নহয়। বিভিন্ন অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে অধিকাংশ লোকেই দুৰ্বল পাছৱৰ্ড ব্যৱহাৰ কৰে আৰু ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি আহিছে চাইবাৰ অপৰাধীসকলে।

দুৰ্বল পাছৱৰ্ড মানেই হৈছে চাইবাৰ অপৰাধীক সহজেই আপোনাৰ একাউন্টত প্ৰৱেশ কৰিবলৈ দিয়া। দুৰ্বল পাছৱৰ্ডৰ বাবে চাইবাৰ অপৰাধীয়ে যি আক্ৰমণ চলাই তাক কোৱা হয় ব্ৰুট ফৰ্চ আক্ৰমণ। এই চাইবাৰ আক্ৰমণত জড়িত হেকাৰসকলে ব্যৱহাৰ কৰে এক বিশেষ প্ৰকাৰৰ ছফটৱেৰ। সেই ছফটৱেৰত সন্নিবিষ্ট হৈ থাকে মানুহে ব্যৱহাৰ কৰা ভিন্ন ধৰণৰ পাছৱৰ্ড। ছফটৱেৰটোৰ জৰিয়তে প্ৰথমতে সৰ্বাধিক ব্যৱহৃত পাছৱৰ্ড সমূহেৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱা একাউন্ট খুলিবলৈ চেষ্টা কৰা হয়। শেষত ব্যৱহাৰ কৰা হয় জটিল বাক্যাংশৰে গঠিত সাম্ভাৱ্য পাছৱৰ্ডসমূহ। এনেদৰে আমি দিয়া অসুৰক্ষিত পাছৱৰ্ডৰ সুযোগ লৈ চাইবাৰ অপৰাধীয়ে সহজতে সংঘটিত কৰি আহিছে দুষ্কাৰ্য।

এক সমীক্ষা অনুসৰি অনলাইনত ব্যৱহৃত পাছৱৰ্ডসমূহৰ ভিতৰত প্ৰায় ৮৬%ই হৈছে অসুৰক্ষিত। ইয়াৰ ভিতৰত প্ৰায় ক্ষেত্ৰতে সৰ্বাধিক ব্যৱহৃত পাছৱৰ্ডটো হৈছে-123456 (১২৩৪৫৬)। বিশ্বৰ প্ৰায় ২৩.২ মিলিয়ন ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ পাছৱৰ্ড হিচাপে এই সংখ্যাকেইটা একাদিক্ৰমে ব্যৱহাৰ কৰে। পিছে এয়া হৈছে কোনো অচিনাকি লোকক আপুনি গাড়ীৰ ছাবি হস্তান্তৰ কৰাৰ দৰেই এক হঠকাৰী কাৰ্য। অৰ্থাৎ আপুনি এনেধৰণৰ পাছৱৰ্ড ব্যৱহাৰেৰে হেকাৰক তথ্য-পাতিকে আদি কৰি গুৰুত্বপূৰ্ণ কাৰ্য বিনাদ্বিধাই চুৰি কৰাত নজনাকৈ অৰিহণা যোগাই আহিছে।

আনহাতে পাণ্ডা সুৰক্ষা অনুসৰি, প্ৰায় ৫২ শতাংশ লোকে একাধিক ৱেবছাইট তথা এপ্লিকেশ্যনসমূহত তেওঁলোকৰ পাছৱৰ্ডৰ পুনৰ ব্যৱহাৰ কৰে।আপোনাৰ এই অভ্যাসৰ অৰ্থ হৈছে, কোনোবাই আপোনাৰ এই পাছৱৰ্ড ব্যৱহাৰেৰে সমস্ত একাউন্টত কোনোধৰণৰ হকা-বাধা নোহোৱাকৈ লগ ইন কৰাৰ সম্পূৰ্ণ অধিকাৰ পোৱা। সেয়ে পাছৱৰ্ড দিওতে সদায় সাৱধান হওক। এনে পাছৱৰ্ড ব্যৱহাৰ কৰক যিটো আপোনাৰ বাদে কোনো লোকে কল্পনাও কৰিব নোৱাৰে। কাৰণ, বৰ্তমানৰ এই ডিজিটেল যুগত পাছৱৰ্ডক আপোনাৰ ডিজিটেল আত্মা হিচাপে অভিহিত কৰিলেও ভুল কৰা নহ’ব। আত্মাৰূপ পাছৱৰ্ডক আপুনি যিমানেই সুৰক্ষিত কৰি ৰাখিব সিমানেই সুৰক্ষিত হৈ থাকিব আপোনাৰ ডিজিটেল জীৱন।

পাছৱৰ্ডক লৈ কেইটামান বিশেষ তথ্য

■ প্ৰায় ২০বছৰ ধৰি মাৰ্কিন পাৰমানবিক ক্ষেপণাস্ত্ৰৰ পাছৱৰ্ডৰ কোনোধৰণৰ সালসলনি ঘটোৱা নাছিল। সুদীৰ্ঘ দুটা দশক ধৰি থকা সেই পাছৱৰ্ডটো আছিল '00000000'।

■ সেইদৰে ২০১০ চনত ফেচবুকৰ এটা প্ৰধান পাছৱৰ্ড আছিল 'চক নৰিছ'। যি কোনো একাউন্টৰ হৈ কাৰ্য কৰিছিল।

■ আকৌ স্কাইহাই নেটৱৰ্কৰ দ্বাৰা পৰিচালিত ক্লাউড পৰিসেৱাই ১১ মিলিয়ন চুৰি হোৱা পাছৱৰ্ডৰ এক বিশ্লেষণ কৰিছিল। এই বিশ্লেষণ কালত দেখা পোৱা গৈছিল যে প্ৰায় ১০.৩ মিলিয়ন একাউন্টধাৰীয়ে এতিয়াও ২০টা সাধাৰণ সহজ পাছৱৰ্ডসমূহৰ ভিতৰৰ এটা ব্যৱহাৰ কৰে। সেইবাবে হেকাৰৰ বাবে এনে একাউন্ট হেক কৰোতে বেছি সময়ৰ প্ৰয়োজনেই হোৱা নাছিল।

■ 'ৰেণ্ডম চিম্বল' অৰ্থাৎ এলোমেলো আঠ চৰিত্ৰৰ পাছৱৰ্ড খুলিবলৈ ১২বছৰ ৪মাহ ১৬দিন সময় লাগিব একোটা সাধাৰণ ব্ৰুট ফৰ্চ ক্ৰেকিং প্ৰগ্ৰেমক। এনে পাছৱৰ্ডৰ আৰ্হি হৈছে 'z7S69s@9'। বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এটা কোৱান্টাম কম্পিউটাৰে মাত্ৰ ৫ চেকেণ্ডতকৈ কম সময়ত এনে একোটা পাছৱৰ্ড বিচাৰি উলিয়াবলৈ সক্ষম।

■ ২০১২চনত পাছৱৰ্ড সুৰক্ষা বিশেষজ্ঞই ২৫টা গ্ৰাফিক্সচ কাৰ্ডৰ দ্বাৰা চালিত এটা ৫ চাৰ্ভাৰ ক্লাষ্টাৰযুক্ত কম্পিউটিং পৰিৱেশ তৈয়াৰ কৰিছিল যিয়ে প্ৰতি ছেকেণ্ডত আনুমানিক ৩৫০ বিলিয়ন পাছৱৰ্ড তৈয়াৰ কৰিব পাৰিছিল।

■ ধৰি লোৱা হ'ল যিকোনো পাছৱৰ্ডক এটা সংখ্যাৰে পূৰাবলৈ দিয়া হৈছে। সেইক্ষেত্ৰত গৰিষ্ঠসংখ্যকেই '1' অথবা '2' সংখ্যাটোক পাছৱৰ্ডৰ অন্তিম স্থানত বহুৱালৈ সদায়ে পছন্দ কৰে।

■ দুই-তৃতীয়াংশ লোকে তেওঁলোকৰ সমস্ত অনলাইন একাউন্টৰ ক্ষেত্ৰত কেবল মাত্ৰ দুটা পাছৱৰ্ডহে ব্যৱহাৰ কৰে। অধিক পাছৱৰ্ড ব্যৱহাৰ কৰাতো এই দুই-তৃতীয়াংশ লোকে পছন্দ নকৰে।

■ ৮ আখৰৰ পাছৱৰ্ডৰ ক্ষেত্ৰত এক মজাৰ বিষয় কি জাননে? কেৱল মাত্ৰ সৰু অথবা ডাঙৰ ফলাৰ আখৰ ব্যৱহাৰ কৰি ২০০ বিলিয়ন সম্ভাৱ্য পাছৱৰ্ড তৈয়াৰ কৰিব পাৰি। অৰ্থাৎ এই বৃহৎ সংখ্যক পাছৱৰ্ড সংমিশ্ৰণ কৰিব পৰা যায়।

■ ৱেবৰ আৰম্ভণিৰ সময়ছোৱাত যিসমূহ পাছৱৰ্ড ব্যৱহাৰ হৈছিল তাৰ ভিতৰত সৰ্বাধিক জনপ্ৰিয় পাছৱৰ্ডটো আছিল '12345'।

■ প্ৰায় সংখ্যকেই ব্যৱহাৰ কৰা শীৰ্ষ দহটা সাধাৰাণ পাছৱৰ্ড হৈছে-123456,123456789, Qwerty (কোৱাৰ্টি), password(পাছৱৰ্ড), 111111, 12345678, abc123, 1234567, password1, 12345। আপোনাৰ যদি এনেধৰণৰ পাছৱৰ্ড ব্যৱহাৰৰ প্ৰৱণতা আছে তেন্তে সাৱধান। এনেধৰণৰ পাছৱৰ্ডত সহজেই চাইবাৰ আক্ৰমণ চলে।

■ এক গৱেষণা অনুসৰি, মহিলাসকলে তেওঁলোকৰ পাছৱৰ্ডত সচৰাচৰ ব্যক্তিগত বা প্ৰিয়জনৰ নাম আৰু তেওঁলোকৰ সৈতে জড়িত সংখ্যা আদি ব্যৱহাৰ কৰিবলৈ যথেষ্ট আগ্ৰহী। সেইদৰে পুৰুষসকলে নিজৰ যথেষ্ট ৰাপ থকা বিষয়বস্তুসমূহক অগ্ৰাধিকাৰ দি পাছৱৰ্ড ব্যৱহাৰ কৰিবলৈ আগ্ৰহী হোৱা দেখা যায়।

■ গুগল, ফেচবুক, নেটফ্লিক্স, ৰেডডিটকে আদি কৰি প্ৰচুৰ জনপ্ৰিয় ৱেবছাইটে ব্যৱহাৰকাৰীসকলক কেবল ৬ তথা ৮ আখৰৰ দীৰ্ঘ পাছৱৰ্ড তৈয়াৰৰ অনুমতি প্ৰদান কৰে। বিভিন্ন পাছৱৰ্ড বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি, পাছৱৰ্ডসমূহ অতিকমেও ১২ টা আখৰবিশিষ্ট হ'লে ভাল। এনে দীঘল আখৰৰ পাছৱৰ্ড সচাৰচৰ যথেষ্ট সুৰক্ষিত হয়।

■ পোহনীয়া জীৱ-জন্তুৰ নামেৰে গৰাকীয়ে নিজৰ একাউন্টৰ পাছৱৰ্ড তৈয়াৰ কৰাৰ সম্ভাৱনা প্ৰায় ৩গুণ বেছি থাকে। সেইবাবে বিভিন্ন ক্ষেত্ৰৰ জৰিয়তে এনেধৰণৰ পাছৱৰ্ড হেকাৰৰ কবলত পৰাৰ সম্ভাৱনা যথেষ্ট।

■ সাধাৰণতে একোগৰাকী ব্যক্তিয়ে প্ৰায় প্ৰতি আঢ়ৈ বছৰ অথবা ৩ বছৰৰ মূৰতহে নিজৰ পাছৱৰ্ড সলনি কৰে।

■ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি, একোটা সুৰক্ষিত পাছৱৰ্ড তৈয়াৰ কৰাৰ শক্তিশালী কৌশলটো হৈছে, এটা পেৰাগ্ৰাফৰ প্ৰতিটো শব্দৰ প্ৰথম আখৰটোৰ ব্যৱহাৰ। তদুপৰি একোটা এলোমেলো প্ৰতীক (%*&!;) ব্যৱহাৰ কৰিলে এনেধৰণৰ পাছৱৰ্ড আৰু অধিক সুৰক্ষিত হৈ পৰাৰ সম্ভাৱনা দেখা যায়।

পাছৱৰ্ডক লৈ কিদৰে সচেতন হ’ব?

পাছৱৰ্ড সুৰক্ষিত ৰাখিবলৈ হ’লে যিকোনো ছাইট আপোনাৰ মোবাইল, লেপটপ, কম্পিউটাৰৰ পৰ্দাত ভাহি আহিলেই তাত গৈ ক্লিক কৰি সেয়া খুলি চোৱাৰ পৰা বিৰত থাকক। সেই ছাইটৰ নিৰ্ভৰযোগ্যতা কিমান সেয়া প্ৰথমতে ইন্টাৰনেটৰ বিভিন্ন উৎসৰ পৰা জানি লওক। তদুপৰি যিদৰে আপুনি একাউন্ট এটাত প্ৰৱেশ কৰোতে লগ ইন কৰে, ঠিক একেদৰে লগ আউট কৰিও ওলাই আহিবলৈ শিকক। এনে শিকনে আপোনাক চাইবাৰ আক্ৰমণৰ পৰা বচাই ৰখাত সদায় যথেষ্ট অৰিহণা যোগাব। একেদৰে অচিনাকি ব্যক্তিক আপোনাৰ যিকোনো পাছৱৰ্ড বিভিন্ন অজুহাতত বিচাৰিলেই দিয়াৰ পৰা সদায় বিৰত থাকক। বিশেষকৈ বেংকৰ আৰ্থিক লেনদেন সম্পৰ্কীয় কোনোধৰণৰ পাছৱৰ্ডেই মোবাইলত অন্য অচিনাক্ত লোকক দিয়াৰ পৰা নিজকে বাৰণ কৰক। এইবিষয়ে হাৰাশাস্তি কৰিলে চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ সৈতে যোগাযোগ কৰি সবিশেষ জনাওক।

পাছৱৰ্ডৰ জৰিয়তে হ’ব পৰা আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰি থকা অসুৰক্ষিত পাছৱৰ্ডটোক আজিয়েই সুৰক্ষিত পাছৱৰ্ডলৈ ৰূপান্তৰিত কৰক। অন্যথা প্ৰতিটো সময়তেই সক্ৰিয় হৈ থকা চাইবাৰ অপৰাধীয়ে আপোনাৰ অনুমতি নোলোৱাকৈ যিকোনো গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰি সৰ্বস্বান্ত কৰিব পাৰে। সেয়েহে সময় থাকোতেই নিজকে একোটা শক্তিশালী পাছৱৰ্ডৰ অধিকাৰী কৰি এই ডিজিটেল পৃথিৱীত মুক্ত মনে বিচৰণ কৰক। শেষত বিশ্ব পাছৱৰ্ড দিৱসৰ আজিৰ এই দিনটোত পঢুৱৈসকলক পাছৱৰ্ডক লৈ পূৰ্বতকৈ হাজাৰ গুণে অধিক সতৰ্ক হ’বলৈ আহ্বান জনালো।