ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ পানী পথত দুৰ্বত্তই হত্যা কৰিলে ২২ বছৰীয়া গায়িকাক৷ মঙলবাৰে গুলীয়াই হত্যা কৰে হৰ্ষিতা ডাহিয়া নামৰ নৃত্যশিল্পী-গায়িকাগৰাকীক৷ পানীপথৰ এটি অনুষ্ঠানত সংগীত পৰিবেশ কৰি দিল্লীলৈ উভতি আহি আছিল গায়িকাগৰাকী৷

দিনৰ প্ৰায় ৪ বজাত পানীপথৰ চামৰাৰাত দুৰ্বত্তই তেওৰ গাড়ী ৰখাই জধে-মধে গুলী চালনা কৰে৷ ফলত হৰ্ষিতাৰ মৃত্যু হয়৷ পানী পথ আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, হৰ্ষিতাৰ সৈতে চালক সহ আৰু এগৰাকী সহ শিল্পী আছিল৷ দুই দুৰ্বত্তই গাড়ীৰ পৰা নামি গুলীচালনা কৰি তৎমুহূৰ্ততে পলায়ণ কৰে৷ দুৰ্বত্তই ৭টা গুলী চলাইছিল হৰ্ষিতাক লক্ষ্য কৰি৷

ইয়াৰে ৬টা গুলী মুৰত লাগে৷ যাৰ বাবে থিতাতে মৃত্যু হয় গায়িকাগৰাকীৰ৷ এতিয়ালৈ আৰক্ষীয়ে কোনো লোকক আটক কৰিব পৰা নাই৷ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈ কোনো লোকক আটক কৰিব পৰা নাই৷ একাংশ সংবাদ মাধ্যমৰ মতে, বিতৰ্কিত ভিডিঅ’ আপলোড কৰি প্ৰায়ে বিতৰ্কত আছিল ডাহিয়া৷ প্ৰায়ে ধমকিৰো সন্মুখীন হৈ আছিল তেও৷