.....ধুবুৰী জিলাৰ জলেশ্বৰ সমষ্টিৰ আইৰকাটা অঞ্চলৰ  লোকে স্বাস্হ্য সেৱাৰ নামত ভূগিবলগা হৈছে যমৰ যাতনা ....
দক্ষিণ শালমাৰাৰ পৰা মল্লিক সাত্তাৰ : এখন প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰ । তিনিটা বছৰ পৰি পানীৰ মাজত পৰি আছে পৰিত্যক্ত অৱস্হাত । কিন্তু গুৰুত্ব দিয়া নাই বিভাগীয় কৰ্তৃপক্ষ , চৰকাৰ ।
ধুবুৰী জিলাৰ জলেশ্বৰ সমষ্টিৰ আইৰকাটা অঞ্চলবাসীৰ স্বাস্হ্য সেৱাৰ সুবিধাৰ্থে স্হাপিত আইৰকাটা নদীকাষৰীয়া প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰখন ২০১৭ চনত প্ৰলয়ংকাৰী বানৰ সোঁতত উটি যায় ।

বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰে উক্ত স্বাস্হ্য কেন্দ্ৰখন ৰক্ষাৰ ব্যৱস্হা কৰা দূৰৰ কথা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰতো লোৱা নাই ইতিবাচক পদক্ষেপ । যাৰ ফলত ইয়াৰ সৰ্বস্তৰৰ লোকে স্বাস্হ্য সেৱাৰ নামত ভূগিবলগা হৈছে যমৰ যাতনা ।

ৰাজ্য চৰকাৰৰ স্বাস্হ্য বিভাগৰ চৰম হেমাহীৰ বাবে অঞ্চলবাসীয়ে বঞ্চিত হবলগা হৈছে স্বাস্হ্য সেৱাৰ পৰা । এই অভিযোগ উত্থাপন কৰিছে দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীয়ে । অচিৰেই স্বাস্হ্য কেন্দ্ৰখন পুনৰ নিৰ্মাণৰ দাবী জনাইছে ছাত্ৰ সন্হাই ।