গুৱাহাটীঃ স্বাস্থ্য বিভাগত অতি শীঘ্ৰে চলিব চাফাই অভিযান। অৰ্থাৎ কংগ্ৰেছৰ দিনত জাল নিযুক্তি পত্ৰৰে চাকৰি লোৱা স্বাস্থ্য বিভাগৰ ৪০২ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক চাকৰিৰপৰা বৰ্খাস্ত কৰে ৰাজ্য স্বাস্থ্য বিভাগে৷

ইতিমধ্যে স্বাস্থ্য সেৱা সঞ্চালকায়ৰ তৰফৰপৰা প্ৰতিখন জিলাৰ স্বাস্থ্য বিভাগৰ কাৰ্যালয়লৈ ভুৱা কৰ্মচাৰীসকলক চাকৰিৰ পৰা অব্যাহতি দিবলৈ নিৰ্দেশ জাৰি কৰিছে।

জানিব পৰা মতে কংগ্ৰেছ চৰকাৰৰ শাসন কালত ২০০৮ চনৰপৰা ২০১২ বৰ্ষৰ ভিতৰত বিভিন্ন জাল নিযুক্তি পত্ৰৰ জৰিয়তে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী হিচাপে বিভিন্ন জিলাত চাকৰিত যোগদান কৰে। লখিমপুৰ, শিৱসাগৰ, ডিব্ৰুগড়কে ধৰি বিভিন্ন জিলাত চাকৰিত যোগদান কৰিছিল এই সকল কৰ্মচাৰীয়ে।

পিছত বিষয়তো সম্পৰ্কত স্বাস্থ্য বিভাগৰ দৃষ্টিগোচৰ হোৱাত কৰ্মচাৰীসকলৰ নিযুক্তি পত্ৰ স্ক্ৰীনিঙৰ ব্যৱস্থা কৰা হৈছিল। শেহতীয়াকৈ তেওঁলোকৰ নিযুক্তি ভুৱা বুলি প্ৰমাণিত হোৱাৰ পিছতে এতিয়া এই সিদ্ধান্ত লয় বিভাগটোৱে।