গুৱাহাটীঃ সমগ্ৰ বিশ্বৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ অন্তত অসমতো কৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। এনে পৰিস্থিতিত ৰাজ্যবাসীক কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ লগতে আক্ৰান্তসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ যথাসম্ভৱ চেষ্টা অব্যাহত ৰখা দেখা গৈছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক।

বুধবাৰৰ পিছত বৃহস্পতিবাৰেও বিয়লিৰ ভাগত সাংবাদিকসকলক সম্বোধন কৰে। জিএমচিএইছত আয়োজন কৰা এই সংবাদমেলত মন্ত্ৰীগৰাকীয়ে জনাই যে কৰ’নাত আক্ৰান্ত ১৬ গৰাকী ৰোগীয়েই বৰ্তমান সুস্থিৰ অৱস্থাত আছে। 'আটাইকেইগৰাকী ৰোগীয়ে সুস্থিৰ অৱস্থাত আছে। শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা ৰোগী মহম্মদ জামালুদ্দিনক আজি আমি কৰ’নাৰ চিকিৎসাৰ লগতে কৰ্কট ৰোগৰো চিকিৎসা প্ৰদান কৰো। কাছাৰ কেন্সাৰ চিকিৎসালয়ৰ ডাঃ ৰবি কান্নানক আমি মাতি আনো। পদ্মশ্ৰী কান্নান ডাঙৰীয়াই ৰোগীগৰাকীক নিজে পৰীক্ষা কৰে আৰু সুস্থ বুলি আমাক জানিবলৈ দিয়ে।’-এইদৰে কয় স্বাস্থ্যমন্ত্ৰী হিমন্তই।

বৃহস্পতিবাৰৰ দিনটোত নিজামুদ্দিন অঞ্চলৰ পৰা অহা লোকসকলক সম্পূৰ্ণৰূপে নিৰীক্ষণত ৰাখিছিল বুলিও সংবাদ মেলত সদৰী কৰে মন্ত্ৰীগৰাকীয়ে। ভাৰত চৰকাৰে প্ৰেৰণ কৰা নিজামুদ্দিন অঞ্চলৰ মোবাইল টাৱাৰৰ জৰিয়তে কৰা ট্ৰেচিঙৰ সহায়ত লাভ কৰা ৪৫৬ জন লোকৰ তালিকাৰ লগতে স্বেচ্ছাই যোগাযোগ কৰা প্ৰশাসনে বিচাৰি উলিওৱা আৰু ২৭৬ জন লোকৰ সন্ধান পোৱাৰ কথাও জনাই মন্ত্ৰী শৰ্মাই। 

নিজামুদ্দিনৰ পৰা ঘূৰি অহা নাই ২২৬ জন

দিল্লীৰ নিজামুদ্দিন অঞ্চললৈ যোৱা ২২৬ গৰাকী লোক অসমলৈ ঘূৰি অহা নাই বুলি জানিব পৰা হোৱাৰ কথাও সংবাদমেলত অৱগত কৰে মন্ত্ৰীগৰাকীয়ে। 'ভাৰত চৰকাৰে দিয়া তালিকা আমি বিচাৰি পোৱা লোকৰ পিছত আমাৰ টাৰ্গেট সংখ্য হৈ পৰে ৭৩২ গৰাকী। এতিয়ালৈ ঘূৰি নহা ২২৬গৰাকীক প্ৰাৰম্ভিক অনুসন্ধানত বাদ দিয়াৰ পিছত বিচাৰিবলগীয়া লোকৰ সংখ্যা হৈ পৰে ৫০৬ গৰাকী। ইয়াৰে ৪৮৮ গৰাকী লোকৰ সৈতে আমি সম্পৰ্ক স্থাপন কৰিবলৈ সমৰ্থ হৈছো।’-আজিৰ দিনটোত আৰু ১৫ জন মান লোকক বিচাৰি পালেই প্ৰথম বিচাৰিবলগীয়া লোকৰ তালিকাখন শেষ হৈ যাব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়।   

অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত কিমান তড়িৎ গতিৰে কাম অব্যাহত ৰাখিছে সেয়া লোকসকলক বিচাৰি উলিয়াবলৈও সমৰ্থ হোৱাটোৱে প্ৰমাণ কৰে বুলিও সংবাদমেলত দাবী কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। বিচাৰি উলিয়াবলৈ সমৰ্থ হোৱা ৪৮৮ জনৰ ৩৯৫ জন লোকক কোৱাৰেণ্টাইনত ৰখাৰ লগতে সেইসকলৰ ৩৬১ জনৰ নমুনা কৰ’না টেষ্টৰ বাবে সংগ্ৰহ কৰা হোৱাৰ কথাও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এইসকল লোকৰ কৰ’না টেষ্টৰ ৰিপ’ৰ্ট পোৱা যাব কাইলৈ পুৱাৰ ভাগত।

নিজামুদ্দিনক বাদ দিও আন লোসকলৰো নমুনা পৰীক্ষা কৰি থকা হৈছে বুলিও জনায় মন্ত্ৰীগৰাকীয়ে। 'আজি পৰ্যন্ত নিজামুদ্দিনৰ ঘটনাক বাদ দি ৯৫১ জন লোকৰ টেষ্ট কৰা হৈছে। ইয়াৰে অধিকাংশই নিগেটিভ পোৱা গৈছে আৰু ৯৮টাৰ ৰিপ’ৰ্ট পাবলৈ বাকী আছে। অসমৰ বাহিৰত কিছু অসমৰ লোক আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে আৰু সেইবোৰ চালি-জাৰি চাই তেওঁলোকৰ সস্পৰ্শলৈ অহা লোক ইয়ালৈ ঘূৰি আহিছে নেকি তাৰ অনুসন্ধান কৰি আছো। আমাৰ বিভাগে তড়িৎ গতিৰে কাম কৰিছে।’-নিজামুদ্দিনৰ ঘটনাৰ প্ৰভাৱ নাইকিয়া কৰিবলৈ চৰকাৰে দ্ৰুত গতিত কাম কৰি আছে বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কয়।

দীঘলীয়া সংগ্ৰামৰ বাবে এইদৰে সাজু হৈছে মন্ত্ৰী হিমন্ত

ভেকচিন প্ৰস্তুত নোহোৱালৈকে দীঘলীয়া সময়ৰ বাবে সংগ্ৰাম কৰি যাবলৈ সকলোৱে প্ৰস্তুত থাকিব লাগিব বুলিও আজিৰ সংবাদ মেলত সদৰী কৰে মন্ত্ৰী হিমন্তই। ইয়াৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আইচিইউ ভেণ্টিলেৰৰ সংখ্যা পূৰ্বৰ ৬০ খনৰ পৰা ১৬২খনলৈ বৃদ্ধি কৰা হৈছে বুলি জনায় মন্ত্ৰীগৰাকীয়ে। এই আটাইকেইখনেই সম্প্ৰতি ক’ভিড-১৯ৰ বাবে সংৰক্ষণ কৰি ৰখা হৈছে। 

১০ কোটি ১৩ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা ৬ মহলীয়া কমপ্লেক্স এটাও দুই-তিনিমাহ পিছতে পোৱা যাব বুলিও জনায় মন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠা এই কমপ্লেক্সত অহা ১৫ দিনৰ ভিতৰত আৰু ৫০খন আইচিইউ বেড স্থাপন কৰা হ’ব বুলি সদৰী কৰে মন্ত্ৰী হিমন্তই। 'এইবাৰ আমি বিহু পালন কৰিব পাৰিম নে নাই নাজানো। কিন্তু বিহুৰ আগে আগে জিএমচিএইছত আইচিইউৰ সংখ্যা ২০০খনতকৈ অধিক হৈ পৰিব।’- জিএমচিএইছত নতুন চিটিস্কেন আৰু এটা নতুন কেথলেটৰ সংযোজন ঘটোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰী হিমন্তই কয়।

ইয়াৰ লগতে আজিৰ সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে ভঙাগড়ৰ দিশৰ পৰা আহিলে সোফালে থকা জিএমচিএইছৰ কৰ্কট ৰোগৰ চিকিৎসালয়খনৰ কাষতে নিৰ্মাণ হৈ থকা চিকিৎসালয় ভৱনৰ কাম অচিৰেই সম্পূৰ্ণ হৈ পৰিব বুলিও জনায়। তেওঁ কয়, 'এতিয়া জিএমচিএইছৰ সোফালেও অতি সুন্দৰ আৰু অত্যাধুনিক হৈ পৰিব। ইয়াত ছুপাৰস্পেচিয়েলিটি সেৱা উপলব্ধ হ’ব। অৰ্থাৎ বাওফালতকৈও ডাঙৰ সুসজ্জিত মেডিকেল কলেজ এখন সোফালে আৰম্ভ হৈছে। সোফাল আৰু বাওফালৰ মাজত এস্কেলেটৰসহ ব্ৰীজ আৰু তলেৰেও অহা-যোৱাৰ ব্যৱস্থা থাকিব। অক্টোবৰৰ ভিতৰত এয়া সম্পূৰ্ণ হৈ পৰিব।’

আজিৰ সংবাদ মেলত এই চিকিৎসালয় নিৰ্মাণৰ বাবে অসম আৰোগ্য নিধিলৈ সকলোকে দান-বৰঙণি আগবঢ়াবলৈকো আহ্বান জনায় মন্ত্ৰী হিমন্তই। আনহাতে কৰ’না আক্ৰান্ত ৰোগীসকলক চিকিৎসা প্ৰদানত সহায়ক হোৱাকৈ চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ বাবে ১১ হাজাৰ পিপি কিট আৰু  ১লাখ এন ৯৫ মাস্কৰ ব্যৱস্থা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কৰা হৈছে বুলিও জনায় মন্ত্ৰীগৰাকীয়ে। 'ডাক্তৰ, নাৰ্ছ, টেকনিচিয়ান আৰু হৰিজন কোনেও চিন্তা কৰাৰ প্ৰয়োজন নাই। সকলোৱে ৰাইজক সেৱা আগবঢ়াব পাৰে। অসমৰ কৰ’না ৰোগী থকা চিকিৎসালয়কেইখনত চিকিৎসা কৰ্মীসকলে সেৱাৰ মনোভাৱেৰে কাম কৰি আছে। সকলোকে আমি ধন্যবাদ জনাইছো।’-মন্ত্ৰীগৰাকীৰ মন্তব্য।