মৰিয়নীঃ নাজিৰাৰ মেজেঙাত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিয়নীত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মঙলবাৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ।

হিমন্ত বিশ্ব শৰ্মাক সংগ দিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই। সভাত উপস্থিত মৰিয়নীৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষ আৰু মৰিয়নীৰপৰা তিতাবৰৰ বৰহোলাৰ এখন নিৰ্বাচনী সভালৈ বুলি মন্ত্ৰীগৰাকী পুনৰ ৰাওনা হয়৷

সন্ধিয়া মন্ত্ৰীগৰাকীয়ে তপন গগৈ আৰু কামাখ্যা প্ৰসাদ তাছাক লগত ১০ কিমি পথ পদযাত্ৰা কৰি যোৰহাটত প্ৰচাৰ চলায়৷ মৰিয়নীত প্ৰায় ২০০ লোকে বিজেপিত যোগদান কৰে৷ লগতে সুলভ মূল্যত কেৰাচিন আৰু চেনি চাহ বাগিচাৰ লোকক বিজেপি চৰকাৰে দি থকা বুলি মন্তব্য কৰে৷

লগতে চাহ জনগোষ্ঠীয় মহিলা সকলে সন্তান জন্ম দিয়াৰ সময়ত যদিহে তেজৰ বাবে অসুবিধাত নপৰিবলৈ বিশেষ ব্যৱস্থা কৰা হৈছে  তেজ যোগানৰ ব্যৱস্থা কৰা হৈছে৷