গুৱাহাটীঃ সমগ্ৰ বিশ্বৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ অন্তত অসমতো কৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। এনে পৰিস্থিতিত ৰাজ্যবাসীক কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ লগতে আক্ৰান্তসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ যথাসম্ভৱ চেষ্টা অব্যাহত ৰখা দেখা গৈছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক। দিনে-নিশাই ঘূৰি ফুৰিছে ইখনৰ পিছত সিখনকৈ হাস্পতাল। এনে পৰিপ্ৰেক্ষিতত সকলোৰে মনলৈ প্ৰশ্ন আহিছে যে মন্ত্ৰীগৰাকীয়ে সাৱধানতাৰ বাবে কি কৰিছে?

বহুতৰে মনত উদয় হোৱা এই প্ৰশ্নসমূহৰ উত্তৰ বুধবাৰে নিশা ৮ বজাত 'প্ৰাগ নিউজ’ নামৰ এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। সাক্ষাৎকাৰটোত সাক্ষাৎ গ্ৰহণ কৰা সাংবাদিকজনৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে এইকেইদিন তেওঁ দিনটোত কেবাবাৰো হাত ধুবলৈ লৈছে। 'এইকেইদিন মোৰ ঘৰত ইমান চিন্তা হোৱা নাই। কিন্তু হাস্পতালত ৰোগী আহিলে অলপ সাৱধানতা ল’ব লাগিব যাতে মই কেৰিয়াৰ হৈ নপৰো। আমাৰ কোৱাৰ্টাৰটো দুমহলীয়া। গ্ৰাউণ্ড আৰু ফাৰ্ষ্ট ফ্ল’ৰ। প্ৰয়োজন হ’লে গ্ৰাউণ্ড ফ্ল’ৰত থাকিবলৈ সকলো ৰেডি কৰি থৈছো। ঘৰত থাকিলে বেছিভাগ মই তলতে থাকো। এবাৰ বা দুবাৰহে ওপৰলৈ যাও।’-মন্ত্ৰীগৰাকীয়ে কয়।

সাক্ষাৎকাৰটোত হিমন্তই আৰু কয় যে এইকেইদিনত চিকিৎসকসকলৰ সৈতে যিখিন কথা পাতিলে তাৰ পৰা তেওঁ বুজি পাইছে যে এনেয়ে মাস্ক পিন্ধাৰ বেছি প্ৰয়োজন নাই যদিহে ১ মিটাৰ দূৰৈত থিয় হৈ থাকিব পাৰে। 'গোটেই বেমাৰটোৱেই শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখি বাধা দিব পাৰি। এতিয়ালৈকে জানিব পৰা হোৱা মতে চকুৰে, মুখেৰে আৰু নাকেৰে এই ভাইৰাছ প্ৰৱেশ কৰে। সেইকাৰণে ১ মিটাৰ দূৰৈত থাকিলে ড্ৰপলেট, থুঁইৰ ছিটিকনিটো আনজন মানুহৰ গালৈ নাযায়। যদিহে প্ৰফেশ্যনেল বা আন কিবা কাৰণত সেইটো কণ্ট্ৰ’ল কৰিব নোৱাৰে তেতিয়াহ’লে আপোনাক মাস্কৰ প্ৰয়োজন হ’ব।’-মন্ত্ৰী হিমন্তই ব্যাখ্যাত্মকভাৱে কয়।

আনহাতে হাত ধোৱা সন্দৰ্ভত ক’বলৈ গৈ তেওঁ কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়, 'হাতখন আমাৰ নাক আৰু চকুলৈ গৈয়েই থাকে। সেয়ে সঘনে ধুব লাগে। এতিয়া মই ভাত খাম, হাতখন ধুম। এতিয়া মোৰ চকুতো খজুৱাইছে। নখজুৱাই বা নাকত কিবা লাগিলে আতৰাই নিদি হাতখন ধুব লাগিব।’

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে হাত ধোৱাৰ গুপুত মন্ত্ৰৰ কথা সদৰী কৰে। 'হাত ধোৱাৰ কথা কেবাটাও। লিকুইডবিলাকো ল’ব পাৰে। চাবোন আৰু পানীয়েই আটাইতকৈ ভাল। এইকেইদিন কেতিয়াবা মোৰ হাত ধোৱা ৫০ বাৰতকৈয়ো অধিক হৈছে কামৰ ওপৰত ভিত্তি কৰি। যোৱা ১৫ দিনত মিনিমাম ফিফটি টাইমছ হাতখন মই ধুই আছো। হাতখন যেনেকৈ-তেনেকৈ ধুলে নহ’ব। ক’ভিড হোৱাৰ দিনাখনেই প্ৰথম এটা কাম কৰিছো, সেয়া হৈছে মই আঙঠিকেইটা খুলি দিছো। মোৰ হাতত ৫টা আঙঠি আছিল, গোটেইকেইটা খুলি পেলাইছো। কাৰণ আঙঠিৰ তলটোতো মই ছাফা কৰিব নোৱাৰো। গতিকে ফাৰ্ষ্ট প্ৰিকুৱেশ্যনটো হ’ল আঙঠিকেইটা খুলি দিয়ক।’- আঙঠি খুলি ইখন হাতৰ আঙুলিৰ ফাকত আনখন হাত সুমুৱাই দি ঘহি ঘহি ধুব লাগে বুলি দেখুৱাই দি নিউজ চেনেলটোৰ সাক্ষাৎকাৰটোত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। 

উল্লেখ্য যে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও দুয়োখন হাততে কেবাটাও আঙঠি পিন্ধি আহিছে। এই লৈ বিভিন্ন সময়ত ছ’চিয়েল মিডিয়াত একাংশ লোকে মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰাও দেখা গৈছে। কৰ’না ভাইৰাছৰ প্ৰভাৱত বহুতেই হাত ধুবলৈ মন্ত্ৰী হিমন্তৰ দৰেকৈ আঙঠি খুলি পেলাইছে যদিও ১ এপ্ৰিললৈকে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা ফটো-ভিডিঅ’সমূহ চাই নিশ্চিত হ’ব পৰা গৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়ালৈকে হাতৰ আঙঠিসমূহ খুলি পেলোৱা নাই।