newsnextone.com | গুৱাহাটীঃ মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাক দেওবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ যোৱা দুদিন ধৰি সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত আত্মগোপন কৰি থকা অৱস্থাত মহানগৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে৷  

শুকুৰবাৰে কেইবাশতাধিক লোকে গণেশগুৰিৰ মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাক গ্ৰেপ্তাৰৰ দাবীত ডিলাৰটোৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ বহিৰাগত বণিয়াৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি প্ৰতিবাদকৰীসকলে মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাক গ্ৰেপ্তাৰৰ দাবী জনায়৷ গনেশগুৰিৰ মুকেশ হুণ্ডাইৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তিনি সংগঠনে নিৰ্যাতিতা কমল দাসক ক্ষতিপূৰণ দিয়াৰ লগতে আন আন কৰ্মচাৰীসকলক সুৰক্ষা প্ৰদানৰ দাবী জনায়৷

মুকেশ হুণ্ডাইৰ সঞ্চালক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে অসমৰ ৰাইজক ক্ষমা খোজাৰ দাবী জনায়৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসমীয়া যুৱ মঞ্চ আৰু সদৌ অসম উন্নয়ন সমিতিৰ মহানগৰ সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ বহিৰাগতৰ দাদাগিৰী নচলিব বুলি স্পষ্ট কৰে৷ 

উল্লেখ্য যে, বৃহস্পতিবাৰে মহানগৰীৰ মাজমজিয়াৰ গণেশগুৰিৰ মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাই অডিটৰ কমল দাসে ১০ গৰাকী গ্ৰাহকৰ ফাইল অডিত সম্পূৰ্ণ কৰিব নোৱাৰাৰা বাবেই থলুৱা কৰ্মচাৰীজনক কাণত ধৰাই আঁঠু কঢ়াই থৈছিল৷

মুকেশ হুণ্ডাইৰ চাৰ্ভিচ চেণ্টাৰৰ সফলতাৰ বাবে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে৷ অনুষ্ঠানত মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাই কেক কাটিবলৈ সাজু হৈছিল৷ তাৰ পূৰ্বে ১১ বছৰ ধৰি কৰ্মৰত অডিতৰ কমল দাসক দায়িত্ব পালনত গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰি অভব্য-অশ্ৰাব্য ব্যৱহাৰ কৰে৷ ইমানতে ক্ষান্ত নাথাকি আঠুঁ কাঢ়ি থাকিবলৈ কয়কৰ্মচাৰীজনক৷ কৰ্মচাৰীগৰাকীয়ে আঠু কাঢ়িবলৈ নিবিচৰাত ভাবুকি প্ৰদান কৰি আঠু কাঢ়িবলৈ বাধ্য কৰে৷ অসমীয়া কৰ্মচাৰীজনক কাণত ধৰাই আঁঠু কঢ়াই ৰাখি মালিক ঋষভ হিম্মৎসিংকাই কেক কাটে৷ এই খবৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ 

আনহাতে মুকেশ হুণ্ডাইৰ নিৰ্যাতিত কৰ্মচাৰী কমল দাসে শুকুৰবাৰে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে মালিক ঋষভ হিম্মৎসিংকাৰ বিৰুদ্ধে। গুৱাহাটী আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰু দেওবাৰে মুকেশ হিম্মৎসিংকাৰ মালিকক গ্ৰেপ্তাৰ কৰে৷