newsnextone.com | গুৱাহাটীঃ বহিৰাগত বণিয়াই খিলঞ্জীয়া অসমীয়াক দুৰ্ব্যৱহাৰ কৰাৰ ঘটনাক লৈ ৰাজ্যৰ পৰিৱেশ উত্তাল হৈ থকাৰ সময়তে সোমবাৰে মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মতসিংকাৰ পৰিয়ালে এখন সংবাদ মেল আয়োজন কৰি ঘটনাৰ বাবে ৰাজহুৱাকৈ ক্ষমা বিচাৰে৷ 

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ গণেশগুৰিৰ মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাই কমল দাস নামৰ এজন থলুৱা কৰ্মচাৰীক কাণত ধৰাই আঁঠু কঢ়াই থৈছিল বৃহস্পতিবাৰে৷ তাৰ পিছতে এই ফটো ছ’চিয়েল মিডিয়াত প্ৰকাশ পায়৷ ফটোখন ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ 

জানিব পৰা মতে, বৃহস্পতিবাৰে গণেশগুৰিৰ মুকেশ হুণ্ডাইৰ চাৰ্ভিচ চেণ্টাৰৰ সফলতাৰ বাবে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে৷ অনুষ্ঠানত মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাই কেক কাটিবলৈ সাজু হৈছিল৷ তাৰ পূৰ্বে এগৰাকী অডিতৰে দায়িত্ব পালনত গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰি অভব্য-অশ্ৰাব্য ব্যৱহাৰ কৰে৷ ইমানতে ক্ষান্ত নাথাকি আঠুঁ কাঢ়ি থাকিবলৈ কয় কৰ্মচাৰীজনক৷ কৰ্মচাৰীগৰাকীয়ে আঠু কাঢ়িবলৈ নিবিচৰাত ভাবুকি প্ৰদান কৰি আঠু কাঢ়িবলৈ বাধ্য কৰে৷

এই ঘটনাৰ পিছত বহিৰাগত বণিয়াৰ অসমীয়া খিলঞ্জীয়াৰ ওপৰত চলোৱা নিৰ্যাতনত ক্ষুব্ধ হৈ পৰা জনতাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মুকেশ হুণ্ডাইৰ শ্ব’ৰুমৰ সন্মুখতো বিক্ষোভ প্ৰদৰ্শন কৰে৷ আনহাতে অসমীয়াক নিৰ্যাতন কৰা ঋষভ হিম্মতসিংকা নামৰ ব্যৱসায়ীজনক শীঘ্ৰে আটক কৰাৰো দাবী জনায় বিভিন্ন দল-সংগঠনে৷

ঘটনাৰ পিছত নিৰ্যাতিত কমল দাস নামৰ মুকেশ হুণ্ডাইৰ কৰ্মচাৰীজনে সঞ্চালক ঋষভ হিম্মতসিংকাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে দেওবাৰে সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত আত্মগোপন কৰি থকা ধৃত ঋষভক আৰক্ষীয়ে আটক কৰে৷  

আৰক্ষীয়ে ঋষভ হিম্মতসিংকা নামৰ বহিৰাগত বণিয়াজনক আটক কৰাৰ পিছতে সোমবাৰে সংবাদ মেল আয়োজন কৰে হিম্মতসিকা পৰিয়ালে৷ পৰিয়ালৰ হৈ সংবাদলত উপস্থিত থাকে ঋষভ হিম্মতসিংকাৰ ভাতৃ নীতিন হিম্মতসিংকা, মাতৃ কবিতা হিম্মতসিংকা আৰু শ্ব’ৰুমটোৰ প্ৰবন্ধক ধীৰাজ দাস কাশ্যপ৷ 

মুকেশ হুণ্ডাই নামৰ শ্ব’ৰুমটোত সংঘটিত হোৱা ঘটনাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে ঋষভৰ মাতৃ কবিতা হিম্মতসিংকাই৷ তেওঁ সংবাদমেলত ঋষভ হিম্মতসিংকাই কৰা ব্যৱহাৰৰ বাবে ক্ষমা বিচাৰি কয় যে এই ঘটনাৰ পৰা ঋষভে এটা উচিত শিক্ষা লাভ কৰিছে৷ তেনে ভুল দ্বিতীয়বাৰ নকৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে গাড়ী ব্যৱসায়ী ঋষভৰ মাতৃ কবিতা হিম্মতসিংকাই৷