Printer-friendly version

"ভাৰতবৰ্ষ অতীজৰে পৰা হিন্দু ৰাষ্ট্ৰ আছিল, বৰ্তমানেও এখন হিন্দু ৰাষ্ট্ৰ আৰু ভৱিষ্যতেও সদায় হিন্দু ৰাষ্ট্ৰ হৈ থাকিব।" এই মন্তব্য পূৰ্বৰ কংগ্ৰেছ দলৰ নলবাৰীৰ বিধায়ক আৰু বৰ্তমানৰ বিজেপি দলৰ নেতা জয়ন্ত মল্ল বৰুৱাৰ। তেওঁৰ মতে ভাৰতত থকা প্ৰতিজন মানুহ হিন্দু, হিন্দু কোনো ধৰ্ম নহয়, হিন্দু এটা সংস্কৃতি আৰু এই হিন্দু সংস্কৃতি সকলোৱে মানি চলিব লাগিব।

DY365 টিভি চেনেল আৰু ফেচবুকত এই মন্তব্য দিয়া বাবে সত্যতা নিৰূপণ কৰিবলৈ দিছপুৰ থানাত এটা গোচৰ দিছিলো। অষ্টম, নৱম শ্ৰেণীৰ সমাজ অধ্যয়নত পাইছিলো ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। মোৰ সাধাৰণ জ্ঞানেৰে যি জানো সেই অনুযায়ী পূৰ্বতে ভাৰতত বহুত ৰাজ্য আছিল। এই ৰাজ্যবোৰ শাসন কৰিছিল বিভিন্ন হিন্দু-মুছলমান আৰু বৌদ্ধ ৰজাই।

মই এজন নাস্তিক। অসমত প্ৰথম নাস্তিক সন্মিলন আয়োজনৰ মই এজন আহ্বায়ক। বিগত দিনত মইয়ে কিজানি  ইছলাম ধৰ্মৰ আওঁপুৰণি নীতি, অবৈজ্ঞানিক চিন্তা আৰু অযুক্তিকৰ কথাৰ বেছি সমালোচনা কৰিছোঁ। তাৰ বাবে মোৰ জীৱনৰ প্ৰতি ভাবুকিও আহিছে। পৰিস্থিতি এনে হৈ পৰিছে যে মই ঘৰলৈকে যাব পৰা নাই। গাঁৱলৈ গ’লেই মাৰি-কাটি শেষ কৰি দিয়া হ’ব বুলি বাৰম্বাৰ মোলৈ ভাবুকি আহিছিল।

ইয়াৰ আগলৈকো যদি উভতি যাও তেন্তে দেখিম যে বৈদিক যুগৰ বহু পূৰ্বৰে পৰা ভাৰতত জন বসতি আছিল। পিছে সেই লোকসকল আছিল অনাৰ্য মূলৰ। পৰৱৰ্তী সময়ত ভাৰতলৈ আৰ্যসকলৰ আগমন ঘটে। আৰ্যসকলে অনাৰ্যসকলক দমন কৰি দাসৰ দৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। বিজুলী-ঢেৰেকনি, সৰ্প, ধুমুহা, বৰষুণ, ভূইকপ আদিৰ দৰে প্ৰাকৃতিক পৰিঘটনা তথা দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ পূজা-পাৰ্বণ, যাগ-যজ্ঞ আদি ব্যৱস্থাৰ প্ৰচলন হ’বলৈ আৰম্ভ কৰে। কাল-ক্ৰমত ই সংগঠিত ৰূপ লৈ ব্ৰাহ্মণ্যবাদৰ জন্ম দিয়ে। আৰম্ভ হয় বৈদিক যুগ। সেই বৈদিক যুগতে বৈদিক প্ৰথাৰ দমন নীতিৰ বিৰুদ্ধে চলিছিল প্ৰতিবাদ। উদাহৰণ চাৰ্বাক দৰ্শন।

সি যি নহওক এনেকৈয়ে সনাতনৰ পৰা গৈ সিন্ধুৰ পাৰৰ বৈদিক সংস্কৃতিয়ে নাম পায় হিন্দু সংস্কৃতি। অৰ্থাত এয়া সুস্পষ্ট যে জন বসতি আৰম্ভ হোৱা সেই প্ৰাৰম্ভিক অৱস্থাত ভাৰত কোনো কাৰণতে এখন হিন্দু ৰাষ্ট্ৰ নাছিল (সিন্ধু এখন নদী আছিল, আমি সিন্ধু নদীৰ পাৰৰ মানুহ। আমাৰ দেশৰ নাম ভাৰতবৰ্ষ)। বৰ্তমানৰ সংবিধান মতেওঁ ভাৰত এখন হিন্দু ৰাষ্ট্ৰ নহয় আৰু ধৰ্মনিৰপেক্ষ মানুহ থকা লৈকে ভৱিষ্যতেও ভাৰত হিন্দু ৰাষ্ট্ৰ নহয়। আমাৰ ভাৰতবৰ্ষ বিভিন্ন জাতি-ধৰ্মৰ মানুহৰে বৈচিত্ৰপূৰ্ণ হৈ শান্তিৰে থকাটো সদায় বিচাৰো।

জয়ন্ত মল্ল ডাঙৰীয়াই কৈছে যে ‘হিন্দু’ ধৰ্ম নহয়। 'হিন্দু' যদি ধৰ্ম নহয় তেন্তে প্ৰতিজন হিন্দু সংস্কৃতি(!) মানি চলা প্ৰতিজন মানুহে চৰকাৰী, বেচৰকাৰী যিকোনো প্ৰ-পত্ৰ পূৰণ(from filup) কৰোঁতে বা নথি পত্ৰত ধর্ম (Religion) টো "হিন্দু" বুলি কিয় লিখে? সংস্কৃতি শব্দৰ অৰ্থ বহুত বহল। মন্দিৰলৈ যোৱা, কপালত ফোঁট লোৱা, সিৰত সেন্দূৰ লোৱা, পূজা-পাৰ্বণ, যাগ-যজ্ঞ আদি হিন্দু সংস্কৃতিৰ ভিতৰত নপৰিবনে? কি যুক্তিত এজন নাস্তিক, খ্ৰীষ্টান, বৌদ্ধ বা মুছলমানে এই হিন্দু সংস্কৃতি মানি চলিব? জয়ম্ত মল্ল বৰুৱাই আৰু কৈছে যে "যিজন মানুহ যি ধৰ্মৰ উপাসক তেওঁ সেই ধৰ্মৰ পক্ষত থাকিব"। তেওঁৰ কথাত এয়া সু-স্পষ্ট হৈ পৰে যে তেওঁ এটা ধৰ্মৰ পক্ষত আছে।

সেয়ে তেওঁলোকৰ দৰে বহুতে ভাৰতত থকা প্ৰতিজন মানুহে গীতা অধ্যয়ন আৰু সংস্কৃত ভাষা শিকাটো বাধ্যতামূলক হোৱাতো মনে-প্ৰাণে কামনা কৰে। ভুৱা যুক্তি সাজি সংস্কৃত ভাষাৰ গ্ৰন্থত আধুনিক বিজ্ঞানৰ সূত্ৰসমূহ লুকাই আছে বুলি দাবী কৰে। কোৰাণ আৰু আৰবী ভাষাক লৈ এই একেই দাবী কৰে গোড়া মুছলমানসকলে।

কিছুদিন আগতে মোৰ ফেচবুকৰ বন্ধু তালিকাত থকা এজনৰ টাইমলাইনত পোৱা ষ্টেটাছ এটালৈ মনত পৰিছে। ষ্টেটাছটো আছিল এনেধৰণৰঃ ‘আমাক ৰামায়ণ-মহাভাৰতৰ যুগৰ ভাৰতবৰ্ষ নালাগে। আমি মধ্যযুগীয় ধ্যান-ধাৰণাৰ মাজত জীয়াই থাকিব নিবিচাৰো। আমাক লাগে আধুনিক ভাৰতবৰ্ষ। য'ত ধৰ্ম চৰ্চাৰ পৰিৱৰ্তে বিজ্ঞান চৰ্চাই গুৰুত্ব পাব। য'ত সকলোৱে মুক্তমনে জীয়াই থকাৰ অধিকাৰ পাব। আমি অতীতলৈ উভতি যাব নিবিচাৰো। অতীতৰ পৰা প্ৰয়োজনীয় শিক্ষাহে ল'ব বিচাৰো। অতীতত ভাৰতৰ মানুহৰ খাদ্যভ্যাস, পোছাক, সংস্কৃতি কি আছিল সেইবোৰ আমাৰ বিচাৰ্য নহয়। এতিয়া কেনেকৈ থাকিলে ভাল, এতিয়াৰ সময়ত কোনটো অপৰিহাৰ্য তাৰ প্ৰতিহে আমি গুৰুত্ব দিয়া উচিত। অতীতত আমাৰ সকলো আছিল বুলি কৰি থকা গৌৰৱ আৰু মিছা অহংকাৰে আমাক বৰ্তমানৰ পৃথিৱীখনত আওপুৰণি কৰি তুলিব। অতীতক আমি সন্মান জনাম, কিন্তু সেই অতীতক উভতাই আনিব বিচৰাতো হ'ব মূৰ্খামি। আহক আমি সকলোৱে অতীতকামী মনোভাৱ পৰিহাৰ কৰি সঁচা অৰ্থত একো একোজন আধুনিক ভাৰতীয় হ'বলৈ যত্ন কৰো।’ সঁচাকৈয়ে আমি অতীতক সন্মান কৰিব লাগে ঠিকেই, কিন্তু সেই অতীতৰ ভাষা-ধৰ্ম-সংস্কৃতিক যদি বৰ্তমানলৈ ওভতাই আনিবলৈ দাবী-ধমকি, হেঁচা বা আন কোনো বৌদ্ধিক কু-চক্ৰান্ত কৰো তেন্তে সেয়া হ’ব চূড়ান্ত মূৰ্খামি।

আকৌ প্ৰসংগলৈ আহিছো। ধৰি ল’লো হিন্দু এটা ধৰ্ম নহয়, কেৱল সংস্কৃতি। পিছে হিন্দু এটা সংস্কৃতি বুলি যুক্তি দিব বিচৰাসকলে হিন্দু এটা ধৰ্ম বুলি মানুহৰ তেজে তেজে যে সোমাই গৈছে সেয়া অস্বীকাৰ কৰিব পাৰিবনে? হিন্দু বুলি ক’লে মানুহৰ মনলৈ যে প্ৰথমে ধৰ্মৰ কথাটোহে আহে সেয়া তেওঁলোকে নহয় বুলি ক’ব পাৰিবনে? গতিকে এয়া সু-স্পষ্ট যে হিন্দু সংস্কৃতি সকলোৱে মানি চলিব লাগিব বুলি ক’লে মানুহৰ মনত বিৰূপ প্ৰতিক্ৰিয়া হোৱাতো তেনেই স্বাভাৱিক।

এটা কথা ঠিক যে ধৰ্মৰ সৈতে সংস্কৃতিৰ অবিচ্ছেদ্য সম্পৰ্ক আছে। সেয়ে প্ৰতিটো ধৰ্মাৱলম্বী লোকৰ সংস্কৃতি সুকীয়া সুকীয়া হয়। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম আমাৰ দেশ। আমাৰ দেশত ভিন ভিন ধৰ্মাৱলম্বী লোকৰ সংমিশ্ৰণত গঢ়ি উঠিছে এক বাৰেৰহণীয়া সংস্কৃতি। আৰু এই বাৰেৰহণীয়া সংস্কৃতিয়েই হৈছে ভাৰতীয় সংস্কৃতি। এনে ক্ষেত্ৰত এই ভাৰতীয় সংস্কৃতিক এটা বিশেষ ধৰ্মৰ নামেৰে নামাকৰণ কৰিবলৈ যোৱাতো কোনো যুক্তিবাদী লোকৰ পক্ষে গ্ৰহণযোগ্য হ’ব নোৱাৰে।

ইছলাম ধৰ্মৰ সংস্কৃতি ইৰাক, ইৰাণ, ছিৰিয়া, নাইজেৰিয়া, পাকিস্তান, আফগানিস্তান, বাংলাদেশ আনকি ভাৰততো জাপি দিয়াৰ বাবে ISIS-এ জোৰ প্ৰয়োগ কৰি আহিছে। যদি ভাৰতবৰ্ষতো হিন্দু সংস্কৃতি সকলোৰে ওপৰত এনেদৰে কৌশলৰে জাপি দিয়াৰ চেষ্টা কৰে তেন্তে ISIS আৰু হিন্দু সংস্কৃতি মানিবই লাগিব বুলি কোৱাসকলৰ মাজত পাৰ্থক্য ক'ত? 

জয়ন্ত মল্ল বৰুৱা এজন বিজেপিৰ ভাল নেতা হৈ সংবিধানত নথকা কথা কৈছে যেন লাগে । তেওঁৰ মন্তব্যত যদি সাম্প্ৰদায়িকতাৰ গোন্ধ নাথাকিলেহেতেন, তেন্তে আৰক্ষীয়ে মোৰ গোচৰ কিয় লৈছে? তাৰ পিছত আৰক্ষীয়ে গোচৰটোত আন ধৰ্মৰ মানুহক আঘাত দিয়া আইনৰ ধাৰা কিয় সংযোজন কৰিছে?

ইয়াৰ পিছতো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ১৯ ফেব্ৰুৱাৰীৰ ফেচবুক ষ্টেটাছত কৈছে যে তেওঁ তেওঁৰ মতত অটল হৈ আছে। মোৰ গোচৰ সন্দৰ্ভত তেওঁ ক’ব বিচাৰিছে যে কোনো মুছলমানে হিন্দু সংস্কৃতিৰ ওপৰত সাম্প্ৰদায়িকতাৰ কালিমা সানিবলৈ অপ চেষ্টা চলাইছে। "ইছলামক তোষামোদ কৰাটোক ধৰ্মনিৰপেক্ষতা নুবুজায়...। প্ৰকৃতাৰ্থত নাস্তিক লোকৰ বাহিৰে কোনো মানুহেই ধৰ্মনিৰপেক্ষ হ’ব নোৱাৰে।"-এই কথাখিনি জয়ন্ত মল্ল বৰুৱাৰ।

আপোনালোকে জানে যে ইছলাম ধৰ্মৰ পৰিয়ালত জন্ম হ'লেও বৰ্তমান মই এজন নাস্তিক। অসমত প্ৰথম নাস্তিক সন্মিলন আয়োজনৰ মই এজন আহ্বায়ক। বিগত দিনত মইয়ে কিজানি  ইছলাম ধৰ্মৰ আওঁপুৰণি নীতি, অবৈজ্ঞানিক চিন্তা আৰু অযুক্তিকৰ কথাৰ বেছি সমালোচনা কৰিছোঁ। তাৰ বাবে মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে। পৰিস্থিতি এনে হৈ পৰিছে যে মই ঘৰলৈকে যাব পৰা নাই। গাঁৱলৈ গ’লেই মোক মাৰি-কাটি শেষ কৰি দিয়া হ’ব বুলি বাৰম্বাৰ মোলৈ ভাবুকি আহিছিল। সি যি নহওঁক আজিলৈকে কিন্ত নাস্তিকতাৰ কথা ক’লেও মই কাকো ঈশ্বৰ-আল্লা-গডক অবিশ্বাস কৰিবলৈ বাধ্য কৰোৱা নাই। আনকি মোৰ পৰিয়াল-বন্ধু মহলৰো কাকোৱেই মই কোৱা নাই যে তোমালোকে ইছলাম/হিন্দু ত্যাগ কৰিব লাগিব।

ব্যক্তিগত কথা বেছিকৈ ক’ব নিবিচাৰো। মই দৃঢ়ভাৱে বিশ্বাস কৰো যে সকলোৰে বিবেক আছে। জয়ন্ত মল্ল ডাঙৰীয়াই পোষ্টটোত উল্লেখ কৰিছে যে "সকলোৰে প্ৰতি সমান দৃষ্টি ৰাখি মাননীয় প্ৰধান মন্ত্ৰী মোদী ডাঙৰীয়াই ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনত বহুৱাব বিচাৰিছে'। এই কথাষাৰলৈ আমি সমৰ্থন জনাইছো । কিন্তু যুক্তি সহকাৰে মই হাজাৰবাৰ ক’ব পাৰো যে হিন্দু ধৰ্মৰ লেবেল লগোৱা সংস্কৃতি এটা সকলোৰে ওপৰত জাপি দিব বিচাৰিলে সেয়া কাহানিও সৰ্ব গ্ৰহণযোগ্য নহয়, হোৱাতো সম্ভৱ নহয়। সেয়া কৰিবলৈ হ’লে হয় বলপূৰ্বকভাৱে কৰিব লাগিব, নতুবা আশ্ৰয় ল’ব লাগিব বৌদ্ধিক কূট-কৌশল আৰু আৱেগিক আতিশয্যাৰ। ইয়াৰ বিপৰীতে আমাৰ দেশৰ বাৰেৰহণীয়া সংস্কৃতিৰ কথা বুজাবলৈ ‘ভাৰতীয়’ শব্দটো প্ৰয়োগ কৰিলে সেয়া প্ৰতিজন লোকেই মানি ল’ব আৰু হাঁহিমুখে বৈচিত্ৰপূৰ্ণ ভাৰতীয় সংস্কৃতিত লীন যাব।

জয়ন্ত মল্ল ডাঙৰীয়াই আৰু কৈছে যে হিন্দুত্বই সমগ্ৰ বিশ্ববাসীকে আপোন বুলি ভাবে। ঠিক আছে সেয়া মানি ল'লো। পিছে ভাৰতীয় সংস্কৃতিক আওপকীয়াকৈ হ'লেও এটা ধৰ্মৰ লেবেল লগাই 'হিন্দু সংস্কৃতি' আখ্যা নিদিলে মহান ভাৰতীয় সংস্কৃতিয়ে সমগ্ৰ বিশ্ববাসীক আপোন বুলি ভাবিব নোৱাৰিব নেকি? বৰ্তমানৰ ভাৰতীয় সংস্কৃতিক 'হিন্দু সংস্কৃতি' শব্দ যুগলেৰে বুজালেহে ভাৰতে বিশ্বগুৰুৰ আসনত অধিষ্ঠিত হ'বলৈ সমৰ্থ হ'ব নেকি? যদি সেয়াই তেন্তে জয়ন্ত মল্ল ডাঙৰীয়াৰ লগতে তেওঁৰ মতৰ সমৰ্থকসকলক মই 'ভাৰতীয় সংস্কৃতি' আৰু 'হিন্দু সংস্কৃতি'ৰ মাজত পাৰ্থক্য আছে নে নাই সেয়া স্পষ্ট কৰি দিবলৈ আহ্বান জনালো। যদি পাৰ্থক্য আছে তেন্তে সেই পাৰ্থক্য় সবিস্তাৰে বৰ্ণনা কৰিবলৈকো মোৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ থাকিল। আৰু যদি পাৰ্থক্য নাই তেন্তে অপ্ৰয়োজনত ভাৰতীয় শব্দ আঁতৰাই তাৰ ঠাইত হিন্দু শব্দটো জোৰ-জবৰদস্তি প্ৰয়োগ কৰিবলৈ চেষ্টা চলাই থকাৰ কাৰণ কি সেয়াও ৰাজহুৱা কৰিবলৈ আহ্বান জনালো।

শেষত ইয়াকে কওঁ যে মই যদি মোৰ জনমভূমি ভাৰতক অযুক্তিকৰভাৱে কোনো সাম্প্ৰদায়িক কথাৰে অসন্মান কৰিছো তেন্তে তাৰ বাবে মোক ফাঁচী কাঠত ওলমালেও সেয়া বিনা দ্বিধাই হাঁহি হাঁহি মানি লম। কিন্তু আমাৰ দেশৰ বৈচিত্ৰপূৰ্ণ ভাৰতীয় সংস্কৃতিক এটা বিশেষ ধৰ্মক সূচোৱা বিশেষ শব্দ এটা ব্যৱহাৰ কৰি সেয়া বলপূৰ্বকভাৱে আৰু বৌদ্ধিক কূট-কৌশলৰে সকলোৰে ওপৰত জাপি দিবলৈ চেষ্টা চলোৱাতো প্ৰত্যক্ষ কৰো তেন্তে তেনে কাৰ্যৰ শেষ বিন্দু ৰক্ত থকালৈকে প্ৰতিবাদ কৰি যাম। 

(বিঃদ্ৰঃ লেখাটোৰ প্ৰতিটো কথা, প্ৰতিটো বাক্য লেখকৰ নিজা মন্তব্য। ইয়াৰ সৈতে newsnextone.comৰ কোনোধৰণৰ সম্পৰ্ক নাই।)