গুৱাহাটীঃ গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাবে দেওবাৰে সোণাপুৰৰ যোগদল আৰু নিউ মাৰ্কেটত নিৰ্বাচনী সভা অনুষ্ঠিত হয় আৰু প্ৰচাৰ পত্ৰিকাত বিতৰণ কৰা হয়৷

সোণাপুৰ অঞ্চলৰ মূল সমস্যা হৈছে স্থানীয় তিৱা, বড়ো আৰু কাৰ্বি আদি জনজাতীয় লোকসকলৰ পৈত্ৰিক ভূমিৰপৰা উৎখাত হ'বলগা হোৱাটো। বিশেষকৈ বিভিন্ন চৰকাৰী আৰু ঔদ্যোগিক প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ কৰাৰ ফলত এই জনজাতীয় লোকসকলে ভূমিৰ মালিকীস্বত্ব হেৰুৱাব লগা হৈছে। 

যেতিয়া কোন এটা জনজাতিৰ জনসংখ্যা কম হয়, তেতিয়া পৈত্ৰিক গৃহভূমিৰপৰা উৎখাত হ'লে জনজাতিটোৰ অস্তিত্বৰেই সংকট আহি পৰে। চৰকাৰৰ খিলঞ্জীয়া বিৰোধী নীতিৰ ফলত আজি এই পৰিস্থিতিৰ সৃষ্টি হৈছে। বিগত ৬ বছৰ ধৰি প্ৰব্ৰজন বিৰোধী মঞ্চই খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষাৰ বাবে যি জনজাগৰণ অভিযান চলাইছিল, তাৰ আধাৰত আইন প্ৰণয়ন হ'লে এই সমস্যাসমূহ দূৰ হ'লহেঁতেন।

তদুপৰি সোণাপুৰ অঞ্চলত গঢ়ি উঠা উদ্যোগসমূহতো স্থানীয় যুৱক-যুৱতীয়ে সংস্থাপন পোৱা নাই। উদ্যোগৰ বাবে ভূমি অধিগ্ৰহণৰ দিনৰেপৰা স্থানীয় যুৱক-যুৱতীক সেই উদ্যোগৰ বাবে প্ৰয়োজনীয় কুশলী কৰ্মীৰ ৰূপত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি নিয়োগৰ সমস্যাটো সমাধান কৰিব পৰা যাব বুলি হাজৰিকাই মত পোষণ কৰে।