বিশেষ প্ৰতিবেদনঃ গালৱান উপত্যকাক লৈ ক্ৰমাৎ তুংগত উঠিছে চীন-ভাৰতৰ সংঘাত। চীনে গালৱান উপত্যকাত নিজৰ দখল সাব্যস্ত কৰিবলৈ অহৰহ চেষ্টা চলাই অহাৰ সময়তে তেনে কাৰ্যক প্ৰত্যাহ্বান জনাইছে ৬০ বছৰীয়া এজন বিশেষ ব্যক্তিয়ে। এই বিশেষ ব্যক্তিজনৰ পূৰ্বপুৰুষৰ সৈতে জড়িত হৈ আছে গালৱান উপত্যকাৰ নামৰ ইতিহাস।

দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান 'দ্য প্ৰিণ্ট’কে ধৰি কেবাটাও সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৬০ বছৰীয়া বিশেষ ব্যক্তিজনে বৰ্ণনা কৰিছে কিদৰে স্বাধীনতাৰ পূৰ্বে ব্ৰিটিছ চৰকাৰে কৃতজ্ঞতাৰ চিন স্বৰূপে তেওঁৰ ককাদেউতাকৰ নামেৰে সেই উপত্যকাৰ নাম গালৱান উপত্যকা ৰাখিছিল। ৬০ বৰ্ষীয় এই বিশেষ ব্যক্তিজন হৈছে গালৱান উপত্যকাৰ ইতিহাসৰ সৈতে জড়িত গোলাম নবী গালৱান।

গোলাম নবী গালৱানৰ ককাদেউতাক গোলাম ৰছুল গালৱানৰ নামেৰেই লাদাখৰ সমীপৰ চীন-ভাৰত সীমান্তৰ উক্ত উপত্যকাৰ নাম ৰখা হৈছিল গালৱান উপত্যকা। ১৯ শতিকাত চীনা ব্যৱসায়ীৰ এটা দলৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ বচাবলৈ সমৰ্থ হৈছিল ৰছুল গালৱান। কিন্তু কিয় ৰছুল গালৱানৰ নামেৰে ৰখা হ’ল উপত্যকাৰ নাম? ৰছুল গালৱানক কিয় হত্যা কৰিবলৈ চেলু বিচাৰি ফুৰিছিল চীনে?

গালৱান উপত্যকাৰ নামৰ আঁৰৰ কাহিনী

লাদাখত ১৮৭৮ চনত জন্মগ্ৰহণ কৰিছিল ৰছুল গালৱানে। গালৱানৰ জীৱনৰ আৰম্ভণিৰ সময়ছোৱা পাৰ হৈছিল দৰিদ্ৰতাৰ মাজেৰে। পৰ্বত-পাহাৰৰ প্ৰতি আছিল তেওঁৰ অগাধ প্ৰেম। পৰ্বত-পাহাৰৰ প্ৰতি থকা আকৰ্ষণৰ বাবেই মাত্ৰ ১৪ বছৰ বয়সতে গালৱানে হিমালয় অভিযানলৈ যোৱা ব্ৰিটিছ পৰ্বতাৰোহী ফ্ৰান্সিচ ইয়ংহাজবেণ্ডৰ সৈতে যোৱাৰ সুযোগ পাইছিল তেঁও। 

'১৯ শতিকাৰ সেই সময়ত ব্ৰিটেইন আৰু ৰাছিয়াৰ মাজত কূটনৈতিক মতানৈক্যই দেখা দিছিল। গ্ৰেট গেম নামেৰে জনাজাত এই কূটনৈতিক যুদ্ধৰ কাৰণ আছিল আফগানিস্তানৰ লগতে হিমালয়ৰ কাষৰীয়া অঞ্চলসমূহ। তেতিয়াই পৰ্বতাৰোহী ফ্ৰান্সিচে হিমালয়ত অভিযান চলাইছিল। এই অভিযান ব্ৰিটিছ চৰকাৰৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। মোৰ ককা তেতিয়া তেনেই সৰু আছিল যদিও ফ্ৰান্সিচে স্বীকৃতি দিছিল আৰু নিজৰ সংগী কৰি লৈছিল।’-প্ৰিণ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এইদৰে কয় বৰ্তমান লেহৰ বাসিন্দা ৰছুল গালৱানৰ নাতি গোলাম নবী গালৱানে।

উক্ত অভিযানকালত দলটো সন্মুখীন হৈছিল যথেষ্ট প্ৰত্যাহ্বানৰ। বৰফেও যথেষ্ট বাধাৰ সৃষ্টি কৰিছিল। দলটো এনেদৰে আৱদ্ধ হৈ পৰিছিল যে জীৱনলৈকো সংশয় নামি আহিছিল। 'তেতিয়া দলটোৰ বাকী সদস্যসকলে মোৰ ককা ৰছুল গালৱানক উপায় বিচাৰিবলৈ ক’লে। ককাই সেয়া গুৰুত্বসহকাৰে ল’লে আৰু এটা নতুন পথৰ সন্ধান কৰিলে। সেই পথটোৰে কিছুদূৰ গৈয়েই তেওঁ উপস্থিত হৈছিল এটি উপত্যকাত। তাৰ পৰা অলপ চকু ফুৰালেই দেখা গৈছিল এখন নৈ।’-গোলাম নবীয়ে কয়।


• ৰছুল গালৱানৰ নাতি গোলাম নবী গালৱান


গোলাম নবী গালৱানে আৰু কয়, 'তেওঁ পুনৰ দলটোৰ ওচৰলৈ উভতি আহিছিল আৰু পথটোৰ বিষয়ে জনাইছিল। তাৰ পিছত সকলোৱে সেই পথটোৰে বাট বুলিছিল। ইয়াৰ পিছতে ব্ৰিটিছ পৰ্বতাৰোহী দলটোৱে নৈখনৰ নাম ৰাখিছিল 'গালৱান নালা’। পিছলৈ নৈখন গালৱান নৈ আৰু উপত্যকাটো গালৱান উপত্যকা হিচাপে জনাজাত হৈ পৰে। ক'বলৈ গ'লে তেতিয়ালৈকে সকলোৰে অজানা হৈ থকা এই উপত্যকা আৰু নৈখন একপ্ৰকাৰ আৱিষ্কাৰ কৰিছিল মোৰ ককাই।’

উল্লেখ্য যে ৰছুল গালৱানৰ মৃত্যু হৈছিল ১৯২৫ চনত। সেই সময়ত লাডাখত সকলোৰে মাজত জনাজাত হৈ পৰা ৰছুল গালৱানক লৈ বৰ্তমানো অঞ্চলটোত প্ৰচলিত হৈ আছে অনেক কাহিনী।গোলাম নবী গালৱান হৈছে ৰছুল গালৱানৰ দ্বিতীয় পুত্ৰ হবিবুল্লাহ গালৱানৰ সন্তান। ককাকৰ দৰেকৈ গোলাম নবী গালৱানো অঞ্চলটোত এটি পৰিচিত নাম। ইউনিচেফৰ হৈ অঞ্চলটোত শিশু আৰু চেমনীয়াসকলৰ হৈ যথেষ্ট কাম কৰি আহিছে গোলাম নবী গালৱানে।

গালৱান উপত্যকা সদায় ভাৰতৰেই অংগ আছিল

১৫ জুনৰ দিনটোত চীনা সৈন্যৰ সৈতে হোৱা হতাহতিত ভাৰতৰ ২০ জনকৈ সেনা জোৱান শ্বহীদ হয়। যি ঠাইত এই হতাহতি হৈছিল সেই ঠাইখিনি এই গালৱান উপত্যকাৰেই অন্তৰ্গত। উক্ত হতাহতিৰ পিছত ভাৰতীয় সেনা চীন সীমান্তত ১৯৭৫ চনৰ পিছত প্ৰথমবাৰলৈ হতাহত হয়। 

১৯৭৫ চনৰো পূৰ্বৰে পৰা চীনে দাবী কৰি আহিছে যে গালৱান উপত্যকা চীনৰ অংশ। কিন্তু উক্ত দাবীক ভাৰতে নস্যাৎ কৰি আহিছে। লগতে ভাৰতে কিয় ঐতিহাসিকভাৱে উক্ত অংশ ভাৰতৰ সেয়াও চীনক জনাই আহিছে। কিন্তু ভাৰতে তথ্য প্ৰমাণ দিয়াৰ পিছতো বাৰম্বাৰ চীনে অস্বীকাৰ কৰি অঞ্চলটোত নিজৰ আধিপত্য বিস্তাৰৰ বাবে কুচ-কাৱাজ অব্যাহত ৰখাহে দেখা গৈছে।

এই সন্দৰ্ভত যাৰ নামেৰে উক্ত উপত্যকাৰ নাম ৰখা হৈছে তেওঁৰ নাতি গোলাম নবীয়ে স্পষ্ট কৰি দিয়ে যে গালৱান উপত্যকা যে ব্ৰিটিছৰ দিনৰে পৰা ভাৰতৰ অংশ তাৰ প্ৰমাণ তেওঁৰ পৰিয়ালটোৱেই বহন কৰিছে। গোলাম নবীয়ে কয় যে গালৱান উপত্যকা তেওঁৰ ককাকৰ নামেৰে ৰখা হৈছে আৰু তেওঁৰ ককাক ব্ৰিটিছ শাসিত ভাৰতৰ নাগৰিক আছিল, গতিকে চীনে কৰি অহা দাবী উদ্ভট।

'গালৱান উপত্যকাৰ সীমান্ত চীনৰ সৈতে নহয় তিব্বতৰ সৈতেহে আছে। আমি সেয়া তথ্য সহকাৰে প্ৰমাণ কৰিব পাৰিম। আমাৰ হাতত ব্ৰিটিছৰ দিনৰ বহু নথি-পত্ৰ আৰু মানচিত্ৰ আছে।’-গোলাম নবী গালৱানে কয়। তেওঁ আৰু কয়, '১৯৬২চৰ যুদ্ধই হওক বা ১৯৭১ৰ যুদ্ধই হওক বা কাৰগিল যুদ্ধই হওক বা বৰ্তমানৰ সংঘাতেই হওক লাদাখৰ বাসিন্দাসকল সদায় ভাৰতৰ সৈতে আছে আৰু ভাৰতীয় সেনাক সহযোগিতা আগবঢ়াই আহিছে। কিয়নো লাদাখৰ প্ৰতিটো প্ৰান্তই ভাৰতৰ অবিচ্ছেদ্য অংগ।’

চীনা লোকৰ সৈতে গালৱান পৰিয়ালৰ সংঘাত

চীনা লোকসকলৰ সৈতে ব্ৰিটিছৰ দিনতে সংঘাতৰ সূত্ৰপাত হৈছিল গালৱান পৰিয়ালৰ। ‘Servant of Sahibs: The Rare 19th Century Travel Account as Told by a Native of Ladakh’-শীৰ্ষক গ্ৰন্থখনত ৰছুল গালৱানে লেহ অঞ্চলত কিদৰে ব্ৰিটিছে ভাৰতত শাসন চলাই থকা সময়তে চীনা ব্যৱসায়ীৰ দলে আক্ৰমণ সংঘটিত কৰিছিল সেয়া বিস্তৃতভাৱে বৰ্ণনা কৰি গৈছে।

সেই সময়ত লেহ আছিল মধ্য এছিয়াৰ অন্যতম বাণিজ্যস্থল। দেশ-বিদেশৰ নানা ব্যৱসায়ীয়ে লেহলৈ আহিছিল। চীন আৰু আফগানিস্তানৰ পৰাও বহু ব্যৱসায়ী লেহলৈ আহিছিল বুলি গ্ৰন্থখনত উল্লেখ আছে বুলি জনাইছে গোলাম নবীয়ে।

'মোৰ ককাৰ চীনাসকলৰ সৈতে কোনো কথাক লৈ মতানৈক্য হৈছিল। তাৰ বাবে চীনাসকলে তেওঁক হত্যা কৰিবলৈ উদ্যত হৈছিল। এবাৰ তেওঁক হত্যা কৰিবলৈ বুলি চীনা দল এটাই চোঁছা লৈছিল যদিও তেওঁ কোনোমতে প্ৰাণ লৈ পলাবলৈ সমৰ্থ হৈছিল। তেওঁ শান্তিপ্ৰিয় আছিল বাবে চীনা দলটোৰ সৈতে বহুবাৰ আলোচনাৰ চেষ্টা চলাইছিল। কিন্তু সেয়া হৈ উঠা নাছিল।’-গালৱানৰ নাতি গোলাম নবী গালৱানে কয়।

গোলাম নবীয়ে আৰু জনাইছে যে ১৯৫৯ চনত চীনা সৈন্যই চোৰাংচোৱা বিষয়া হিচাপে কৰ্মৰত তেওঁৰ খুলশালীয়েককো বন্দী কৰি লৈ গৈছিল। গালৱান উপত্যকাত সন্ধানহীন হোৱা ভাৰতীয় সেনাক বিচাৰি যোৱা অৱস্থাত চীনা সেনাই চোৰাংচোৱা বিষয়া হিচাপে কৰ্মৰত খুলশালীয়েকক ধৰি লৈ যোৱাৰ কথা সদৰী কৰে নবী গালৱানে। 

'মোৰ ককাই হওক বা মোৰ খুলশালীয়েই হওক বা লাদাখৰ আমাৰ পৰিয়ালৰ আন কোনো সদস্যই নহওক কিয়, চীনাসকলৰ সৈতে আমাৰ সংঘাত অতীজৰে পৰা আছে।’-বৰ্তমানৰ সংঘাতক লৈ আক্ষেপ প্ৰকাশ কৰি এইদৰে কয় গোলাম নবী গালৱানে। তেওঁ কয় যে সংঘাতৰ ফলত লাদাখ অশান্ত হৈ পৰে যিটো নেকি শান্তিপ্ৰিয় লাদাখবাসীয়ে কোনো কাৰণতে নিবিচাৰে। 

'আমি বিচাৰো এই সংঘাতৰ শীঘ্ৰেই অৱসান ঘটক। আকৌ অতীজৰ সেই চিল্ক ৰোডৰ দিনবোৰ ঘূৰি আহক। লাদাখলৈ শান্তিৰ পৰিৱেশ ঘূৰি আহিলেই মোৰ ককাৰ আত্মাই শান্তি লাভ কৰিব কিয়নো গালৱান উপত্যকাৰ নাম তেওঁৰ নামেৰেই ৰখা হৈছিল।’-গালৱান উপত্যকাৰ ইতিহাসৰ সৈতে জড়িত পৰিয়ালটোৰ বৰ্তমানৰ জীৱিত সদস্য ৬০ বৰ্ষীয় বিশেষ লোকজনে হুমুনিয়াহ আৰু আশা মিহলি কণ্ঠেৰে কয়।

গালৱানৰ নামৰ ইতিহাস চীনৰ সমুখত কিয় গুৰুত্বহীন?

চীনে কোনো কাৰণতে ব্ৰিটিছসকলে প্ৰস্তুত কৰা ভাৰতৰ মানচিত্ৰক মানি ল’ব নোখোজে। চীন চৰকাৰে অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলৰ মেকমোহন লাইনকো স্বীকৃতি প্ৰদান কৰিবলৈ মুঠেই ইচ্ছুক নহয়। চীন চৰকাৰৰ মতে যি ভাৰতত যেতিয়া ব্ৰিটিছসকলৰ আধিপত্য আছিল সেই সময়ত ছাৰ হেনৰি মেকমোহনে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল আৰু তিব্বত অঞ্চলৰ যি সীমা নিৰ্ধাৰণ কৰিছিল সেয়া একপক্ষীয় আছিল।

ব্ৰিটিছ শাসিত ভাৰতৰ হৈ বিদেশ সচিব মেকমোহন আৰু তিব্বত চৰকাৰৰ হৈ লঞ্চেন সত্ৰই এই সীমা নিৰ্ধাৰণৰ অন্তত চিমলা সন্ধি চুক্তিত স্বাক্ষৰ কৰিছিল। কিন্তু চীনৰ মতে তিব্বত এখন স্বাধীন ৰাষ্ট্ৰ নাছিল আৰু সেয়ে তিব্বত চৰকাৰে স্বাক্ষৰ কৰা চুক্তি গ্ৰহণযোগ্য নহয়। এই যুক্তিৰেই চীনে আৰম্ভণিৰে পৰা মেকমোহন লাইনৰ বিৰুদ্ধাচৰণ কৰি আহিছে।

চীনা চৰকাৰে অভিযোগ উত্থাপন কৰি আহিছে যে ঔপনিৱেশিক ভাৰতৰ ব্ৰিটিছ চৰকাৰে শক্তি প্ৰদৰ্শন কৰি তিব্বতৰ তেতিয়াৰ শাসকসকলক আভুৱা ভাৰি তিব্বতৰ বহু অংশ নিজৰ অধীনলৈ নিছিল। আনকি ভাৰতত আশ্ৰয় লৈ থকা তিব্বতৰ ধৰ্মগুৰু চতুৰ্দশ দালাই লামায়ো ২০০৩ চনত অৰুণাচলৰ টাৱাঙত উপস্থিত হৈ টাৱাং তথা অৰুণাচল প্ৰদেশ অতীজতে তিব্বতৰ অংশ আছিল বুলি দাবী কৰিছিল। অৱশ্যে ২০০৮ চনত দালাই লামাই টাৱাং ভাৰতৰ অবিচ্ছেদ্য অংশ বুলি মন্তব্য কৰে।

এনেধৰণৰ একাধিক কাৰণতে গোলাম নবী গালৱানে তেওঁৰ ককাকৰ নামেৰে গালৱান উপত্যকাৰ নাম ৰখা হৈছিল বুলি তথ্য প্ৰমাণ দাঙি ধৰিলেও সেই তথ্য প্ৰমাণক ব্ৰিটিছসকলৰ উদ্দেশ্যপ্ৰণোদিত কাৰ্য আছিল বুলি অস্বীকাৰ কৰি অহা দেখা গৈছে। 'ভাৰতে মেকমোহন লাইনক মান্যতা প্ৰদান কৰি আহিছে। কিন্তু চীনা চৰকাৰে মেকমোহন লাইনক আজিলৈকে মান্যতা প্ৰদান কৰা নাই। চীন-ভাৰত সংঘাতৰ এয়াই মূল কাৰণ।’-আন্তৰ্জাতিক সংবাদ সংস্থা ডি ডব্লিউ নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এইদৰে কয় চীনৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন বিশেষজ্ঞ ভিক্টৰ গাৱেই।