কলিকতাত অ’নাৰ কিলিঙ(Honour Killing)
পৰিয়ালৰ সন্মানতকৈ মোৰ ছোৱালীৰ জীৱন ডাঙৰ নহয়
হিন্দু ধৰ্মৰ ল’ৰাৰ লগত মোৰ ছোৱালীয়ে সম্পৰ্ক ৰখাৰ কাৰনে আমাৰ গাঁৱত আমাক এঘৰীয়া কৰা হৈছিল

newsnextone ৯অক্টোবৰ কলিকতাঃ অন্য ধৰ্মৰ পাত্ৰৰ লগত বিবাহত বহাৰ কথা ভৱা নিষেধ এইখন দেশত৷বিগত কিছুবছৰ ধৰি দেশখনত এনে ধাৰনাই অতি ভয়ানক ভাৱে গা কৰি উঠিছে৷

বৰ্তমানে ভাৰতৰ বিভিন্ন ঠাইত অসৱৰ্ন বিৱাহৰ অজুহাতত বহুতো হত্যাকাণ্ড সংঘটিত হৈছে৷ বহুতো পৰিয়ালত নিজৰ পিতৃ-মাতৃ-ভাতৃ আদিয়েই নিজৰ জীয়ৰী-ভগ্নীক অইন ধৰ্মৰ যুৱকৰ লগত বিবাহত বহাৰ বাবে হত্যা কৰা বহুতো উদাহৰন আছে৷এনে হত্যাবোৰক অ’নাৰ কিলিং(Honour Killing)বুলিও জনা যায়৷শেহতীয়াকৈ কলিকতাতো এই অ’নাৰ কিলিঙৰ(Honour Killing) ঘটনা সংঘটিত হোৱা বাতৰি পোৱা গৈছে৷হিন্দু যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰখা অভিযোগত কলিকতাৰ এক মুছলমান পৰিয়ালৰ ১৯ বছৰীয়া যুৱতীক হত্যা কৰা হ’ল অতি নিৰ্মম ভাৱে৷ হত্যাকাৰী আন কোনো নহয়,হত্যাকাৰী যুৱতী গৰাকীৰ নিজৰ পিতৃ আৰু ভাতৃ৷

যোৱা সোমবাৰে পশ্চমবঙ্গৰ পূৱ-বৰ্ধমান জিলাৰ পুলিচে কলকতাৰ পৰা গ্রেপ্তাৰ কৰিলে দুই পিতৃ আৰু পুত্ৰক। যোৱা ৩১ অাগষ্টত বর্ধমানৰ পৰা 19 কিলোমিটাৰ দূৰৰ এখন খেতিপথাৰৰ পৰা জাহানা খাতুন নামৰ উনৈছ বছৰ বয়সৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছল৷ যুৱতী গৰাকীৰ মুখখন শিলেৰে থেতেলিয়াই চিনিব নোৱাৰাকৈ নষ্ট কৰি দিয়া হৈছিল৷

হত্যাকাৰী মহম্মদ মোস্তাফা আৰু মহম্মদ জাহিদ নামৰ এই পিতৃ-পুত্ৰ দুজনৰেই ঘৰ বিহাৰৰ জামালপুৰত আৰু কলিকতাৰ পাৰ্ক ষ্ট্ৰিট অঞ্চলত ভাৰা ঘৰত থাকি ড্ৰাইভৰৰ কাম কৰিছল৷পুলিছে দুয়োজনকেই গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছ৷জেৰাৰ সময়ত হত্যাকাৰী দুয়োজনে স্বীকাৰ কৰে চলন্ত গাড়ীৰ ভিতৰতেই ডিঙি চেপি হত্যো কৰা হৈছিল এই যুৱতী গৰাকীক৷

উল্লেখযোগ্য যে নিজৰ অতি মৰমৰ কন্যাক নিজহাতেৰে হত্যা কৰি কোনো অনুশোচনাত ভোগা নাই হত্যাকাৰী পিতৃ গৰাকী৷পুলিচৰ জেৰাত হত্যাকাৰী পিতৃগৰাকীয়ে এইবুলি প্ৰকাশ কৰে যে,‘‘পৰিয়ালৰ সন্মানতকৈ মোৰ ছোৱালীৰ জীৱন ডাঙৰ নহয়’’৷ হিন্দু ধৰ্মৰ ল’ৰাৰ লগত মোৰ ছোৱালীয়ে সম্পৰ্ক ৰখাৰ কাৰনে আনাৰ গাঁৱত আমাক এঘৰীয়া কৰা হৈছিল৷