প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ বিয়াৰ দিনাই এক শোকাৱহ ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশত৷ বিয়াৰ নিয়মৰ মাজতে ঘোঁৰা  সহিতে দৰা কুৱাত পৰে৷ ঘটনাৰ বিৱৰণি অনুসৰি দৰাই ঘোঁৰাত উঠি বিয়াৰ নীতি অনুসৰি কুৱাৰ পৰিক্ৰমা কৰি আছিল৷ 

ঠিক তেনে সময়তে দৰাৰ লগত যোৱা লোকসকলে ফটকা ফুটায়৷ ফটকাৰ শব্দত ঘোঁৰাটোৱে ভয় খাই কুৱাতে জাপ মাৰে। ফলত ঘোঁৰাৰ পিঠিত উঠি থকা দৰাও কুৱাত পৰে। 

এই ঘটনাই নিমিষতে বিয়াঘৰত শোকৰ ছাঁ পেলায়৷ অৱশ্যে জেছিবিৰ সহায়ত ঘোঁৰা আৰু দৰাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় গাঁওবাসী৷ পিছত কইনা আনিবলৈ প্ৰস্থান কৰে দৰা সহিত বৰযাত্ৰী৷