বেইজিংঃ সংহাৰ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ কবলৰ পৰা সৰ্বসাধাৰণক সুৰক্ষা দিবৰ বাবে চীনৰ চৰকাৰে দহ দিনৰ ভিতৰত নিৰ্মাণ কৰি উলিওৱা বিশেষ চিকিৎসালয়খনত সোমবাৰৰ পৰা আৰম্ভ হৈছে চিকিৎসা সেৱা। উহান (Wuhan) চহৰত নিৰ্মাণ কৰা হোৱা এই চিকিৎসালয়খনত একেলগে ১৫০০ ৰোগীক চিকিৎসা প্ৰদান কৰিব পৰা ব্যৱস্থা ৰখা হৈছে।

১ কোটি ১০ লাখ জনসংখ্যাৰে পৰিপূৰ্ণ চহৰখনত যুদ্ধকালীন ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰা চিকিৎসালয় এইখনেই প্ৰথম নহয়। ইয়াৰ পূৰ্বে ২০০৩ চনতো দিন-ৰাতি একাকাৰ কৰি দেশখনে নিৰ্মাণ কৰিছিল বিশেষ চিকিৎসালয়। উক্ত বৰ্ষত মহামাৰী ৰূপ ধাৰণ কৰা SARS (Severe Acute Respiratory Syndrome) ভাইৰাছৰ পৰা মুক্তি পাবলৈ চহৰখনত মাত্ৰ ৭ দিনতে এখন চিকিৎসালয় নিৰ্মাণ কৰা হৈছিল।

চীনৰ চৰকাৰী সংবাদ সংস্থা 'ঝিনুহা’ই প্ৰকাশ কৰা বাতৰি অনুযায়ী সোমবাৰে পুৱা ১০ বজাত নৱ-নিৰ্মিত চিকিৎসালয়খনত প্ৰথমজন ৰোগীক ভৰ্তি কৰোৱা হয়। শাসকীয় কমিউনিষ্ট দলৰ সৈন্য শাখা 'পিপলছ লিবাৰেশ্যন আৰ্মী’য়ে উহানৰ উক্ত চিকিৎসালয়খনলৈ ১৪০০ চিকিৎসক, নাৰ্ছ তথা আন কৰ্মী প্ৰেৰণ কৰাৰ লগে লগে ৰোগীৰ ভৰ্তি আৰু চিকিৎসা আৰম্ভ কৰা হয়। এইসকল চিকিৎসকৰ কেবাজনো চিকিৎসকৰ ২০০৩ চনত SARS-এ মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়ত চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিজ্ঞতা আছে বুলিও বাতৰিটোত কোৱা হৈছে।  

১০ দিনত চীনে কিদৰে নিৰ্মাণ কৰিলে চিকিৎসালয়?

মাত্ৰ ১০ দিনত এখন চিকিৎসালয়। যি সময়ত আমাৰ দেশ তথা ৰাজ্যত এখনো বিছনা নথকা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় নিৰ্মাণ কৰিবলৈ ভূমি পূজনৰ পৰা আৰম্ভ কৰি আধাৰশিলা স্থাপনলৈকে ১০ দিনতকৈ অধিক সময়ৰ প্ৰয়োজন হয় সেই সময়ত চীনে মাত্ৰ ১০ দিনতে সম্পূৰ্ণ কৰি উলিয়াইছে ১৫০০ ৰোগীক বিশেষভাৱে চিকিৎসা প্ৰদান কৰিব পৰা চিকিৎসালয়। এয়া কেনেকৈ সম্ভৱ?

ঝিনুহা আৰু চাইনা ডেইলীৰ বাতৰি অনুযায়ী যুদ্ধকালীন ক্ষিপ্ৰতাৰে চিকিৎসালয়খন নিৰ্মাণৰ বাবে চীনা প্ৰশাসনে নিয়োগ কৰিছিল অতি কমেও ৭ হাজাৰ বিশেষভাৱে প্ৰশিক্ষিত ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, ৰাজমিস্ত্ৰী তথা আন বিশেষজ্ঞ শ্ৰমিক। ২৪ জানুৱাৰীত প্ৰস্তাৱিত স্থানলৈ অনা হয় ১০০ ৰো অধিক এক্সেভেটৰ। এই এক্সেভেটৰবোৰে দুঘণ্টাতকৈয়ো কম সময়ৰ ভিতৰত উক্ত ভূমিখিনি সমান কৰি চিকিৎসালয় নিৰ্মাণৰ উপযোগী কৰি তোলে।

২৫ জানুৱাৰীত সময়কো অতিক্ৰম কৰাৰ মানসেৰে উক্ত স্থানত আৰম্ভ কৰা হয় নিৰ্মাণৰ কাম। ২৬ জানুৱাৰীত সেই স্থানলৈ লৈ অহা হয় নিৰ্মাণৰ সকলো সা-সামগ্ৰী আৰু মডিউলাৰ বক্স ৰুম তথা ফ্ৰেম। ২৭ জানুৱাৰীত আৰম্ভ কৰা হয় ৱাৰ্ড মডিউল ইনষ্টলেশ্যনৰ কাম। ২৮ জানুৱাৰীত সম্পূৰ্ণ কৰা হয় ৬০টা বক্স ৰুমৰ ফ্ৰেম ইনষ্টলেশ্যনৰ কাম।

এই বক্স ৰুম হৈছে বিশেষভাৱে নিৰ্মিত ৰেডিমেড কোঠা। প্লাইউড, পিভিচি, এলুমিনিয়াম আদিৰ সহায়ত নিৰ্মাণ কৰা হয় এই বক্স ৰুম। আমাৰ দেশত যিদৰে ইটা, ৰড, চিমেণ্ট আদিৰে সজা ঘৰ জনপ্ৰিয়, তাৰ পৰিৱৰ্তে চীন তথা বিশ্বৰ অধিকাংশ দেশতে বৰ্তমান এনেধৰণৰ বক্স ৰুমৰ সহায়ত সজা ঘৰসমূহে লাভ কৰিছে ব্যাপক জনপ্ৰিয়তা। ইটা, ৰড, চিমেণ্টৰ ঘৰতকৈ এনে ঘৰসমূহ স্বাস্থ্যসন্মত, ভূমিকম্প প্ৰতিৰোধক তথা আন একাধকি সা-সুবিধাৰে পৰিপূৰ্ণ আৰু কম-খৰছী। 

২৮ জানুৱাৰীত এনেধৰণৰ বক্স ৰুম ইনষ্টলেশ্যনৰ কাম চলাৰ সমান্তৰালভাৱে পাইপ লাইন আৰু ইলেকট্ৰিকেল কামসমূহো কৰা হয়। ২৯ জানুৱাৰীত আচবাব, চিকিৎসাৰ কামত ব্যৱহৃত সা-সামগ্ৰী, যন্ত্ৰ-পাতি আৰু অন্যান্য সৰঞ্জামসমূহ ইনষ্টলৰ কাম চলে। ৩০ জানুৱাৰীত চিকিৎসালয়খনৰ ভিতৰভাগৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠে। 

৩১ জানুৱাৰীত বক্স ৰুমসমূহৰ লগত গ্ৰাউণ্ড লেভেলিঙৰ কাম সম্পূৰ্ণ কৰি তোলাৰ লগতে পানীৰ সংযোগ আৰু HDPE Film ছেটিঙৰ কাম কৰা হয়। ১ ফেব্ৰুৱাৰীত আই চি ইউ ইউনিট আৰু লেব’ৰেটৰীৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে চিকিৎসালয় নিৰ্মাণৰ কাম একপ্ৰকাৰ সম্পূৰ্ণ হৈ পৰে। ইয়াৰ পিছতে ২ ফেব্ৰুৱাৰীত নিৰ্মাণৰ দায়িত্বত থকা বিষয়া আৰু শ্ৰমিক-কৰ্মচাৰীসকলে চিকিৎসালয়খন সেনা আৰু প্ৰশাসনৰ হাতত গতাই দিয়ে। 

লগে লগে সেনা আৰু প্ৰশাসনে চিকিৎসালয়খনলৈ চিকিৎসক, নাৰ্ছ তথা আন কৰ্মচাৰী প্ৰেৰণৰ ব্যৱস্থা কৰে। এনেদৰে ১০ দিনতকৈয়ো কম সময়ৰ ভিতৰত চীনে কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ নিৰ্মাণ কৰি উলিয়াইছে আমাৰ বাবে কল্পনাৰো অগোচৰ এখন অত্যাধুনিক চিকিৎসালয়।