কেৰালাৰ এখন আদালতে যোৱা সপ্তাহত পত্নীক হত্যা কৰা এজন লোকক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। সুৰজ কুমাৰ নামৰ এই লোকজনে নৃশংসতাৰ সকলো সীমা চেৰাই শীতল মস্তিষ্কৰে অস্ত্ৰৰ পৰিৱৰ্তে বিষাক্ত সৰ্পৰ সহায়ত হত্যা কৰিছিল পত্নীক। কিদৰে বিষাক্ত সাপ ক্ৰয় কৰি আনি সেই সাপটোক দংশিবলৈ নিজৰ ডেৰবছৰীয়া সন্তানৰ মাতৃৰ শৰীৰত এৰি দিছিল তাৰ সবিশেষ আগবঢ়োৱা হৈছে এই বিশেষ প্ৰতিবেদনত...


২৮ বৰ্ষীয় সুৰজে লকডাউনৰ মাজতে যোৱা বছৰৰ এপ্ৰিল মাহত পৃথিৱীৰ বিষাক্ত সাপবোৰৰ অন্যতম স্পেক্টেকল্ড ফেঁটীসাপ ৭০০০ টকাত ক্ৰয় কৰিছিল। ভাৰতত সাপৰ ক্ৰয়-বিক্ৰয় সম্পূৰ্ণৰূপে অবৈধ। সেয়ে সুৰজে কেৰালাৰ সাপ ধৰা সুৰেশ কুমাৰ নামৰ এজন লোকৰ পৰা গোপনে ক্ৰয় কৰে সাপটো। সুৰজে এটা প্লাষ্টিকৰ টেমাত বতাহ অহা-যোৱা কৰিব পৰাকৈ সৰু বিন্ধা কৰি তাৰ ভিতৰত সাপটোক লুকুৱাই ৰাখি ঘৰলৈ লৈ আহে।

সেই সময়ত সুৰজৰ পত্নী উত্তৰা আছিল মাতৃগৃহত। উত্তৰাই কেবাসপ্তাহো চিকিৎসালয়ত থকাৰ অন্তত সুস্থ হৈ মাতৃগৃহতে বিশ্ৰাম লৈ আছিল। ১৩ দিন পিছত বেংকৰ কৰ্মচাৰী হোৱা হেতুকে লকডাউনৰ মাজতে সুৰজে টেমাটো এটা বেগত ভৰাই ৪৪ কিলোমিটাৰ দূৰৰ শহুৰেকৰ ঘৰলৈ গ’ল। 

এগিলাছ জুছ আৰু মৰণকাতৰ মৌনতা

সুৰজ আৰু উত্তৰা দুয়োৰে পৰিচয় ঘটিছিল এজন ঘটকৰ জৰিয়তে। সুৰজৰ দেউতাক আছিল এজন অটো চালক আৰু মাক আছিল গৃহিণী। উত্তৰা সুৰজতকৈ ৩ বছৰ সৰু আছিল আৰু সামান্য পৰিমাণে Learning Disability নামৰ এক স্নায়ুজনিত ৰোগত আক্ৰান্ত আছিল। এই ৰোগত আক্ৰান্ত হোৱা ব্যক্তিৰ নতুন কথা শিকিবলৈ যথেষ্ট কষ্ট হয়। উত্তৰাৰ পৰিয়ালটো আছিল আঢ্যৱন্ত। তেওঁৰ পিতৃয়ে ৰবৰৰ ব্যৱসায় কৰাৰ লগতে মাক আছিল এখন বিদ্যালয়ৰ অধ্যক্ষ।

বিয়াৰ সময়ত উত্তৰাৰ পিতৃ-মাতৃয়ে সুৰজক যৌতুক হিচাপে প্ৰদান কৰিছিল ৭৬৮ গ্ৰাম সোণ, ছুজুকি কোম্পানীৰ এখন ছেদান গাড়ী আৰু নগদ ৪ লাখ টকা। আৰক্ষীয়ে জনোৱা মতে, স্নায়ুজনিত ৰোগত আক্ৰান্ত নিজ কন্যাৰ চোৱা-চিতাৰ বাবে পিতৃ-মাতৃয়ে সুৰজক প্ৰতিমাহে ৮০০০ টকাকৈ দি আহিছিল।

যেতিয়া প্ৰথমবাৰ উত্তৰাক সাপে দংশন কৰিছিল তেতিয়া তেওঁ ৫২ দিন ধৰি চিকিৎসালয়তে থাকিবলগীয়া হৈছিল। চিকিৎসালয়ত উত্তৰাৰ ভৰিত তিনিটাকৈ অস্ত্ৰোপচাৰ কৰা হৈছিল। চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়াৰ পিছত স্বামীগৃহলৈ অহাৰ পৰিৱৰ্তে বিশ্ৰামৰ বাবে মাক-দেউতাকৰ ঘৰতে আছিল উত্তৰা। প্ৰথমবাৰ দংশন কৰা সাপটো আছিল বিষাক্ত ৰাছেল ভাইপাৰ। 

তদন্তৰ দায়িত্বত থকা আৰক্ষীয়ে জনোৱা মতে, যেতিয়া মাতৃ-গৃহত থাকি লাহে লাহে সুস্থ হৈ উঠিছিল তেতিয়াই ৬ মে’ৰ নিশা সুৰজে উত্তৰাক এগিলাছ ফলৰ ৰস খাবলৈ দিছিল। সেই ফলৰ ৰসত সুৰজে মিহলাই দিছিল অচেতন হৈ পৰা ঔষধ। স্বামীয়ে দিয়া ফলৰ ৰসখিনি পৰম আগ্ৰহেৰে খোৱাৰ কিছুসময় পিছতে তাত মিহলাই দিয়া ঔষধৰ প্ৰভাৱত অচেতন হৈ পৰিছিল উত্তৰা। পলম নকৰি সুৰজে বেগৰ পৰা সাপ থকা টেমাটো উলিয়াইছিল। টেমাটোৰ ঢাকনি খুলি ৫ ফুট দীঘল সাপটো বাহিৰ কৰি কৌশলেৰে এৰি দিছিল অচেতন হৈ শুই থকা পত্নীৰ গাত।


সুৰজে সাপ অনা কণ্টেইনাৰটো পৰীক্ষা কৰিছে ফৰেনছিকৰ দলে

কিন্তু সাপটোৱে উত্তৰাক দংশন কৰাৰ পৰিৱৰ্তে আঁতৰি গৈছিল। সুৰজে হাতত গ্লভছ পিন্ধি লৈছিল আৰু লগত আছিল সাপধৰা এডাল ষ্টিক। ষ্টিকডালৰ সহায়ত পুনৰ সি সাপটোক উত্তৰাৰ গালৈ দলিয়াই দিছিল। কিন্তু এইবাৰো সাপটোৱে দংশন নকৰি আঁতৰি আহিছিল।

দুবাৰ চেষ্টা কৰি বিফল হোৱাত সুৰজে তৃতীয়বাৰৰ বাবে বিষাক্ত ফেঁটী সাপটোৰ ডিঙিত ধৰি উত্তৰাৰ বাওহাতৰ ওচৰলৈ লৈ গৈছিল। ডিঙিত ধৰি থকাত খঙতে সাপটোৱে এইবাৰ উত্তৰাক দংশন কৰিছিল যদিও ফলৰ ৰসৰ সৈতে মিহলাই দিয়া ঔষধৰ প্ৰভাৱত অচেতন হৈ তাৰ এক ভূকে পোৱা নাছিল। কামটো হৈ যোৱাত জিঘাংঘু সন্তুষ্টিৰে সুৰজে সাপটোক এটা ছেলফত ভৰাই থৈ দিছিল আৰু গোটেই নিশাটো সাপটো তাতেই সুমাই আছিল।

চিকিৎসালয়ৰ পৰা আৰক্ষীলৈ ফোন

সৰ্প বিশেষজ্ঞৰ মতে যেতিয়ালৈকে ফেঁটী সাপক জোকোৱা নহয় তেতিয়ালৈকে ই সাধাৰণতে কাকো দংশন নকৰে। সেয়ে সুৰজে সাপটোক ডিঙিত ধৰি পত্নী উত্তৰাৰ হাতত উঠাই দি দংশনৰ বাবে বাধ্য কৰিবলগীয়া হৈছিল। 

অনুসন্ধানকাৰী দলৰ মতে সুৰজে কাণ্ডটো সংঘটিত কৰিয়েই ফলৰ ৰস খাবলৈ দিয়া গিলাছটো ধুইছিল। লগতে সাপটোক ধৰিবলৈ ব্যৱহাৰ কৰা ষ্টিকডাল নষ্ট কৰি পেলাইছিল আৰু মোবাইলৰ পৰা ফোনকলৰ সকলো ৰেকৰ্ড ডিলিট কৰি দিছিল।

উত্তৰাৰ মাক মণিমেখলা বিজয়নে আৰক্ষীক জনোৱা মতে, যেতিয়া পিছদিনা পুৱা তেওঁ জীয়ৰীৰ কোঠাত সোমাইছিল তেতিয়া উত্তৰাক বিছনাত মুখ মেলি পৰি থকা দেখিছিল। 'তাইৰ মুখখন মেল খাই আছিল। বাওহাতখন বিছনাৰ পৰা তললৈ ওলমি আছিল। কোঠাটোত সুৰজো আছিল।’ -মাকে সুধিছিল।

সুৰজক উত্তৰাৰ মাকে কন্যাক তেনে অৱস্থাত দেখি প্ৰশ্ন কৰিছিল, 'তুমি তাই সাৰে আছে নে নাই সেয়া কিয় চোৱা নাছিলা?’ তেতিয়া সুৰজে উত্তৰ দিছিল, 'মই তেওঁ শুই থকা বাবে আমনি কৰিব খোজা নাছিলো।’

ততালিকে মাক-দেউতাক আৰু স্বামী সুৰজে উত্তৰাক হাস্পতাললৈ নিছিল। স্বাস্থ্য পৰীক্ষাৰ অন্তত চিকিৎসকে উত্তৰাক মৃত ঘোষণা কৰাৰ লগতে বিহপান কৰাৰ ফলত মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে। শৰীৰত বিষাক্ত দ্ৰব্যৰ উপস্থিতি ধৰা পৰাত চিকিৎসালয়ৰ তৰফৰ পৰা আৰক্ষীক ফোনযোগে অৱগত কৰোৱা হয়।


উত্তৰাক ফেঁটীয়ে দংশন কৰা সেই কোঠাটো...

অট’পছি ৰিপ’ৰ্টত উত্তৰাৰ বাওহাতত দুঠাইত সৰু আঘাত ধৰা পৰে। দুয়োটা আঘাতৰ দুৰত্ব ১ ইঞ্চিতকৈও কম আছিল। তেজ আৰু আন্তঃঅংগৰ ৰিপ’ৰ্টত ফেঁটী সাপৰ বিষ আৰু চেতনানাশক দ্ৰব্যৰ উপস্থিতিও ধৰা পৰে। ফেঁটী সাপৰ বিষে হাওফাওৰ মাংসপেশীসমূহক অকামিলা কৰাত সৰ্প দংশনৰ কেইঘণ্টামানৰ ভিতৰতে উত্তৰাৰ মৃত্যু ঘটাৰ কথাও পৰীক্ষাত পোহৰলৈ আহে।

মেডিকেল ৰিপ’ৰ্টত এই কথা জানিব পৰাৰ পিছতে উত্তৰাৰ মাক-দেউতাকে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ২৪ মে’ত সুৰজক নিজ পত্নীৰ অসাধাৰণ মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰি সোধ-পোচ আৰম্ভ কৰে। ৭৮ দিনৰ তদন্ত আৰু অনুসন্ধানৰ অন্তত ১০০০ পৃষ্ঠাৰ অভিযোগনামাসহ আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়।

দুবাৰকৈ সাপৰ দ্বাৰা দংশন কৰোৱা হৈছিল উত্তৰাক 

আদালতত চিকিৎসকৰ লগতে পশু চিকিৎসকসহ ৯০জনৰো অধিক লোকে সাক্ষ্য প্ৰদান কৰে। আৰক্ষীয়ে সুৰজৰ কল ৰেকৰ্ড, ইণ্টাৰনেট ব্ৰাউজিং হিষ্ট্ৰী, ঘৰৰ পিছফালৰ বাগিছাত পোৱা মৃত ফেঁটী সাপ, সুৰজৰ গাড়ীৰ ভিতৰত পোৱা চেতনানাশক দ্ৰব্যসহ একাধিক তথ্য-প্ৰমাণ আদালতত দাখিল কৰে। অনুসন্ধান প্ৰক্ৰিয়াত সুৰজে এবাৰ নহয়, দুবাৰকৈ সাপ ক্ৰয় কৰাৰ কথাও পোহৰলৈ আহে।

সমগ্ৰ ঘটনাটোৰ তদন্তৰ দায়িত্ব থকা বিষয়াই জনোৱা মতে সুৰজে ফেঁটী সাপটোৰ পূৰ্বে ৰাছেল ভাইপাৰ এটাও ক্ৰয় কৰিছিল। সুৰজে ক্ৰয় কৰা এই ৰাছেল ভাইপাৰটোৱেই মৃত্যুৰ কেইমাহমান পূৰ্বে উত্তৰাক দংশন কৰিছিল। কিন্তু সেইবাৰ উপযুক্ত সময়ত চিকিৎসা লাভ কৰাত উত্তৰাই প্ৰায় দুমাহ চিকিৎসালয়ত থকাৰ অন্তত সুস্থ হৈ উঠিছিল। 

প্ৰথমবাৰ সাপটোৱে দংশন কৰাৰ পিছতো উত্তৰা জীয়াই থকাত সুৰজে দ্বিতীয়বাৰৰ বাবে একেজন লোকৰ পৰাই ক্ৰয় কৰিছিল আন এটা সাপ। এইবাৰ ৰাছেল ভাইপাৰৰ পৰিৱৰ্তে সুৰজে ক্ৰয় কৰিছিল ফেঁটী। 

আৰক্ষীৰ সোধ-পোছত সাপ ধৰা আৰু সাপৰ খেল দেখুৱাই অহা সুৰেশ নামৰ লোকজনে এই কথা স্বীকাৰো কৰিছে। এজন পশু চিকিৎসকে আদালতত কয় যে খিৰিকিৰে টাইলছ লগোৱা পকীঘৰৰ বেডৰুমত ফেঁটী সাপ এটা প্ৰৱেশ কৰাৰ সম্ভাৱনা তেনেই সামান্য। বিষয়টো অধিক স্পষ্ট কৰিবলৈ এজন সাপ ধৰা লোক, ফেঁটী আৰু মানুহৰ ডেমী (মানুহৰ আকাৰৰ পুতলা)ৰ সহায়ত সমগ্ৰ ঘটনাৰ ৰিক্ৰিয়েট কৰা হয়। 

পশু চিকিৎসক তথা সৰ্প বিশেষজ্ঞসকলৰ মতে নিশাৰ ভাগত ফেঁটী ইমান সক্ৰিয় হ’ব নোৱাৰে। 'যেতিয়া আমি ফেঁটী সাপক ডেমীৰ ওপৰত উঠাই দিছিলো তেতিয়া সি ডেমীটোক পিন্ধাই থোৱা শাৰীৰ বাবে পিছলি গৈছিল আৰু কোঠাটোৰ চুকলৈ গৈ লুকাইছিল। যেতিয়া আমি কোব্ৰাটোক খং উঠাই দিছিলো তেতিয়া সি ফেঁট মেলিছিল যদিও ডেমীটোক আক্ৰমণ কৰা নাছিল।’-এইদৰে আদালতক কয় অনুসন্ধানত জড়িত এগৰাকী বিষয়াই।


উত্তৰাৰ পিতৃ-মাতৃৰ ঘৰটো

পিছত যেতিয়া কোব্ৰাটোৰ ডিঙিত ধৰা হৈছিল আৰু ডেমীটোৰ প্লাষ্টিকৰ হাতত থকা মুৰ্গীৰ মাংসৰ এটা টুকুৰাত দংশন কৰিছিল। মাংস টুকুৰাত দংশন কৰাত দুঠাইচ ক্ষতচিহ্ন হৈছিল আৰু সেই ক্ষতচিহ্ন দুটাৰ দূৰত্ব উত্তৰাৰ বাওহাতত থকা ক্ষতচিহ্ন দুটাৰ মাজত থকা দূৰত্বৰ সমান আছিল।

ঘটনাৰ সমগ্ৰ বিৱৰণ শুনি ন্যায়াধীশ এম মনোজে মন্তব্য কৰি কয়, 'এয়া জঘন্যতকৈয়ো এক অতি জঘন্য হত্যাকাণ্ড।’ ন্যায়াধীশগৰাকীয়ে সুৰজক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰি আৰু কয় যে সুৰজে উত্তৰাৰ হত্যাৰ পৰিকল্পনা কৰাৰ লগতে সমগ্ৰ ঘটনাটো সৰ্প দংশনৰ ঘটনাৰ ৰূপ দিবলৈকো আন এক সমান্তৰাল পৰিকল্পনা কৰিছিল। 

এবছৰৰ পূৰ্বৰে পৰা কৰিছিল পত্নীক হত্যাৰ পৰিকল্পনা

অনুসন্ধানকাৰী বিষয়াসকলৰ মতে চাৰি মাহত পত্নীক হত্যা কৰাৰ এয়া আছিল তৃতীয়টো চেষ্টা। স্থানীয় এটা বেংকত কালেকশ্যন এজেণ্ট হিচাপে কাম কৰা সুৰজে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত সাপৰ খেল দেখুওৱা সুৰেশ নামৰ লোকজনক লগ পাইছিল। সাপ ধৰা সুৰেশৰ পৰা সুৰজে ১০০০০ টকাত ক্ৰয় কৰিছিল এটা ৰাছেল ভাইপাৰ। সাপটোক এটা প্লাষ্টিকৰ কণ্টেইনাৰত ঘৰলৈ লৈ গৈছিল আৰু পিছফালৰ কাঠৰ টুকুৰাৰ মাজত লুকুৱাই ৰাখিছিল।

আৰক্ষীৰ সোধ-পোছত সুৰজে স্বীকাৰ কৰা মতে, ২৭ ফেব্ৰুৱাৰীত সুৰজে নিজৰ ঘৰৰ প্ৰথম মহলাত সাপটো এৰি দিছিল। তাৰ পিছত পত্নী উত্তৰাক ফোনটো আনিবলৈ ওপৰলৈ পঠিয়াই দিছিল।

উত্তৰাৰ মাকে আৰক্ষীক জনোৱা মতে, ফোনটো আনিবলৈ ওপৰলৈ যাওতে উত্তৰাই সাপটো দেখা পাই চিঞৰ-বাখৰ লগাইছিল। উত্তৰাৰ চিঞৰ শুনি সুৰজ ওপৰলৈ উঠি আহিছিল আৰু সাপটোক এডাল লাঠিৰে ধৰি বাহিৰলৈ লৈ গৈছিল।

২ মাৰ্চত সুৰজে পুনৰ পত্নী উত্তৰাক সৰ্প দংশন কৰাবলৈ চেষ্টা কৰে। এইবাৰ সি উত্তৰাৰ খাদ্যত নিচাযুক্ত দ্ৰব্য মিহলাই দিয়ে আৰু শুবলৈ যোৱাৰ সময়ত বেডৰুমত সেই একেটা ভাইপাৰকে এৰি দিয়ে।

এইবাৰ কিন্তু সাপটোৱে উত্তৰাক দংশন কৰে। উত্তৰাই বিষত মৰণকাতৰ চিঞৰ মাৰে। সাপটোৱে উত্তৰাৰ ভৰিত দংশন কৰিছিল। সাপটোৱে দংশন কৰাৰ পিছত উত্তৰাৰ চিঞৰ শুনি সুৰজ কোঠাটোলৈ আহে আৰু সাপটোক প্ৰহাৰ কৰি খিৰিকিৰে বাহিৰলৈ দলিয়াই দি উত্তৰাৰ মাক-দেউতাকক ফোনযোগে অৱগত কৰে। নিশাই উত্তৰাৰ মাক-দেউতাকে ঢপলিয়াই আহে আৰু চিকিৎসালয়ত ভৰ্তি কৰাই।

আইচিইউ বেড থকা চিকিৎসালয় বিচাৰোতে উত্তৰাৰ মাক-দেউতাকক সেইদিনা নিশা দুইঘণ্টাতকৈও বহু সময় লাগিছিল। লগত আছিল অভিনয়ত সিদ্ধহস্ত হত্যাকাৰী জোৱায়েক সুৰজ। উত্তৰাৰ ভৰি উখহি গৈছিল আৰু ৰক্তক্ষৰণ হৈছিল। তিনিটা অস্ত্ৰোপচাৰৰ অন্তত উত্তৰাক ৫২ দিন চিকিৎসালয়তে ৰাখিবলগীয়া হৈছিল। ৰিলিজ দিয়াৰ পিছত মাক-দেউতাকে বিশ্ৰামৰ বাবে নিজ কন্যাক কোল্লমস্থিত ঘৰলৈ লৈ আহিছিল।

স্থানীয় সংবাদ মাধ্যমৰ আগত উত্তৰাৰ পিতৃ বিজয়সেন বিদ্যাধাৰণে ঘটনা সন্দৰ্ভত কয়, 'আমাৰ কেৰালাত সৰ্প দংশন তেনেই সাধাৰণ ঘটনা। সেয়ে ইয়াৰ আঁৰত যে আপোন মানুহৰে এনে নিকৃষ্ট পৰিকল্পনা থাকিব পাৰে সেয়া আমাৰ সপোনৰো অগোচৰ আছিল।’

ইণ্টাৰনেটৰ সহায়ত পত্নী হত্যাৰ চেষ্টা সুৰজৰ

সুস্থ হৈ চিকিৎসালয়ৰ পৰা মাক-দেউতাকৰ ঘৰলৈ উভতি অহাৰ পিছত সুৰজেও চিকিৎসালয়ত কেবাদিনো মিছা অভিনয় কৰাৰ অন্তত পথানমথিট্টাত থকা নিজৰ ঘৰলৈ আহিছিল। ঘৰলৈ আহি নিজৰ কণমানি পুত্ৰক মাক-দেউতাকৰ সৈতে খেলিবলৈ এৰি দি সি পুনৰ ব্যস্ত হৈ পৰিছিল পত্নীক হত্যাৰ আন এক পৰিকল্পনা ৰচনাত।

অনুসন্ধানকাৰী দলটোৰ অনুপ কৃষ্ণ নামৰ এগৰাকী বিষয়াই বিবিচিৰ সাংবাদিক সৌতিক বিশ্বাস আৰু আছৰফ পদন্নাক জনোৱা মতে পত্নীয়ে চিকিৎসালয়ত মৃত্যুৰে যুঁজি থকা সময়ত সুৰজে ইণ্টাৰনেটত সাপৰ বিষয়ে ছাৰ্চ কৰি নতুন পৰিকল্পনা ৰচিছিল। 'উত্তৰা হাস্পতালত থকাৰ সময়তে সুৰজে ইণ্টাৰনেটত সদায় সাপৰ বিষয়ে ছাৰ্চ কৰিছিল। সাপ কিদৰে ৰাখিব পাৰি, কি সাপৰ কিমান বিষ এইবোৰ বিষয়ক লৈ থকা বিভিন্ন ভিডিঅ’ ইণ্টাৰনেটত চাইছিল সুৰজে।’-এইদৰে কয় বিষয়াগৰাকীয়ে।


সুৰজ-উত্তৰাৰ বিয়াৰ পিছৰ ফটো

'২০১৯ চনত উত্তৰা আৰু সুৰজৰ জীৱনলৈ আহিছিল এটি পুত্ৰ সন্তান। সন্তানটিৰ নাম ৰাখিছিল ধ্ৰুৱ। ধ্ৰুৱৰ জন্মৰ পিছৰে পৰা উত্তৰাক হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল সুৰজে। সুৰজৰ ইণ্টাৰনেটৰ ব্ৰাউজিং হিষ্ট্ৰীৰ পৰা জানিব পৰা গৈছে যে তেতিয়াৰে পৰা সি বিষাক্ত সাপৰ বিষয়ে ছাৰ্চ কৰিছিল আৰু ইউটিউবত সাপ সম্পৰ্কীয় ভিডিঅ’ চাই আহিছিল। কেৰালাৰ এজন জনপ্ৰিয় সৰ্প বিশেষজ্ঞ আৰু সৰ্প উদ্ধাৰকাৰী লোকৰ ইউটিউব চেনেল এটাও প্ৰায়ে চাইছিল সুৰজে। এই চেনেলটোত থকা ৰাছেল ভাইপাৰৰ ভিডিঅ’ এটা সুৰজে কেবাবাৰো চাইছিল।’-অনুপ কৃষ্ণৰ মন্তব্য।

সম্পত্তিৰ লোভ আৰু নাগিনীৰ অভিশাপগ্ৰস্ত উত্তৰা!

সুৰজে নিজৰ আত্মীয়-স্বজন আৰু বন্ধুসকলক যেতিয়াই পত্নীৰ কথা কৈছিল তেতিয়াই কৈছিল যে তাৰ পত্নী উত্তৰাই সপোনত প্ৰায়েই সাপ দেখে। পত্নী উত্তৰা নাগিনীৰ দ্বাৰা অভিশাপগ্ৰস্ত বুলিও বন্ধুসকলক কৈ আহিছিল সুৰজে। লোক বিশ্বাসমতে নাগিনীৰ অভিশাপ লগা ব্যক্তিৰ সৰ্প দংশনত মৃত্যু হয়।

'সুৰজৰ পত্নী উত্তৰা স্নায়ুজনিত ৰোগত আক্ৰান্ত আছিল। সেয়ে সি উত্তৰাক হত্যা কৰি উত্তৰাৰ পিতৃ-মাতৃৰ সকলো সম্পত্তি হস্তগত কৰি আন ছোৱালীক বিয়া কৰোৱাৰ পৰিকল্পনা কৰিছিল। কিয়নো উত্তৰা আছিল মাক-দেউতাকৰ একমাত্ৰ কন্যা। যিহেতু উত্তৰাৰ এটি সন্তান আছে সেয়ে নাতিয়েকৰ ভালৰ বাবে আন কোনো নথকা উত্তৰাৰ পিতৃ-মাতৃয়ে সকলো সম্পত্তি তাকেই দিব বুলি নিশ্চিত হৈ আছিল সুৰজ। সেয়ে সুৰজে অস্ত্ৰ বা আন কোনো উপায়ৰ পৰিৱৰ্তে সাপকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল।’-এইদৰে কয় ঘটনাটোৰ তদন্তৰ দায়িত্বত থকা শীৰ্ষ আৰক্ষী বিষয়া অপুকুট্টন অশোকে।

আৰক্ষী বিষয়া অশোকে আৰু কয়, 'সুৰজে নিজকে নিৰ্দোষী সজোৱাৰ বাবে সাপক মাধ্যম হিচাপে লৈছিল। কেৰালাত সৰ্প দংশনত বহু লোকৰ মৃত্যু হয়। সেয়ে সৰ্প দংশনত উত্তৰাৰ মৃত্যু হোৱা হ’লে কোনেও সন্দেহ নকৰিব বুলি ভাবিয়েই সি সাপ ক্ৰয় কৰিছিল। সুৰজে যথেষ্ট সাৱধানতাৰে পৰিকল্পনা ৰচিছিল আৰু তৃতীয় চেষ্টাত সফল হৈছিল। কিন্তু অপৰাধ সংঘটিত কৰিলে তাৰ সম্পূৰ্ণ চিন নাইকিয়া কৰাতো মুঠেই সম্ভৱ নহয়। সেয়ে সকলো পোহৰলৈ আহিল।’

দেশৰ জ্যেষ্ঠ অধিবক্তা মোহনৰাজ গোপালকৃষ্ণণে এই ঘটনাক এক অতি জঘন্য আৰু ভয়ানক ঘটনা হিচাপে অভিহিত কৰিছে। 'মানুহ কিমান তললৈ নামিব পাৰে সেয়া এই ঘটনাৰ পৰা অনুমান কৰিব পাৰি। আৰক্ষীয়ে যি ধৰণে তদন্ত আৰু অনুসন্ধান চলাই প্ৰকৃত সত্য পোহৰলৈ আনিলে সেয়া নিসন্দেহে প্ৰশংসনীয়। এই ঘটনাক আৰক্ষীৰ সফল অনুসন্ধানৰ এক মাইলৰ খুঁটি আখ্যা দিব পাৰি। আৰক্ষীৰ সফল অনুসন্ধানৰ বাবেই এজন জঘন্য অপৰাধীয়ে আজি আদালতৰ মজিয়াত শাস্তি পাবলৈ সমৰ্থ হ’ল।’-অমাতৰ প্ৰাণীকো কিদৰে মানুহে আপোন মানুহকো হত্যা কৰিবলৈ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে সেয়া সঁচাকৈয়ে আশ্বৰ্যজনক বুলি উল্লেখ কৰি এইদৰে কয় জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে।