সময় সলনি হৈছে। আপুনি জানেনে যে অনাগত দিনত ভাৰতত ডিজিটেল মাৰ্কেটিং অবিহনে কোনো ব্যৱসায়েই টিকিব নোৱাৰিব? দেশৰ প্ৰতিষ্ঠিত ডিজিটেল মাৰ্কেটিং কনছালটেণ্ট Deepak Kanakarajuৰ মতে ভাৰতত ইতিমধ্যে এক বৃহৎ খণ্ড হিচাপে পৰিগণিত হৈছে ডিজিটেল মাৰ্কেটিং।

কোম্পানীবোৰেও নিজৰ উৎপাদিত সামগ্ৰী আৰু সেৱাৰ বিজ্ঞাপন ক’ত দিয়ে? নিসন্দেহে য’ত বিজ্ঞাপন দিলে অধিক লোকৰ কাষ চাপিব পাৰি তেনে ঠাইতেই দিব। মানুহে টিভি চাই, ৰেডিঅ’ শুনে আৰু বাতৰি কাকত পঢ়ে। সেয়ে কোম্পানীবোৰে তেনে মাধ্যমবোৰত বিজ্ঞাপন দিয়ে।

পিছে এতিয়া নিজৰ কথাই ভাবকচোন। আপুনিনো কিমান সময় টিভি চায়? আপুনিনো কিমান সময় ৰেডিঅ’ শুনে? আপুনিনো কিমান সময় বাতৰি কাকত পঢ়ে? নিশ্চয় তেনেই কম সময় আপুনি টিভি চায় আৰু বাতৰি কাকত পঢ়ে। ৰেডিঅ’ হয়তো একেবাৰেই নুশুনে। কেৱল আপুনিয়েই নে? আপোনাৰ ওচৰ-চুবুৰীয়া, বন্ধু-বৰ্গকো সুধি চালে একে উত্তৰেই পাব।

এইবোৰৰ পৰিৱৰ্তে আপুনি, মই, সকলোৱে অধিক সময় কটাও মোবাইল ফোন, টেবলেট বা লেপটেপত। আনকি এই লেখাটোও আপুনি ইণ্টাৰনেটতে পঢ়ি আছে। অৰ্থাৎ এটা কথা নিসন্দেহে ক’ব পাৰি যে মোবাইল, ছ’চিয়েল মিডিয়া (ফেচবুক, হোৱাটছএপ আদি) আৰু ইণ্টাৰনেটৰ বাবে আপুনি তথা আপোনাৰ চিনাকি প্ৰায় প্ৰতিজনৰেই টিভি চোৱা আৰু বাতৰি কাকত পঢ়াতো দ্ৰুতগতিত হ্ৰাস পাই আহিছে।

এয়াই স্বাভাৱিক। এয়া কোনো বেয়া কথা নহয়। যুগৰ সৈতে মিলি চলিবলৈ হ’লে টিভি চোৱা আৰু বাতৰি কাকত পঢ়াতো কমাই দিবলৈ আপুনি বাধ্য। নহ’লে আপোনাৰ অযথা সময় নষ্ট হ'ব আৰু পিছপৰি ৰ’ব লাগিব।

এনেকৈয়ে এতিয়া পৰম্পৰাগত মিডিয়াই দ্ৰুতগতিত জনপ্ৰিয়তা হেৰুৱাবলৈ লৈছে। সেয়ে ভাৰতত প্ৰায় প্ৰতিটো প্ৰতিষ্ঠানে টিভি আৰু বাতৰি কাকতৰ বিজ্ঞাপনতকৈ ডিজিটেল মাৰ্কেটিঙত অধিক গুৰুত্ব আৰোপ কৰিছে। সৰ্বভাৰতীয় ৰাজনৈতিক দল আৰু বেচৰকাৰী সংস্থাসমূহেও ডিজিটেল চেনেলৰ সহায় ল’বলৈ বাধ্য হৈ পৰিছে।

জিঅ’ৰ আগমনৰ পিছত ভাৰতৰ লগতে অসমৰো চেহেৰা সম্পূৰ্ণৰূপে সলনি হৈ পৰিছে। কিন্তু অসমৰ প্ৰতিষ্ঠানসমূহে বৰ্তমানো ডিজিটেল মাৰ্কেটিঙত পৰ্যাপ্ত পৰিমাণে গুৰুত্ব আৰোপ কৰা দেখিবলৈ পোৱা হোৱা নাই। অসমৰ প্ৰতিষ্ঠানসমূহে এতিয়াও পৰম্পৰাগত টিভি, ৰেডিঅ’ আৰু বাতৰি কাকতৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে। ফলত দেশৰ আন ৰাজ্যৰ প্ৰতিষ্ঠানসমূহৰ তুলনাত তেনেই পিছপৰি ৰ’বলৈ বাধ্য হৈ পৰিছে অসমৰ উদ্যোগ, প্ৰতিষ্ঠানসমূহ।

কিন্তু চিন্তাৰ কোনো কাৰণ নাই। বৰং ডিজিটেল মাৰ্কেটিং অসমৰ বাবে অধিক সুবিধাজনক হৈ পৰাহে দেখা গৈছে। ইউনিকোডত অসমীয়া ভাষাৰ ব্যৱহাৰ পূৰ্বতকৈ কেবাগুণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। গতিকে এতিয়া অসমীয়া ভাষাতে অসমৰ ৰাইজৰ কাষলৈ লৈ যাব পাৰে আপোনাৰ প্ৰতিষ্ঠানৰ উৎপাদিত সামগ্ৰী বা সেৱা।

অৱশ্যে ইয়াৰ বাবে প্ৰয়োজন হ’ব সঠিক পৰিকল্পনাৰ। মনত ৰাখিব, কেৱল ফেচবুকত পেজ খুলি দুই এটা আপলোড দিয়াটোৱেই ডিজিটেল মাৰ্কেটিং নহয়। ডিজিটেল মাৰ্কেটিং হৈছে বৰশীৰ টোপ সদৃশ। বৰশীটোত তেনেই সামান্য টোপ এটা লগাই যিদৰে টোপতকৈ কেবাগুণে ডাঙৰ মাছ ধৰিব পাৰি ঠিক তেনেকৈ ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তেও তেনেই সামান্য খৰচ কৰি আপুনি লাভ কৰিব পাৰে দুগুণ উপাৰ্জন। বৃদ্ধি কৰিব পাৰে আপোনাৰ প্ৰতিষ্ঠান তথা ব্যৱসায়ৰ পৰিসৰ। অসমৰ ৰাইজক পলকতে আকৰ্ষিত কৰিব পৰাকৈ আপোনাৰ প্ৰতিষ্ঠানৰ বাবে ডিজিটেল মাৰ্কেটিং কৰিবৰ বাবে যদিহে আপুনি আগ্ৰহী তেন্তে আমাৰ সৈতে dhanantari@outlook.comত যোগাযোগ কৰিব পাৰে। 

যদিহে আপুনি নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছে তেন্তে আপুনি ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে আপোনাৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিব পাৰে। ব্যৱসায় যিকোনো হ’ব পাৰে। একেবাৰে সাধাৰণ দোকানৰ পৰা আৰম্ভ কৰি বৃহৎ ব্যৱসায়লৈকে। শুনি আচৰিত হ’ব যে মুম্বাইত পাচলি ব্যৱসায়ৰো ডিজিটেল মাৰ্কেটিঙেৰে কম সময়ৰ ভিতৰতে ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰি অধিক লাভান্বিত হ’বলৈ সমৰ্থ হৈছে কেবাগৰাকী ব্যৱসায়ী। সেয়ে আহক, যুগৰ সৈতে মিলি চলক। পৰম্পৰাগত মাধ্যমত বিজ্ঞাপনৰ নামত অধিক ব্যয় কৰাৰ পৰিৱৰ্তে ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে তেনেই কম ধন খৰছ কৰি অধিক ধন লাভ কৰক।


♦ লেখক ধনন্তৰি এগৰাকী সাংবাদিক আৰু ডিজিটেল মাৰ্কেটিং কনছালটেণ্ট। ধনন্তৰি অসমীয়া ভাষাত ডিজিটেল সংবাদিকতাক বিশেষ মাত্ৰা প্ৰদান কৰা সাংবাদিকসকলৰ ভিতৰত অন্যতম।