আশংকা কৰা ধৰণেই অসমৰ কেবাখনো জিলাৰ গাহৰিৰ মাজত আফ্ৰিকান ছুৱাইন ফিভাৰ হোৱাতো পৰীক্ষাত নিশ্চিত হৈছে। ইয়াৰ পিছতে উদ্বিগ্ন হৈ পৰিছে গাহৰি পালকসকল। কি এই আফ্ৰিকান ছুৱাইন ফিভাৰ। ইয়াৰ বিৰুদ্ধে গাহৰি পালকসকলে কিদৰে যুঁজ দিব? এই সন্দৰ্ভত মনোজ কুমাৰ বসুমতাৰীয়ে ইংৰাজীত লিখা লেখাটোৰ অসমীয়া ৰূপ পাঠকসকললৈ আগবঢ়োৱা হ'ল। অসমীয়া ৰূপ দিছে NNOৰ সম্পাদক হেমন্ত ফুকনে


♦ ভূপালস্থিত আই চি এ আৰ-নেশ্যনেল ইনষ্টিটিউট অব্ হাই ছিকিউৰিটি এনিমেল ডিজিজৰপৰা নমুনাৰ ফলাফল অহাৰ লগে লগে অসম আৰু অৰুণাচল প্ৰদেশত আফ্ৰিকান ছুৱাইন ফিভাৰ (ASF)-এ গাহৰি পালনৰ খণ্ডটোলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিলে। এই ৰোগ সংক্ৰমণৰ বিৰুদ্ধে সঠিক আৰু প্ৰণালীবদ্ধ ব্যৱস্থা সময়ত গ্ৰহণ নকৰিলে অনাগত দিনত এই ৰোগ উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ বাকী আংশতো বিয়পি নপৰিব বুলি ক’ব নোৱাৰি। এই ৰোগৰ সংক্ৰমণ সীমাৱদ্ধ কৰি ৰখা আৰু প্ৰতিৰোধ কৰিবৰ বাবে কভিড-১৯ৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৱলী সদৃশ কৌশল গ্ৰহণ কৰিব পৰা যায়।

কি এই আফ্ৰিকান ছুৱাইন ফিভাৰ (ASF)?

আফ্ৰিকান ছুৱাইন ফিভাৰ অতি বেছি সংক্ৰমিত হোৱা মাৰাত্মক ভাইৰাছজনিত গাহৰিৰ ৰোগ, য’ত বিভিন্ন চিকিৎসাজনিত লক্ষণৰ লগতে বিভিন্ন অংগ বিকল হৈ যায়। ভৰতত ইতিমধ্যে সংক্ৰমণ হোৱা ক্লাছিকেল ছুৱাইন ফিভাৰৰ সৈতে ASFৰ পাৰ্থক্য সাধাৰণ পৰ্যৱেক্ষণত ধৰা পেলোৱা কঠিন যদিও ইয়াৰ কাৰণ সম্পূৰ্ণ পৃথক ভাইৰাছ। 

ASFৰ উৎস

ৱাৰ্থ’গ নামৰ প্ৰজাতিৰ গাহৰিৰ বসভূমি আফ্ৰিকাৰ ছাহাৰা অঞ্চলৰ দেশসমূহ (দক্ষিণ আফ্ৰিকক বাদ দি), বনৰীয়া গাহৰিৰ বসতিপ্ৰধান ভাৰত মহাসাগৰৰ কিছু দ্বীপ, জৰ্জিয়া, ৰাছিয়া, পূব ইউৰোপৰ দেশসমূহ আৰু ছাৰ্দিনিয়া হ’ল এই ৰোগৰ উৎস। এই ৰোগে ২০১৮ চনৰ আগষ্টত চীনত প্ৰৱেশ কৰে তেতিয়াৰেপৰা ৰোগবিধ ভিয়েটনাম, ফিলিপিনছ, কাম্বোডিয়া, লাওছ, দক্ষিণ কোৰিয়া আৰু ম্যানমাৰলৈ বিয়পি পৰে।

আক্ৰান্তৰ বয়সসীমা

সকলো বয়সৰ গাহৰি আক্ৰান্ত হ’ব পাৰে।

লক্ষণসমূহ জানি লওক 

অত্যধিক সংক্ৰমিত আৰু প্ৰায় মৃত্যু অনিবাৰ্য এই ভাইৰাছৰ সংক্ৰমণৰ ৪-৫ দিনৰ পাছতেই গাহৰিৰ জ্বৰ, নিষ্প্ৰভতা, শ্বাস-প্ৰশ্বাসত জটিলতা, বমি, কাহ, নাক আৰু চকুৰে পানী ওলোৱা, গাভিনী গাহৰিৰ গৰ্ভপাত, চূড়ান্ত অৱস্থাত শৰীৰ নীলা পৰি গৈ ৭ দিনৰ ভিতৰত মৃত্যু হয়। দীঘলীয়া সময় এই ভাইৰাছত আক্ৰান্ত হৈ থকা গাহৰি শুকাই-খীনাই যায়, লেঙেৰা হয় আৰু ছালত ঘাঁ হয়।

প্ৰয়োজনীয় কৰণীয়

আফ্ৰিকান ছুৱাইন ফিভাৰ গাহৰিৰ অতি প্ৰাধান্য পোৱা ৰোগ আৰু এই ৰোগৰ চিনাক্তকৰণৰ পাছত দেশৰপৰা গাহৰি আৰু গাহৰিৰ পণ্য ৰপ্তানিত নিষেধাজ্ঞা জাৰি কৰা হয়। এই ৰোগে মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি নানে।

অসমৰ কেইখনমান জিলাত বৃহৎ সংখ্যক গাহৰিৰ মৃত্যু হোৱা ঘটনাই বহুতৰে মনত বিভ্ৰাটৰ সৃষ্টি কৰিছে। ইয়াৰ বাবে ৰোগ নিৰ্ণায়ত্মক পৰীক্ষা কৰা হৈছে। ইয়াৰে কেতবোৰ আশা কৰাৰ দৰে ক্লাছিকেল ছুৱাইন ফিভাৰ পোৱা গৈছে। অৱশ্যে একাংশ পৰীক্ষাত আফ্ৰিকান ছুৱাইন ফিভাৰ ধৰা পৰিছে, যিটোৱে সংশ্লিষ্ট মহলক সচেতন কৰি তুলিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত একাংশ নমুনা ভূপালৰ আই চি এ আৰ-নেচনেল ইনষ্টিটিউট অব্ হাই ছিকিউৰিটি এনিমেল ডিজিজলৈ প্ৰেৰণৰ সিদ্ধান্ত লোৱা হয়।

এতিয়া এইটো প্ৰমাণ হৈছে যে অসমলৈ মাৰাত্মক আফ্ৰিকান ছুৱাইন ফিভাৰ আহি পাইছে। আমাৰ ক্ষতি নুন্যতম কৰি ৰাখিবৰ বাবে আমি কেতবোৰ ব্যৱস্থা হাতত ল’ব লাগিব। এটা ৰোগৰ ক্ষেত্ৰত সংক্ৰমণৰ আচম্বিত আৰম্ভণি (outbreak)ৰ গতি অতি গুৰুত্বপূৰ্ণ বিষয়। সেয়ে আমি নিম্নোক্ত পৰিসীমা সৃষ্টি কৰিব লাগিবঃ

Outbreak Zone – 1 km radius
Control Zone – 3-5 km radius
Surveillance Zone – 10 km radius or more (ভৌগলিক অৱস্থান আৰু গাহৰিৰ ঘনত্ব অনুযায়ী)

১) ৰোগৰ বাবে বৃহৎ সংখ্যক গাহৰিৰ মৃত্যু আৰু অসুস্থ হোৱা অঞ্চল (pocket) চিনাক্ত কৰা। নমুনা সংগ্ৰহ কৰিব লাগিব আৰু অঞ্চলটো Outbreak, Control Zone আৰু Surveillance Zoneত ভাগ কৰিব লাগিব।

২) Outbreak Zoneত নমুনা সংগ্ৰহ কৰিব লাগিব আৰু নিধন (culling)ৰ সিদ্ধান্ত ল’বলগীয়া হ’ব পাৰে। যদি নিধনৰ সিদ্ধান্ত লোৱা হয়, কৃষকসকলক সঠিক ক্ষতিপূৰণ নিশ্চিতভাৱে দিব লাগিব। মৃত গাহৰিবোৰ সঠিকভাৱে পুতি পেলাব লাগে আৰু ইয়াক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিব লাগে। বহু ক্ষেত্ৰত ৰোগ সংক্ৰমণ মৃত গাহৰি ভালদৰে পুতি নেপেলোৱাৰ বাবে হয়। ৬ ফুট গভীৰ গাঁত খান্দি মৃত গাহৰি পুতি ওপৰত কীটানুনাশক ছটিয়াই দিব লাগে।

৩) মৃত গাহৰি মুকলিত পেলাই দিয়া আৰু নদীত উটুৱাই দিয়া কাৰ্যক শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰিব লাগে।

৪) Control Zoneত গাহৰিৰ সকলো গতি-বিধি আৰু বাহিৰা লোকৰ প্ৰৱেশ নিয়ন্ত্ৰণ কৰিব লাগিব। আৱশ্যে গাহৰি নিধনৰ বাবে প্ৰয়োজনীয় লোক, বীজাণুমুক্তকৰণত জড়িত লোক, পশু চিকিৎসকসকল আৰু স্থানীয় বাসিন্দা এই নিয়মৰপৰা বাহিৰত থাকিব। এই Zoneৰপৰা কোনো গাহৰি বাহিৰলৈ বিক্ৰী বা পৰিবহণ কৰিব নোৱাৰিব।

৫) Control Zoneত কোনো গাহৰি মাংসৰ বাবে নিধন, বিক্ৰী, গাহৰি মাৰি মাংসৰ বাবে গোটাকৈ বিক্ৰী আৰু গাহৰিৰ কোনো উপজাত দ্ৰব্য (by-product) বিক্ৰী নিষিদ্ধ হ’ব।

৬) Control Zoneত গাহৰিৰ দানা বিক্ৰী কৰিব পৰা যাব।

৭) ASFৰ বিৰুদ্ধে জড়িত আৰু Control Zoneৰ বাসিন্দাৰ বাবে অত্যাৱশ্যকীয় গাড়ীৰ বাদে আন গাড়ীৰ অহা-যোৱা নিয়ন্ত্ৰণ কৰা।

সংক্ৰমণ

ASFৰ কাৰক সংস্পৰ্শ। অকল গাহৰিৰপৰা গাহৰিলৈয়ে এই ৰোগ যে বিয়পে এনে নহয়। এই ভাইৰাছ পোছাক, যন্ত্ৰ-পাতি, বাহন, দানাৰ জৰিয়তে, প্ৰজনন আৰু আনকি বাহিৰৰ কোনো লোক ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিলেও এই ৰোগৰ ভাইৰাছ আহিব পাৰে। এই ৰোগৰপৰা ফাৰ্মখনক বচাই ৰখাৰ একমাত্ৰ মন্ত্ৰ হৈছে, প্ৰত্যেককে ফাৰ্মৰপৰা আঁতৰাই ৰাখক। 

যান-বাহনেও ASF আনিব পাৰে। গতিকে ফাৰ্মৰ চৌহদত গাড়ী পৰাপক্ষত সোমাবলৈ দিব নালাগে। যদি সেয়া সম্ভৱ নহয়, তেন্তে গাড়ীৰ চকা আৰু বাহিৰখন বীজাণুমুক্ত কৰি লওক। ফাৰ্মৰ কৰ্মচাৰীয়ে ব্যৱহাৰ কৰা পথ ব্যৱহাৰ নকৰিব আৰু ষ্টাফৰ পাৰ্কিঙৰ আঁতৰত পাৰ্কিং কৰাওক।

মাখিৰ নিয়ন্ত্ৰণ অতি জৰুৰী। বহু ভাইৰাছৰ সংক্ৰমণ শ্বাস-প্ৰশ্বাসৰ জৰিয়তে হয় যদিও ASFৰ সংক্ৰমণ এইদৰে হোৱাৰ সম্ভাৱনা অলপ কম। কিন্তু মাখি হ’ল ASFৰ পোনপটীয়া সংস্পৰ্শৰ মাধ্যম (direct contact medium)। ASFৰ সংক্ৰমণত মাখিক এটা মেকানিকেল ভেক্টৰ হিচাপে চিহ্নিত কৰা হৈছে।

চৰায়ো আন এটা উদ্বেগৰ কাৰণ। সংক্ৰমিত অঞ্চলৰ কাষৰ ফাৰ্মত কিছু ব্যয়সাপেক্ষে ৱায়াৰৰ নেট দিলে উপকাৰ পোৱা যাব। ফাৰ্মত পাইপেৰে পানী মাৰি পৰিস্কাৰ কৰা অতি গুৰুত্বপূৰ্ণ।

বীজাণুনাশক দ্ৰব্যৰ ব্যৱহাৰৰ লগতে ডিটাৰ্জেণ্টৰ ব্যৱহাৰ সমানে গুৰুত্বপূৰ্ণ। ই গাহৰিৰ সংস্পৰ্শলৈ আহিব পৰা বীজাণু হ্ৰাস কৰি গাহৰিৰ প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।