সাংবাদিকতাৰ ক্ষেত্ৰখন বহুক্ষেত্ৰত  বিপজ্জনক হ’লেও সংবাদ সংগ্ৰহ কৰিবলৈ গৈ সাংবাদিক এজনে প্ৰাণ দিব লগা হোৱা কথাষাৰ মানি ল’বলৈ টান। অথচ ২০১৮ চনত সমগ্ৰ বিশ্বত ৮০ গৰাকী সাংবাদিকক হত্যা কৰা হৈছে। 

ইয়াৰে ৪৯ জন সাংবাদিক তেওঁলোকৰ বাতৰিয়ে সংশ্লিষ্ট পক্ষৰ ৰাজনৈতিক-অৰ্থনৈতিক-ব্যক্তি স্বাৰ্থক আঘাত হনা বাবেই হত্যা কৰা হৈছে ২০১৮ বৰ্ষত। 

ইফালে¸ সমগ্ৰ বিশ্বত সাংবাদিকৰ বাবে অতি বিপজ্জনক ঠাই টুকুৰা যদি হয় আফগানিস্তান¸ ভাৰতৰ স্থানো কিন্তু একেবাৰে তলত নহয়। 

এই বছৰ পাঁচজন সাংবাদিকক হত্যা কৰা হৈছে ভাৰতত। এই পাঁচ হত্যাকাণ্ডৰে সাংবাদিক হত্যাৰ তালিকাত পঞ্চম স্থান দখল কৰিছে ভাৰতে। ইৰাক আৰু পাকিস্তানক পিচ পেলাই এই দিশত আমাৰ দেশ শীৰ্ষত। 

এই তথ্য প্ৰকাশ কৰিছে ৰিপোৰ্টাছ উইথআউট বৰ্ডাৰছ (RSF)ৰ সমীক্ষাত। 

২০১৮ বৰ্ষত আফগানিস্তান ১৫ জন¸ ছিৰিয়াত ১১ জন¸ মেক্সিকোত ৯ জন¸ ইয়েমেনত ৮ জন¸ ভাৰত-মাৰ্কিন যুক্তৰাষ্ট্ৰত ৬ জনকৈ সাংবাদিকক হত্যা কৰা হয়। 

সমীক্ষা অনুসৰি¸ সমগ্ৰ বিশ্বত মুঠ ৩৫০ জন সাংবাদিকক আটক কৰাৰ লগতে ৬০ জনক জৰিমনা বিহা হৈছে। তিনি জনৰ আজিলৈকে কোনো শুংসূত্ৰ নাই।

RSFৰ তথ্যত ভাৰতৰ দুটা ঘটনাক বিশেষ তাৎপৰ্য বুলি উল্লেখ কৰা হৈছে। বিহাৰত ‘দৈনিক ভাস্কৰ’ কাকতৰ দুই সাংবাদিক নবীন নিচ্চল¸ বিজয় সিংহক গাড়ীৰ পৰা নমাই হত্যা কৰা হয় ২৫ মাৰ্চ তাৰিখে। অভিযোগৰ আঙুলি উঠে গাঁৱপ্ৰধানৰ বিৰুদ্ধে। 

মধ্যপ্ৰদেশৰ বালি মাফিয়াৰ বিৰুদ্ধে তদন্তমূলক বাতৰি পৰিৱেশন কৰা বাবে ট্ৰাকেৰে চেপি হত্যা কৰা হয় টিভি ৰিপোৰ্টাৰ সন্দিপ শৰ্মাক। প্ৰাণনাশৰ হুমকি পোৱা বুলি আৰক্ষীক অভিযোগ দিছিল। কিন্তু শেষ ৰক্ষা নহ’ল।

সমীক্ষাত ছৌদি সাংবাদিক জামাল খাচগিৰ হত্যাৰ বিষয়টো বিশেষভাৱে উল্লেখ কৰা হৈছে।