newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় আৰু বিৰোধী দলৰ মাজত তুমুল প্ৰতিদ্বন্দিতা সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ তদুপৰি আগন্তক নিৰ্বাচনত নিজ নিজ দলক জয়যুক্ত কৰাৰ স্বাৰ্থত লোকপ্ৰিয়তা অৰ্জনৰ ক্ষেত্ৰতো দলীয় নেতা মন্ত্ৰী সকল উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে৷ 

বিশেষকৈ কেন্দ্ৰীয় শাসকীয় দলৰ নেতা অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুনৰ এবাৰ জয়যুক্ত হৈ কেন্দ্ৰত চৰকাৰ গঠনৰ বাবে ন ন কৌশল অৱলম্বন কৰি নাগৰিকৰ মন জয় কৰাৰ বাবে চেষ্টা চলাই গৈছে৷ ইফালে পিছ পৰি ৰোৱা নাই বিৰোধী দল কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীও৷ আগন্তক নিৰ্বাচনত তেওঁ প্ৰধানমন্ত্ৰী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াই কেন্দ্ৰৰ এনডিএ চৰকাৰক উভৰাই শাসকৰ গাদী দখল কৰাৰ ৰণত নামি পৰিছে৷

তেনে সময়তে ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰৰ দ্বাৰা পৰিচালিত সংস্থা আই-পিএচি অৰ্থাৎ ইণ্ডিয়ান পলিটিকেল এক্সন কমিটিয়ে এক অনলাইন পৰ্যবেক্ষণৰ দ্বাৰা কোনজন নেতা কিমান জনপ্ৰিয় তাৰ এক সমীক্ষা প্ৰস্তুত কৰি উলিয়াইছে৷ অনলাইন পৰ্যবেক্ষণৰ সময়ত সংস্থাটোৱে দেশৰ ৭১২ খন জিলাৰ প্ৰায় ৫২ লাখ নাগৰিকৰ সৈতে বাৰ্তালাপ কৰে৷ ৫৫ দিন ধৰি চলোৱা এই পৰ্যবেক্ষণত নাগৰিকক ৯২৩ গৰাকী নেতাৰ বিষয়ে তেওংলোৰ মন্তব্য সোধা হৈছিল৷

আই-পিএচি সংস্থাৰ সমীক্ষাৰ ভিত্তিত নাগৰিক সকলৰ মাজত সাবতকৈ জনপ্ৰিয় নেতা হিচাপে স্বীকৃতি লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ তেওঁক ৪৮ শতাংশ লোকে ভোট প্ৰদান কৰি এই স্বীকৃতি প্ৰদান কৰে৷ আনহাতে জনপ্ৰিয় নেতাৰ তালিকাৰ দ্বিতীয় স্থান দখল কৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে৷ তেওঁ ১১ শতাংশ লোকৰ ভোট লাভ কৰে৷ সেই হিচাপত ৰাহুল গান্ধীৰ তুলনাত নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তা প্ৰায় ৩ গুন বেছি৷

উল্লেখ্য যে, পৰ্যবেক্ষণৰ সময়ত সংস্থাটোৱে কোন জন নেতাই ভাৰতক অৰ্থনৈতিক তথা সামাজিক দিশত আগবঢ়াই নিব পাৰিব বুলি নাগৰিকসকলক প্ৰশ্ন কৰিছিল৷ নাগৰিকে এই প্ৰশ্নৰ উত্তৰত প্ৰকাশ কৰা নেতাৰ নামৰ দ্বাৰাই নেতাগৰাকীৰ জনপ্ৰিয়তাৰ সমীক্ষা প্ৰস্তুত কৰা হৈছিল৷  

আই-পিএচিৰ অনলাই পৰ্যবেক্ষণৰ সমীক্ষাত নৰেন্দ্ৰ মোডীয়ে ৪৮ শতাংশ, ৰাহুল গান্ধীয়ে ১১ শতাংশ জনপ্ৰিয়তাৰ ভোট লাভ কৰাৰ উপৰিও দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালে ৯.৩ শতাংশ, অখিলেশ যাদৱে ৭ শতাংশ, মমতা বেনাৰ্জীয়ে ৪.২ শতাংশ আৰু মায়াবতীয়ে ৩.১ শতাংশ জনপ্ৰিয়তাৰ ভোট লাভ কৰে৷