নতুন দিল্লীঃ ৰোহিত শৰ্মাৰ অপৰাজিত বিস্ফোৰক শতকেৰে আইচিচি বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন খেলত ৬ উইকেটত জয়ী টীম ইণ্ডিয়া। টচত জয়ী হৈ প্ৰথমে বেট ধৰি প্রতিপক্ষ দক্ষিণ আফ্ৰিকাই কৌহলী বাহিনীক জয়ৰ বাবে বান্ধি দিছিল ৯ উইকেটৰ বিনিময়ত ২২৮ ৰাণৰ লক্ষ্য। 

দক্ষিণ আফ্ৰিকাৰ হৈ ক্ৰিছ মৰীচে সৰ্বাধিক ৪২ ৰাণ কৰাৰ বিপৰীতে অধিনায়ক ফাফ ডু প্লেচিয়ে ৩৮ ৰাণৰ বৰঙণি আগবঢ়ায়। তাৰ পৰিৱৰ্তে দলটোৰ অন্যসকল বেটছমেন ৰাণ কৰাত ব্যৰ্থ হয়। ভাৰতীয় দলৰ হৈ স্পীনাৰ য়ুবীন্দ্ৰ চহলে ৫১ ৰাণৰ বিনিময়ত লাভ কৰে চাৰিটা উইকেট। ইয়াৰ উপৰিও যশপিত বুমৰাই, ভুৱনেশ্বৰ কুমাৰে লাভ কৰে দুটাকৈ উইকেট আৰু স্পীনাৰ কুলদ্বীপ যাদৱে লাভ কৰে এটা উইকেট।

প্ৰত্যুত্তৰ ভাৰতীয় দলটোৱে আৰম্ভণিতে অপেনাৰ শিখৰ ধৱন উইকেত হেৰুৱাই বিপদত পৰিছিল যদি অধিনায়ক বিৰাট কৌহলী আৰু ৰোহিত শৰ্মাৰ যুটীয়ে দলক আগৱঢ়াই লৈ যায়। দললৈ অপেনাৰ ৰোহিত শৰ্মাই অপৰাজিত ১২২ ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ উপৰিও ভাৰতীয় কে এল ৰাহুলে ২৬ ৰাণ, মহেন্দ্ৰ সিং ধুনীয়ে ৩৪ ৰাণৰ বৰঙণি আগবঢ়ায়। ইফালে, ব্যক্তিগত স্কৰ ১৮ ৰাণ কৰি আউট হয় অধিনায়ক কৌহলী। দক্ষিণ আফ্ৰিকাৰ হৈ কাংগিছো ৰাবাদাই লাভ কৰে দুটা উইকেট।

আনহাতে, বুধবাৰে হোৱা খেলখনত প্ৰথমবাৰৰ বাবে ধাৰা ভাষ্যকাৰ ৰূপত দেখা যায় মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰক।