ডিজিটেল ডেস্কঃ ৰিলায়েন্স জিঅই ভাৰতত টেলিকম বজাৰখনত আন টেলিকম কোম্পানীবোৰক প্ৰতিযোগীতাৰপৰা বাহিৰ কৰাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ কৰিছে। দেশজুৰি আকোৱালি লোৱা জিঅৰ ফলতে চলিত বৰ্ষৰ জানুৱাৰী-মাৰ্চৰ ভিতৰতে আইডিয়াই এক বৃহৎ লোকচানৰ সমুখীন হ’বলগা হৈছে। 

নিৰ্ধাৰণ কৰা পৰিমাণতকৈও আগবাঢ়ি ৩২৮ কোটিৰ লোকচান হৈছে আইডিয়াৰ। ইয়াৰে আগৰ বাৰৰ কোৱাৰ্টাৰতো আইডিয়া চেলুলাৰে ৩৮৪ কোটি টকাৰ লোকচানৰ সমুখীন হৈছিল। এনেদৰে দ্বিতীয়বাৰৰ বাবে লোকচানৰ সমুখীন হৈছে আইডিয়া। 

জিঅৰ নাম উল্লেখ নকৰাকৈ আইডিয়াৰ মুখপাত্ৰই কয় যে চলিত বৰ্ষত অভাৱনীয় ধৰণে বিপৰ্যয়ৰ সমুখীন হ’বলগা হৈছে। নতুনকৈ বজাৰত প্ৰৱেশ কৰা কোম্পানীয়ে বিনামূলীয়া ভইচ কল আৰু ম’বাইল ডাটা দিয়াৰ ফলত এনে হোৱা বুলি কয় মুখপাত্ৰজনে। 

অৱশ্যে ৰিলায়েন্স জিঅই ইয়াৰ সেৱাৰ বাবে এতিয়া চাৰ্জ লগোৱা হেতুকে আগন্তুক বৰ্ষত লাহে লাহে এই বিপৰ্যয় নোহোৱা হ’ব বুলি জনায় মুখপাত্ৰজনে।