newsnextone.com | কোকৰাঝাৰঃ এগৰাকী উচ্চপদস্থ আৰক্ষীৰ বিষয়াৰ পত্নীয়ে দৈহিক সুষমাৰে সকলো প্ৰতিযোগিকে চেৰ পেলাই আজুৰি আনিলে মিচেছ ৰয়েল ইণ্ডিয়া ইউনিভাৰ্চ খিতাপ৷ 

মিচেছ ৰয়েল ইণ্ডিয়া ইউনিভাৰ্চ খিতাপৰ ৰেম্পত খোজ দি মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয় বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালাৰ পত্নীয়ে৷ বিটিএডিৰ আইন শৃংখলাৰ দিশ যোৱা কেইবাটাও বছৰ ধৰি চম্ভালি থকা বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালৰ সহধৰ্মিনীয়ে আৰক্ষী বিভাগ তথা বিটিএডিলৈ এই খিতাপ অৰ্জন কৰি সুনাম কঢ়িয়াই আনিছে৷ 

কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী প্ৰৱক্তা স্মিতা দেৱে সন্মানীয় মিচেছ ৰয়েল ইণ্ডিয়া ইউনিভাৰ্চ নামৰ সৌন্দৰ্য প্ৰতিযোগিতাত অংশ লৈ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ নতুন দিল্লীৰ গুৰগাঁৱত যোৱা ২৯ মে’ত অনুষ্ঠিত হোৱা সৌন্দৰ্য প্ৰতিযোগিতাত চূড়ীন্ত ৰাউণ্ডত ৬০ গৰাকী প্ৰতিযোগিতাৰ ভিতৰত মিচেছ ৰয়েল ইণ্ডিয়া ইউনিভাৰ্চ খিতাপ অৰ্জন কৰে কৰিবলৈ সক্ষম হয় স্মিতা দেৱে। উল্লেখ্য যে, ২০০২ চনতো স্মিতা দেৱে মিচ চাউথ আছামৰ দ্বিতীয় ৰাণাৰ্ছ আপৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল।

প্ৰচুৰ মেধাৱী স্মিতা দেৱ সম্প্ৰতি অসম বিশ্ববিদ্যালয়ৰ পিএইচডি স্কলাৰ আৰু ইয়াৰ পূৰ্বে দূৰদৰ্শনৰ লোকসভা চেনেলত কাম কৰিছিল। স্মিতা দেৱে কিছুদিন পিছত ফিলিপাইনছত অনুষ্ঠিত হবলগীয়া আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা সদৰি কৰি আত্মবিশ্বাসেৰে প্ৰচুৰ কষ্ট কৰিলে সফলতা লাভ কৰিবলৈ সক্ষম হ’ব পাৰি বুলি মন্তব্য আগবঢ়ায়।