পাক প্ৰধানমন্ত্ৰীয়ে ভয় খাইছে নেকি ভাৰতক! কি ক’লে খানে?

ডিজিটেল ডেক্স: পুলৱামাৰ সন্ত্ৰাসবাদী ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে। খানে কয় যে¸ ‘পাকিস্তানৰ ভূমিৰ পৰা সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা দিয়া হোৱা নাই’। ‘মিছা তথ্য প্ৰমানেৰে পাকিস্তানৰ বিৰুদ্ধে অভিযোগ আনিছে ভাৰতে’।

‘যদি ভাৰত চৰকাৰে তথ্য প্ৰমাণ দিয়ে তেতিয়া অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ সাজু পাকিস্তান’। ‘যদি ভাৰতে ভাবিছে পাকিস্তানৰ সৈতে যুদ্ধ কৰাৰ কথা¸ তেন্তে  আৰম্ভ কৰিব পাৰে কিন্তু ইয়াৰ পৰিণতি কি হ’ব সেইয়া নেদেখাজনে জানিব।

খানে এইদৰেও কয় যে¸ ‘সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি আমাৰ কি লাভ’? ‘পাকিস্তানত এতিয়া সুস্থিৰ শাসন আৰম্ভ হৈছে’।
‘ইয়াৰ পিছত আমি কি কাৰণত সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰিম’।

পাক প্ৰধানমন্ত্ৰী ইমৰান খানে প্ৰকাশ কৰা মন্তব্যৰ পিছত ভাৰতে কি প্ৰত্যুত্তৰ দিব সেইয়া লক্ষণীয় হ’ব। 
অৱশ্যে পাক প্ৰধানমন্ত্ৰী খানৰ ভাষ্য কিছু নৰম। কি কাৰণত খানে সুৰ সলাইছে সেইয়া সময়ে ক’ব।