ডিজিটেল ডেস্কঃ মোহময়ী অভিনেত্ৰী চানী লিয়নীক হয়তো আপুনি বহুতো ৰূপত দেখিছে৷ কেতিয়াবা অভিনয় কৰোতে বা কেতিয়াবা নৃত্য কৰোতে৷ এইবাৰ মুখত প্ৰলেপ সনা আন এটা ৰূপে চানী লিয়নীক চৰ্চালৈ আনিছে।

বলীউডৰ অভিনেত্ৰী গৰাকীয়ে শেহতীয়াকৈ ইনষ্টাগ্ৰামত আপলোড কৰা দুখন ফটোক লৈ অনুৰাগীৰ মাজত কৌতুহলৰ সৃষ্টি হয়।৷ অভিনেত্ৰীগৰাকীয়ে সোমবাৰে ইনষ্টাগ্ৰামত নিজৰ মুখত প্ৰলেপ সানি থকা দুখন ফটো আপলোড কৰে৷ ইয়াৰ পাছতেই চানী লিয়নীৰ ফটো দুখন ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ 

আচলতে চানীৰ এইয়া কোনো সৌন্দৰ্য্য চৰ্চাৰ ফটো নহয়, এয়া তেওঁৰ এক নতুন প্ৰজেক্টৰ বাবেহে প্ৰস্তুতি৷ যাক ইংৰাজীত প্ৰচঠেটিকচ বুলি কয়৷ অভিনেত্ৰীগৰাকীয়ে কিন্তু এতিয়ালৈকে এই নতুন প্ৰজেক্টটো কি হ’ব সেই বিষয়ে কোনো কথা সদৰী কৰা নাই৷