নতুন দিল্লীঃ কৰ’না মহামাৰীৰ ফলত বিপৰ্যস্ত হৈ পৰিছে দেশৰ অৰ্থনীতি। এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা হিচাপে দেশৰ অতি ধনী লোকসকলৰ ওপৰত কৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ চৰকাৰক প্ৰস্তাৱ আগবঢ়াইছে এদল বৰ্ষীয়ান আয়কৰ কৰ্মচাৰীয়ে। একেদৰে বিদেশী বহুজাতিক প্ৰতিষ্ঠানসমূহৰ ওপৰতো লেভি বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে এইসকল কৰ্মচাৰীয়ে।

ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিছেছ (IRS) এছ’চিয়েশ্যন নামৰ আয়কৰ বিভাগৰ কৰ্মচাৰীসকলৰ সংস্থাটোৱে এই সন্দৰ্ভত কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ অধ্যক্ষ পি চি মোদীক এখন পত্ৰও প্ৰেৰণ কৰিছে। উক্ত পত্ৰখনতে চৰকাৰক এনে পৰামৰ্শ আগবঢ়াইছে সংস্থাটোৱে।

যোৱা ২৩ এপ্ৰিলত প্ৰদান কৰা এই পত্ৰত কেৱল মাত্ৰ সৎ, নিয়মানুৱৰ্তিতা মানি চলা ব্যক্তিসকল যিসকলে সময়মতে কৰ পৰিশোধ কৰে সেইসকলকহে অতিৰিক্ত কৰৰ পৰা ৰেহাই দিবলৈকো আহ্বান জনাইছে সংস্থাটোৱে। তেওঁলোকৰ মতে অতি ধনী লোকসকলৰ ওপৰত কৰৰ পৰিমাণ বৃদ্ধি কৰিলে কৰ’না মহামাৰীৰ ফলত দেশত দেখা দিয়া সংকট বহু পৰিমাণে হ্ৰাস কৰিব পৰা যাব।

উল্লেখ্য যে, বৰ্তমান যিসকল লোকৰ বাৰ্ষিক আয় ১ কোটি টকাৰ অধিক সেইসকলে ৩০ শতাংশ আয়কৰ দিব লাগে। এয়া হৈছে ভাৰতত আয়কৰৰ সৰ্বোচ্চ স্তৰ। সংস্থাটোৱে এতিয়া কৰ’নাৰ পৰিপ্ৰেক্ষিতত এই কৰ ৪০ শতাংশলৈ বৃদ্ধি কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে। একেদৰে যিসকল লোকৰ উপাৰ্জন ৫ কোটি টকাৰ অধিক সেইসকল লোকৰ ওপৰত সম্পদ কৰ পুনৰাই আৰোপ কৰিবলৈকো প্ৰস্তাৱ আগবঢ়াইছে IRS বিষয়াসকলৰ সংগঠনটোৱে।

'অতি উচ্চবিত্ত লোকসকলে ঘৰত বহিয়েই বৰ্তমান সময়তো বিলাসী কাম-কাজ অব্যাহত ৰাখিছে। কৰ’নাৰ ফলত হঠাৎ উদ্ভৱ হোৱা এই সংকটৰ পৰিস্থিতি অতি ধনী লোকসকলে অনায়াসে স্বাভাৱিক কৰি তুলিব পাৰে।’- পত্ৰখনৰ প্ৰস্তাৱত হ্ৰস্বকালীনভাৱে কৰ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াই এইদৰে উল্লেখ কৰিছে সংস্থাটোৱে।