চেন্নাইঃ ১১ জনলৈ বৃদ্ধি পালে দেশত কৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা লোকৰ সংখ্যা। বুধবাৰে পুৱতি নিশা তামিলনাডুত ৰাজাজী হাস্পতালত মৃত্যু হয় ৫৪ বছৰীয়া এজন কৰ’নাক্ৰান্ত। তামিলনাডুৰ স্বাস্থ্যমন্ত্ৰী চি বিজয়শংকৰে টুইট কৰি জনোৱামতে লোকজনৰ দীৰ্ঘদিন ধৰি COPDৰ সমস্যা আছিল। অনিয়ন্ত্ৰিত ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপতো আক্ৰান্ত হৈ আছিল লোকজন। 

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে জনাইছিল যে ৰাজ্যখনত নতুনকৈ ৩জনৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰিছিল। আটাইকেইজনকে আইছ’লেশ্যনত ৰখা হৈছে। 'চেন্নাইত ৩জনৰ ৰিপ’ৰ্ট পজিটিভ পোৱা গৈছে। নিউজীলেণ্ডৰ পৰা ওভতা এজন ৬৫ বছৰীয়া লোক বেচৰকাৰী হাস্পতালত ভৰ্তি হৈ আছে। ৫৫ বছৰীয়া এজন কিলপাউক হাস্পতাল আৰু লণ্ডনৰ পৰা ওভতা ২৫ বৰ্ষীয় যুৱতী এগৰাকী ৰাজীৱ গান্ধী চৰকাৰী চিকিৎসালয়ত ভৰ্তি হৈ আছে।’-এইদৰে কয় মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, মঙলবাৰৰ দিনটোত দেশত নতুনকৈ আক্ৰান্ত হৈছে ৫০ জনৰো অধিক লোক। দেশত এই পৰ্যন্ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছেগৈ ৫৬০জন। সকলোতকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহাৰাষ্ট্ৰ আৰু কেৰালাত। মহাৰাষ্ট্ৰত ১০৭ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে কেৰালাত আক্ৰান্ত হৈছে ১০৫ জন। মঙলবাৰৰ দিনটোত মহাৰাষ্ট্ৰত ৬জনকৈ লোকৰ দেহত পজিটিভ ধৰা পৰাৰ লগতে কেৰালাত ১৪ জনৰ দেহত পজিটিভ ধৰা পৰিছে।

আনহাতে, উত্তৰ-পূব ভাৰততো মঙলবাৰে কৰ’নাত আক্ৰান্ত হোৱা প্ৰথমটো ঘটনা পোহৰলৈ আহে মণিপুৰৰ পৰা। ৰাজ্যখনৰ ৰাজধানী চহৰ ইম্ফলত চিকিৎসাধীন হৈ আছে লণ্ডনৰ পৰা স্বগৃহলৈ ওভতা ২৩ বৰ্ষীয় যুৱতীগৰাকী। এনেদৰে সমগ্ৰ দেশতে পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ সম্ভাৱনালৈ চাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰি যোৱা নিশা ১২ বজাৰ পৰা সমগ্ৰ দেশতে ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰিছে।