বিশেষ প্ৰতিবেদনঃ মূল্যবৃদ্ধিৰ লগতে ক্ষুধাৰ জুয়েও দহিছে দেশ। ফলত বৃহস্পতিবাৰে প্ৰকাশ পোৱা Global Hunger Index অৰ্থাৎ বিশ্ব ক্ষুধা সূচকৰ তালিকাত আৰু অৱনমিত হৈছে ভাৰত। চলিত বৰ্ষত Global Hunger Indexত বিশ্বৰ ১১৬খন দেশৰ ভিতৰত ভাৰতে লাভ কৰিছে ১০১ নম্বৰ স্থান। ২০২০ চনত এই তালিকাত ভাৰত আছিল ৯৪ নম্বৰত। তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ তালিকাত ভাৰতক অতিক্ৰমি আগুৱাই গৈছে চুবুৰীয়া পাকিস্তান, বাংলাদেশ আনকি নেপালৰ দৰে দেশো। আনহাতে আন এখন চুবুৰীয়া ৰাষ্ট্ৰ চীনে এই তালিকাত আছে শীৰ্ষ স্থানত।

ইফালে, শুকুৰবাৰে Global Hunger Indexক ক্ৰুটিপূৰ্ণ আৰু চকু কপালত উঠা বিধৰ বুলি মন্তব্য কৰিছে ভাৰত চৰকাৰে। যি পদ্ধতিৰে Global Hunger Index নিৰ্ধাৰণ কৰা হয় সেয়া বিজ্ঞানসন্মতভাৱে কৰা হোৱা নাই বুলিও দাবী কৰিছে কেন্দ্ৰ চৰকাৰৰ এক সূত্ৰই। যিসকল প্ৰতিনিধিয়ে Global Hunger Index নিৰ্ণয়ৰ বাবে ভাৰতত সমীক্ষা চলাইছিল সেইসকলক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰে।

কোনে নিৰ্ণয় কৰে Global Hunger Index?

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা চমুকৈ FAOৰ নিৰীক্ষণত আমেৰিকাস্থিত ইণ্টাৰনেশ্যনেল ফুড পলিচি ৰিচাৰ্ছ ইনষ্টিটিউট (IFPRI) আৰু জাৰ্মানীস্থিত ৱেল্ট হাংগাৰ হিল্ফ (Welthungerhilfe) নামৰ সংস্থা দুটাই ২০০৬ চনৰ পৰা সমগ্ৰ বিশ্বৰ শতাধিক দেশক সামৰি Global Hunger Index প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। ২০০৭ চনত এই দুটা সংস্থাৰ সৈতে যুক্ত হয় আইৰিছ স্বেচ্ছাসেৱী সংস্থা কনছাৰ্ন ৱৰ্ল্ডৱাইড। ২০১৮ চনত মাৰ্কিন সংস্থা ইণ্টাৰনেশ্যনেল ফুড পলিচি ৰিচাৰ্ছ ইনষ্টিটিউটে এই প্ৰকল্পৰ পৰা আঁতৰি যোৱাৰ পিছৰে পৰা ৱেল্ট হাংগাৰ হিল্ফ আৰু কনছাৰ্ন ৱৰ্ল্ডৱাইড নামৰ সংস্থা দুটাই যুটীয়াভাৱে প্ৰতি বছৰে প্ৰকাশ কৰি আহিছে এই ৱৰ্ল্ড হাংগাৰ ইনডেক্স।

এই তালিকা প্ৰস্তুতৰ বাবে সামৰি লোৱা দেশসমূহৰ সমসাময়িক অৰ্থনৈতিক অৱস্থান, শিশুৰ স্বাস্থ্য আৰু সম্পদ ভোগৰ ক্ষেত্ৰত থকা অসমতাৰ দৰে বিষয়সমূহক প্ৰাধান্য দিয়া হয়। ইয়াৰ উপৰিও অপুষ্টিজনিত সমস্যা, শিশুৰ মৃত্যুৰ হাৰ আদিৰ দৰে আন কেতবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰি সংস্থা দুটাই নিৰ্ধাৰণ কৰে Global Hunger Index বা জিএইছআই স্ক’ৰ। 

সংস্থা দুটাই জনোৱা মতে, জিএইছআই স্ক’ৰ নিৰ্ণয়ৰ বাবে মূলতঃ চাৰিটা দিশ চালি-জাৰি চোৱা হয়। এই দিশ চাৰিটা হৈছে অপুষ্টি, উচ্চতা অনুপাতে কম ওজন থকা ৫ বছৰ বয়সৰ তলৰ শিশুৰ সংখ্যা, বয়স অনুপাতে উচ্চতা কম হোৱা ৫ বছৰ বয়সৰ তলৰ শিশুৰ সংখ্যা আৰু ৫ বছৰ বয়সৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ।

Global Hunger Indexত ভাৰতৰ স্ক’ৰ কিমান?

এইবাৰ ভাৰতৰ জিএইছআই স্ক’ৰ হৈছে ২৭.৫। বিগত বৰ্ষত তালিকাত ৯৪ নম্বৰ স্থানত থকা ভাৰতৰ জিএইছআই স্ক’ৰ আছিল ২৭.২। ২০২০ বৰ্ষতকৈ এইবাৰ জিএইছআই স্ক’ৰ সামান্য উন্নত হ’লেও কিন্তু ১০৭খন দেশৰ তালিকাত এইবাৰ ৭টা স্থান অৱনমিত হৈছে ভাৰত। শিশুৰ শাৰীৰিক বিকাশ বিশেষকৈ উচ্চতা অনুপাতে কম ওজন থকা ৫ বছৰ বয়সৰ তলৰ শিশু (child wasting)ৰ হাৰ চলিত বৰ্ষতো অপৰিৱৰ্তিত হৈয়ে আছে। ২০১৯ চনত এই হাৰ আছিল ২০.৮ শতাংশ। যোৱা দুটা বছৰত শিশুৰ শাৰীৰিক বিকাশৰ দিশটোত কিছু উন্নত হোৱাত এই হাৰ হৈছেগৈ ১৭.৩ শতাংশ।

উল্লেখ্য যে ভাৰতৰ Global Hunger Index বা জিএইছআই স্ক’ৰ ধাৰাবাহিকভাৱে পতন হৈ আছে। ২০০০ চনত ভাৰতৰ জিএইছআই স্ক’ৰ আছিল ৩৮.৮। পৰৱৰ্তী সময়ত এই স্ক’ৰ ক্ৰমাৎ হ্ৰাস পাবলৈ আৰম্ভ কৰে। এনেদৰে ২০১২ চনৰ পৰা ২০২১ চনৰ ভিতৰত ভাৰতৰ স্ক’ৰ ২৮.৮ৰ পৰা ২৭.৫ৰ ভিতৰতে উঠা-নমা হৈ থকা দেখা গৈছে। 

তালিকা প্ৰকাশ কৰি ভাৰত সন্দৰ্ভত সংস্থাটোৱে কৈছে, 'ক’ভিডৰ ফলত ভাৰত যি ধৰণৰ নিষেধাজ্ঞা জাৰি কৰা হৈছিল, তাৰ ফলত দেশৰ সৰ্বসাধাৰণ ৰাইজৰ অৱস্থা পানীত হাঁহ নচৰা সদৃশ হৈ পৰিছে। অপুষ্টিজনিত কাৰণত শিশুসকল আক্ৰান্ত হোৱাৰ পৰিমাণো এই সময়ত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।’

ভাৰতৰ চুবুৰীয়া দেশসমূহৰ অৱস্থা কেনেকুৱা?

বিশ্ব ক্ষুধা সূচকৰ শেহতীয়া তালিকাত ভাৰততকৈ আগত আছে প্ৰায়কেইখন চুবুৰীয়া ৰাষ্ট্ৰ। তালিকাত ম্যানমাৰৰ স্থান হৈছে ৭১। নেপাল আৰু বাংলাদেশ যৌথভাৱে আছে তালিকাৰ ৭৬ নম্বৰ স্থানত। চুবুৰীয়া পাকিস্তানে তালিকাত লাভ কৰিছে ৯২ নম্বৰ স্থান। চুবুৰীয়া ম্যানমাৰ, শ্ৰীলংকা, বাংলাদেশ আৰু পাকিস্তানে তালিকাত সামগ্ৰিকভাৱে ভাৰততকৈয়ো আগত অৱস্থান কৰিলেও Global Hunger Index প্ৰকাশ কৰা সংস্থা দুটাই ভাৰতসহ দেশকেইখনক সংকটজনক শ্ৰেণীতেই অন্তৰ্ভুক্ত কৰিছে। আনহাতে, নেপাল আৰু ভূটানক অন্তৰ্ভুক্ত কৰা হৈছে মজলীয়া শ্ৰেণীত। অৱশ্যে পৰ্যাপ্ত তথ্যৰ অভাৱত ভূটানক তালিকাত স্থান দিয়াৰ পৰা বিৰত আছে Global Hunger Index প্ৰকাশ কৰা সংস্থা দুটা।

তালিকাখনত ভাৰততকৈ পিছত থকা দেশকেইখন হৈছে পাপুৱা নিউগিনি, আফগানিস্তান, নাইজেৰিয়া, কংগো, লাইবেৰিয়া, মোজাম্বিক, য়েমেন, ছোমালিয়াসহ ১৫খনকৈ দেশ। চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক, চাদ, কংগো, মাদাগাস্কাৰ আৰু য়েমেন এই ৫ খন ৰাষ্ট্ৰক অন্তৰ্ভুক্ত কৰা হৈছে ভয়াৱহ শ্ৰেণীত। অতি ভয়াৱহ শ্ৰেণীৰ দেশ হিচাপে চিহ্নিত কৰা হৈছে ছোমালিয়াক। বিপৰীতে বেলাৰুছ, ব্ৰাজিল, ক্ৰোৱেচিয়া, চিলি তথা ভাৰতৰ আন এখন চুবুৰীয়া ৰাষ্ট্ৰ চীনসহ মুঠ ১৮ খন দেশে তালিকাত লাভ কৰিছে শীৰ্ষ স্থান।

উল্লেখ্য যে, ২০৩০ চনৰ ভিতৰত সমগ্ৰ বিশ্বকে ক্ষুধামুক্ত কৰাৰ সংকল্প আগত লৈ প্ৰতি বছৰে প্ৰকাশ কৰি অহা হৈছে এই তালিকা। কিন্তু এইবাৰ তালিকাৰ সৈতে প্ৰকাশ কৰা প্ৰতিবেদনত কোৱা হৈছে যে সম্পূৰ্ণৰূপে ক্ষুধামুক্ত বিশ্ব এতিয়াও বহু দূৰৈত। 'গ্ল’বেল হাংগাৰ ইনডেক্সৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা আনুমানিক ছবিত দেখা গৈছে যে সমগ্ৰ বিশ্ব বিশেষকৈ ৪৭ খন দেশক ২০৩০ চনৰ ভিতৰত সম্পূৰ্ণৰূপে ক্ষুধামুক্ত কৰিব পৰাতো হয়তো সম্ভৱ নহ’ব।’-এইদৰে কোৱা হৈছে গ্ল’বেল হাংগাৰ ইনডেক্সৰ প্ৰতিবেদনত।

প্ৰতিবেদনত আৰু উল্লেখ আছে, 'সংঘাত, জলবায়ু পৰিৱৰ্তন আৰু ক’ভিড মহামাৰী- এই তিনিটা অত্যন্ত মাৰাত্মক আৰু ভয়াৱহ কাৰকৰ ফলত শেহতীয়া বৰ্ষসমূহত ক্ষুধামুক্ত পৃথিৱী গঢ়াৰ ক্ষেত্ৰত যি সফলতা অৰ্জন কৰা হৈছিল সেই সফলতালৈ পুনৰ ভাবুকি নামি আহিছে।’

Global Hunger Indexক অস্বীকাৰ মোদী চৰকাৰৰ

ক্ৰমাৎ অৱনমিত হোৱা Global Hunger Indexক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰত চৰকাৰে। বৃহস্পতিবাৰে সমগ্ৰ বিশ্বজুৰি এই তালিকা প্ৰকাশ পোৱাৰ পিছতে আজি এক বিবৃতিযোগে Global Hunger Indexৰ গ্ৰহণযোগ্যতা আৰু বিশ্বাসযোগ্যতাক লৈ সন্দেহ ব্যক্ত কৰিছে ভাৰতে। বিবৃতিটোত Global Hunger Index প্ৰকাশ কৰা সংস্থা দুটাই যি পদ্ধতিৰে এই তালিকা প্ৰকাশ কৰিছে সেই পদ্ধতি বিজ্ঞানসন্মত নহয় বুলি দাবী কৰিছে ভাৰত চৰকাৰে। কোনোধৰণৰ কষ্ট নকৰাকৈয়ে অনুমানৰ ওপৰত ভিত্তি কৰি উক্ত তালিকা প্ৰকাশ কৰা বুলিও বিবৃতিটো উল্লেখ কৰিছে ভাৰতে। 

'ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা চমুকৈ FAOৱে যি পদ্ধতি ব্যৱহাৰ কৰে সেয়া মুঠেই বিজ্ঞানসন্মত নহয়। মাত্ৰ ৪ টা প্ৰশ্নৰ ওপৰত ভিত্তি কৰি Gallupৰ জৰিয়তে যি দুটা সংস্থাই সমীক্ষা চলাইছে সেয়া সম্পূৰ্ণৰূপে আসোঁৱাহযুক্ত। অপুষ্টিৰ পৰিমাণ যেনে উক্ত সময়ছোৱাত জনসংখ্যা অনুপাতে খাদ্যসামগ্ৰীৰ উপলব্ধতা কিমান আছিল সেয়া নিৰূপণ কৰিবলৈ কোনো বিজ্ঞানসন্মত পদ্ধতি গ্ৰহণ কৰা হোৱা নাছিল।’- Gallup নামৰ সংস্থাটোৰ জৰিয়তে টেলিফোনিক সমীক্ষাৰ ভিত্তিত তালিকা প্ৰস্তুত কৰা হৈছে বুলি দাবী কৰি বিবৃতিটোত এইদৰে কৈছে ভাৰত চৰকাৰে।

বিবৃতিটোত আৰু কৈছে, 'এই প্ৰতিবেদনে কৰ’না মহামাৰীৰ সময়ত ভাৰত চৰকাৰে হাতত লোৱা খাদ্য সুৰক্ষাৰ পদক্ষেপসমূহক আওকাণ কৰিছে। অপিনিয়ন প’লত চৰকাৰৰ তৰফৰ পৰা সৰ্বসাধাণৰ লোকে খাদ্য সামগ্ৰী লাভ কৰিছে নে নাই সেই সন্দৰ্ভত এটাও প্ৰশ্নৰ উল্লেখ নাই। এনেক্ষেত্ৰত অপিনিয়ন প’ল সম্পন্ন কৰা প্ৰতিনিধিসকলৰ কাম-কাজ ভাৰতৰ লগতে আন দেশসমূহৰ ক্ষেত্ৰটো সন্দেহজনক।’