নতুন দিল্লীঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ বৃহৎ জয়ে আনন্দিত কৰিছে পাকিস্তান দলক। অৰ্থাৎ পাকিস্তানৰ বাবে আঁতৰিল আন এক বাধা। পাকিস্তানৰ বাবে ছেমি ফাইনেলত প্ৰৱেশৰ আশা এতিয়াও সজীৱ হৈ আছে। এতিয়া পাকিস্তানৰ পথত বাধা হৈ থিয় দিছে ইংলেণ্ড, বাংলাদেশ আৰু শ্ৰীলংকা। ইফালে, ৭ খন মেচৰ ৬ খনত জয়লাভ কৰি অষ্ট্ৰেলিয়াই প্ৰৱেশ কৰিছে ছেমি ফাইনেলত।

ছেমি ফাইনেলত ভাৰতৰ প্ৰৱেশ প্ৰায় নিশ্চিত। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বিজয়ৰ পিছত ছেমি ফাইনেলত প্ৰৱেশৰ বাবে টীম ইণ্ডিয়াৰ আৰু এখোজ বাকী। ১১ পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত উপনীত হৈছে ভাৰত। 

পাকিস্তানৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পিছতো এতিয়া ছেমি ফাইনেলত প্ৰৱেশ কৰাটো প্ৰায় নিশ্চিত নিউজীলেণ্ড দলৰ। ৭ খন মেচত ১১ পইণ্টেৰে তালিকাৰ তৃতীয় স্থানত নিউজীলেণ্ড। এখন খেলত জয়লাভ কৰিলেই দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিব৷ 

৭ খন মেচত ৮ পইণ্টেৰে তালিকাৰ চতুৰ্থ স্থানত আছে আয়োজক দেশ ইংলেণ্ড। সুন্দৰ আৰম্ভণি কৰা ইংলেণ্ড দলটোৰ সমীকৰণ খেলিমেলি হয় শ্ৰীলংকা আৰু অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হোৱাৰ পিছত। ছেমি ফাইনেলত প্ৰৱেশৰ বাবে ইংলেণ্ডে বাকী থকা খেলকেইখনত যিকোনো প্ৰকাৰে জয়ী হ’ব লাগিব। ইংলেণ্ডৰ বাবে এই প্ৰত্যাহ্বান সহজ নহ’ব কাৰণ সন্মুখত আছে ভাৰত আৰু নিউজীলেণ্ডৰ দৰে শক্তিশালী দল।

আনহাতে, ৭ খন খেলত ৭ পইণ্ট লাভ কৰিছে বাংলাদেশে। আফগানিস্তানৰ বিৰুদ্ধে জয়লাভ কৰি আত্মবিশ্বাসী বাংলাদেশ দল। ছেমি ফাইনেলত প্ৰৱেশৰ বাবে বাংলাদেশে আৰু দুখন খেলত জয়ী হ’ব লাগিব। বাংলাদেশৰ সন্মুখত আছে ভাৰত আৰু পাকিস্তান। গতিকে প্ৰত্যাহ্বান সহজ নহ’ব।

দক্ষিণ আফ্ৰিকা আৰু নিউজীলেণ্ডক পৰাস্ত কৰাৰ পিছত ছেমি ফাইনেলত প্ৰৱেশৰ আশা সজীৱ হৈ পৰিছে পাকিস্তান দলৰ বাবে। বৰ্তমান ৭ খন মেচত পাকিস্তান দলে লাভ কৰিছে ৭ পইণ্ট। তালিকাৰ ষষ্ঠ স্থানত আছে পাকিস্তান। ছেমিত প্ৰৱেশৰ বাবে পাকিস্তানে বাকী থকা দুখন খেলত জয়ী হ’ব লাগিব। আফগানিস্তান আৰু বাংলাদেশৰ মুখামুখি হ’ব পৰৱৰ্তী মেচত।

৬ খন মেচত ৬ পইণ্টেৰে তালিকাৰ সপ্তম স্থানত আছে শ্ৰীলংকা। ইংলেণ্ডৰ বিৰুদ্ধে বিজয়ে কিছু আশাৰ সঞ্চাৰ কৰিছে দলটোৰ। যদি বাকী থকা খেলসমীহত জয়ী হ’ব পাৰে তেন্তে ছেমিত প্ৰৱেশ কৰাৰ সুবিধা পাব পাৰে শ্ৰীলংকাই। কিন্তু বাকী থকা আটাইকেইখন খেলত জয়ী হোৱাটো সহজসাধ্য নহ’ব দলটোৰ বাবে। কিয়নো পৰৱৰ্তী খেলত দলটো মুখামুখি হ’ব দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ।