newsnextone.com | ডিজিটেল ডেস্কঃ বিশ্ব ক্ৰিকেটত আন এক ইতিহাস গঢ়িবলৈ সক্ষম হ’ল ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে৷ টি-২০ আন্তৰ্জাতিক খেলত দ্ৰুততম ক্ৰিকেটাৰ হিচাপে ২০০০ ৰাণ সম্পূৰ্ণ কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় বিৰাট কোহলীয়ে৷ 

আন্তৰ্জাতিক টি-২০ত ২০০০ ৰাণ সম্পূৰ্ণ কৰা কোহলী প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ হিচাপেও পৰিগণিত হয়৷ শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ চিৰিজৰ প্ৰথমখন মেচতেই তেওঁ এই কৃতিত্ব অৰ্জন কৰে৷

এই নজিৰৰ পৰা মাত্ৰ ৮ ৰাণ দূৰত আছিল ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে৷ ইংলেণ্ডৰ বিৰুদ্ধে খেলা প্ৰথমখন মেচত ১৬তম অভাৰত ভাৰতৰ স্ক’ৰ ২ উইকেটৰ বিনিময়ত ১৪২ ৰাণ থকা সময়ত কোহলীয়ে ২০০০ ৰাণৰ দেওনা অতিক্ৰম কৰে৷ 

উল্লেখ্য যে, এই পৰ্যন্ত বিশ্ব ক্ৰিকেটৰ মাত্ৰ ৩ গৰাকী খেলুৱৈয়েহে এই অনন্য নজিৰ গঢ়িবলৈ সক্ষম হৈছে৷ ৭৩ টা ইনিংছত ২২৭১ ৰাণ কৰি শীৰ্ষত আছে নিউজেলণ্ডৰ ক্ৰিকেটাৰ মাৰ্ক গুপ্তিল৷ তেওঁ ৬৮ টা ইনিংছত ২০০০ ৰাণ সম্পূৰ্ণ কৰিছিল৷

নিউজিলেণ্ড ক্ৰিকেটৰ আন এগৰাকী দুৰ্দান্ত ক্ৰিকেটাৰ ব্ৰেণ্ডন মেককুলামে ২০০০ ৰাণ সম্পূৰ্ণ কৰা ক্ৰিকেটাৰৰ তালিকাত দ্বিতীয় স্থানত আছে৷ তেওঁ ৭১ টা ইনিংছ খেলি ২১৪০ ৰাণ কৰিছে৷ ৬৬ টা ইনিংছত তেওঁ নিজৰ টি-২০ কেৰিয়াৰৰ ২০০০ ৰাণ সম্পূৰ্ণ কৰিছিল৷

শেহতীয়াকৈ টি-২০ ক্ৰিকেটৰ ২০০০ ৰাণ সম্পূৰ্ণ কৰা ক্ৰিকেটাৰৰ তালিকাত স্থান পাইছে পাকিস্তানৰ চোয়েব মালিকেও৷ সদ্য সমাপ্ত জিম্বাৱেৰ বিৰুদ্ধে চোয়েব মালিকে এই নজিৰ গঢ়ে৷ 

মালিকে ৯২ টা ইনিংছ খেলি ২০০০ ৰাণ সম্পূৰ্ণ কৰে৷ এইবাৰ বিৰাট কোহলীয়ে মাত্ৰ ৫৬ টা ইনিংছত ২০০০ ৰাণ সম্পূৰ্ণ কৰি দ্ৰুততম ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়৷

এই তালিকাৰ পৰা মাত্ৰ ১৯ ৰাণ দূৰত আছে ভাৰতীয় ক্ৰিকেটৰ হিট মেন খ্যাত ৰোহিত শৰ্মাও৷ আৰু ১৯ ৰাণ সম্পূৰ্ণ কৰিলে ৰোহিত শৰ্মা ২০০০ ৰাণ সম্পূৰ্ণ কৰা বিশ্বৰ পঞ্চমজন দ্ৰুততম ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ব৷