গুৱাহাটীঃ অৱশেষত দেশবাসীৰ উৎকণ্ঠাৰ অৱসান ঘটাই আইচিচি ক্ৰিকেট বিশ্বকাপৰ বুধবাৰে প্ৰথমখন খেল আৰম্ভ হ’ল। শক্তিশালী প্ৰতিপক্ষ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে আইচিচি বিশ্বকাপ ক্ৰিকেটৰ ২০১৯ ৰ প্ৰথমখন মেচক লৈ ইতিমধ্যে উৎকণ্ঠাৰে বাট চাইছে দেশবাসী। 

বিৰাট কৌহলিৰ নেতৃত্বত বিশ্বকাপ ক্ৰিকেটৰ এইবাৰ ভাৰতীয় দলটোৰ প্ৰায় সংখ্যক খেলুৱৈ এইবাৰ প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলিব। ভাৰতীয় সময় অনুসৰি বিয়লি তিনি বজাৰপৰা ইংলেণ্ডৰ চাউথেম্পটনৰ ৰ'জ বাউল ষ্টুডিয়ামত অনুষ্ঠিত হৈছে খেলখন।

উল্লেখ্য যে, ২০১৯ বিশ্বকাপ টুৰ্ণামেণ্টত ইতিমধ্যে দুখন খেলত অৱৰ্তীন হৈছে দক্ষিণ আফ্ৰিকা। দুয়োখন খেলতে পৰাস্ত হৈছে দলটোৰ। তাৰ পৰিৱৰ্তে আজি প্ৰথমখন খেলত নামিব ভাৰতীয় দলটো।

আনহাতে, প্ৰতিপক্ষ দক্ষিণ আফ্ৰিকাক পূৰ্বৰ দুয়োখন খেলত পৰাস্ত হ’লেও সহজভাৱে লোৱা নাই ভাৰতীয় দলটোৱে। কিয়নো বিশ্বকাপ ক্ৰিকেট ইতিহাসত দক্ষিণ আফ্ৰিকাই এতিয়ালৈকে চাৰিখন মেচ ভাৰতৰ লগত মুখামুখী হৈছে। তাৰে তিনিখন মেচ দক্ষিণ আফ্ৰিকা জয়ী হোৱাৰ বিপৰীতে ভাৰতীয় দলটোৰ জয়ী হৈছে মাত্ৰ এখন খেলত।