newsnextone.com | ডিজিটেল ডেস্কঃ দেশত ডিজিটেল লেনদেনকাৰীৰ সংখ্যা ক্ৰমাগত ভাবে বৃদ্ধি হৈছে৷ ইণ্টাৰনেট বিপ্লৱ আৰম্ভ হোৱাৰ লগে লগে মানুহে অনলাইন ব্যৱস্থাক আকোৱালি লোৱা পৰিলক্ষিত হৈছে৷ 

বিশেষকৈ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ চৰকাৰে নোটবন্দী কৰাৰ পিছতে চৰকাৰে কেশ্বলেচ ব্যৱস্থা ৰূপায়ন কৰাৰ বাবে ব্যাপক চেষ্টা অব্যাহত ৰাখিছে৷ বেছি সংখ্যাক ভাৰতীয়ই ডিজিটেল ওৱালেট ব্যৱস্থাত সাঙোৰ খাই পৰিছে৷ কিন্তু ইয়াৰ লগে লগে আশংকাও বৃদ্ধি হৈছে৷

আন্তঃৰাষ্ট্ৰীয় ডিজিটেল সংস্থা চমুকৈ FISৰ সমীক্ষাৰ এটি প্ৰতিবেদনত দেশৰ ১৮ শতাংশ ভাৰতীয়ই বেংকিং ব্যৱস্থাত প্ৰতাৰিত হৈছে৷ সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰতে বেংকিং ব্যৱস্থাত প্ৰতাৰিত লোকৰ সংখ্যা বেছি৷ সকলোতকৈ বেছি ভাৰতীয় লোকে বেংকিং ব্যৱস্থাত প্ৰতাৰিত হৈছে৷

ৰিপৰ্টত কোৱা মতে ২৭-৩৭ বছৰৰ বয়সৰ লোকে বেছি প্ৰতাৰিত হৈছে৷ এই বয়সৰ প্ৰতি ৪গৰাকীয়ে বেংক ব্যৱস্থাত প্ৰতাৰিত হৈছে৷ ব্ৰিটেইনৰ ৬ শতাংশ আৰু আমেৰিকাৰ ৮ শতাংশ লোকে প্ৰতাৰিত হয়৷