newsnextone.com | ডিজিটেল ডেস্কঃ আমেৰিকাৰ কনছাচ চহৰত ভাৰতীয় ছাত্ৰক গুলিয়াই হত্যা কৰা অভিযুক্ত সংঘৰ্ষত নিহত হয় বুলি জানিব পৰা গৈছে৷ সংঘৰ্ষত তিনিগৰাকী আৰক্ষী আহত হয়৷ দেওবাৰে আৰক্ষীয়ে অভিযুক্ত যুৱকজনক প্ৰত্যক্ষ কৰে৷ আৰক্ষীয়ে লগে লগে অভিযুক্তক ওচৰলৈ যায় আটক কৰাৰ চেষ্টা চলায়৷

সেই সময়ত আৰক্ষীক লক্ষ্য কৰি যুৱকজনে গুলী চলাই পলায়ন কৰাৰ চেষ্টা কৰে৷ তাৰ পিছতে অভিযুক্ত আৰু আৰক্ষীৰ মাজত খেদা খেদি লাগে৷ পুনৰ আৰক্ষীক লক্ষ্য কৰি গুলী চালনা কৰাত আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয় আৰু অভিযুক্তৰ দেহত গুলী লাগি মৃত্যুক আকোঁৱালি লয়৷

উল্লেখ্য যে, আমেৰিকাৰ মিচৌৰী বিশ্ববিদ্যালয়লৈ উচ্চ শিক্ষা লাভৰ বাবে যোৱা তেলেংগানাৰ শৰৎ কোপ্পু নামৰ ছাত্ৰজনক কনছাচ চহৰৰ এখন ৰেস্তোৰাত গুলিয়াই হত্যা কৰিছিল যোৱা ৬ জুলাইত৷ সন্ধিয়া এজন বন্দুকধাৰীয়ে ৰেস্তোৰা খনত প্ৰৱেশ কৰি গুলিচালনা কৰাত ভাৰতীয় ছাত্ৰজনে প্ৰাণ হেৰুৱায়৷

এই ঘটনাই ভাৰত আৰু আমেৰিকাত চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে ছাত্ৰজনক গুলিয়াই হত্যা কৰা অভিযুক্তক কানছাচ আৰক্ষীয়ে চিনাক্ত কৰিছিল৷ আৰক্ষীয়ে চিচিটিভি ফুটেজ প্ৰকাশ কৰে৷ চিচিটিভি ফুটেজত দেখা পোৱা মতে, এজন বাদামী আৰু সাধাৰণ ষ্ট্ৰিপ চাৰ্ট পৰিধান কৰা যুৱক ৰোস্তোৰাঁৰ ভিতৰত প্ৰৱেশ কৰে৷ তাত যুৱকজনে কিছু সময় তহল দিয়াৰ পিছত পুনৰ বাহিৰলৈ ওলাই আহে৷ 

আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা অনুসৰি চিচিটিভি ফুটেজত দেখা পোৱা যুৱকজনেই ভাৰতীয় ছাত্ৰজনৰ হত্যাকাৰী৷ তেওঁ ৰেস্তোঁৰাৰ ভিতৰত সোমাই ছাত্ৰজনক গুলিয়াই হত্যা কৰি তাৰ পৰা পলায়ন কৰে৷

আৰক্ষীয়ে এটা টুইট কৰি অভিযুক্ত যুৱকজনৰ যাৱতীয় তথ্য দিয়া লোকক ১০ হাজাৰ ডলাৰেৰে পুৰস্কৃত কৰিব বুলিও কৈছিল৷