ইণ্ডোনেছিয়াঃ যোৱা শুকুৰবাৰে আগ্নেয়গিৰী উদ্গীৰণৰ ফলত ভূমিকম্পই জোকাৰি যোৱা পাছত শনিবাৰে নিশা ৯.৩০ বজাত ছুনামীয়ে ঢৌৱাই নিয়ে ইণ্ডোনেছিয়াৰ ছুলাৱেছী দ্বীপৰ নিকটৱৰ্তী অঞ্চলসমূহ৷ প্ৰায় ২০ ফুট উচ্চতাৰ ছুনামীৰ তীব্ৰ ঢৌৰ গতিয়ে ১৬৪ জন লোকক মৃত্যুমুখত পৰাৰ লগতে সহস্ৰাধিক লোক আহত হয়। ইয়াৰে ৬০০ জনতকৈ অধিক লোকৰ অৱস্থা সংকটজনক৷ 

মৃতকৰ সংখ্যা আৰু ১১৩ জনলৈ বৃদ্ধি পাই বৰ্তমানে ২৮১ জন হৈছেগৈ। আঘাতপ্ৰাপ্ত লোকৰ সংখ্যা ক্ৰমাৎ ১০০০ জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে৷ 

ইণ্ডোনেছিয়াৰ পণ্ডেলাংগ এলেকাত প্ৰৱল ছুনামীৰয়ে অধিক প্ৰভাৱ পেলোৱা বুলি জানিব পৰা গৈছে৷ শুকুৰবাৰে ভূমিকম্পৰ ফলত সাগৰ পৃষ্ঠত ভূমিস্খলন হোৱা হেতুকে সাগৰৰ ঢৌৰ গতি সলনি হোৱাত সৃষ্টি হয় ছুনামীৰ৷ সেই অঞ্চলৰ ওচৰৰ ঘৰ-দুৱাৰ, বাট-পথ, যান-বাহন নষ্ট কৰি ছুনামীয়ে মানুহকো উটোৱাই নিয়ে৷ সেই অঞ্চসত মৃতকৰ সংখ্যা আধিক হোৱা দেখা গৈছে।