newsnextone.com | ডিজিটেল ডেস্কঃ বহুজাতিক শীতল পানীয় আৰু খাদ্য প্ৰস্তুত কাৰী বিশ্বৰ অন্যতম কোম্পানী পেপ্সীকোৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ এৰিব ইন্দ্ৰা নুয়ে। ইন্দ্ৰাই ২০০৬ চনৰ অক্টোবৰ মাহৰ পৰা আমেৰিকাস্থিত নিউৱাৰ্কৰ পেপ্সীকো কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্ব পালন কৰি আহিছে। 

মেধা আৰু একগ্ৰতাৰ বলত এগৰাকী নাৰীয়ে এই পদ লাভ কৰাত সেই সময়ত সমগ্ৰ বিশ্বৰ বাবেই এক ভাল খবৰ আছিল। যাৰ বাবে ইন্দ্ৰা নুয়ে এই পদ এৰাৰ খবৰ সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বিশ্ব বাণিজ্য ক্ষেত্ৰত নাৰী সৱলীকৰণৰ প্ৰতীক হিচাপে ধৰা হ'ব নুইক।

৬২ বছৰীয়া ইন্দ্ৰাই অহা ৩ অক্টোবৰত মুখ্য কাৰ্যবাহী বিষয়াৰ পদ এৰিব। তেওঁৰ ঠাই দখল কৰিব ৰোমান লুগৱাৰ্টে। ৰোমান লুগৱাৰ্টক যোৱা বছৰ কোম্পানীয়ে সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছিল। পেপ্সীকো কোম্পানীৰ প্ৰথমগৰাকী মহিলা চিইঅ' ইন্দ্ৰা।

ইন্দ্ৰাই কয় যে এইটো কোম্পানীক নেতৃত্ব দিয়াটো মোৰ বাবে ডাঙৰ সন্মান। ১২ বছৰ ধৰি কোম্পানীৰ অংশদাৰীকে ধৰি সকলো পক্ষৰ হিতৰ বাবে কাম কৰিব পোৱাৰ সুবিধা লাভ কৰি গৌৰৱ অনুভৱ কৰিছোঁ। ১৯৫৫ চনৰ ২৮ অক্টোবৰত মাদ্ৰাজত জন্ম গ্ৰহণ কৰিছিল ইন্দ্ৰাই।