অপুৰ্ব বৰা,তেজপুৰঃ ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বহুকেইখন দেশতো শুকুৰবাৰে উদযাপন কৰা হয় আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস। তাৰ যেন ব্যতিক্ৰম নহয় শোনিতপুৰ জিলাৰ তেজপুৰো। 

তেজপুৰৰ নেহৰু ময়দান, চিত্ৰবন বাকৰি, দৰং মহাবিদ্যালয়ৰ খেলপথাৰত যোগ দিৱস পালন কৰা হয়। আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে পুৱা ৬-৪৫ বজাত চিত্ৰবন বাকৰিত ক্ৰীড়া ভাৰতী, জিলা প্ৰসাশনৰ উদ্যোগত যোগ দিৱস পালন কৰা হয়।

তেজপুৰৰ নেহৰু ময়দানত অনুষ্ঠিত হোৱা যোগৰ কাৰ্যসূচীত শোনিতপুৰ জিলা উপাযুক্ত নৰসিং পাৱৰ, শোনিতপুৰ তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ লগতে জিলাখনৰ উচ্চ পদস্থ বিষয়া সকলে ভাগ লয়। বুধবাৰে অৰ্থাৎ ২১ জুনৰ দিনা সকলোকে এই সুস্বাস্থ্য গঢ়াৰ সৰ্বোত্তম উপাদান যোগত অংশগ্ৰহণ কৰিবলৈ  সমাজৰ সকলো শ্ৰেণীৰ লোক আগবাঢ়ি অহা দেখা গ’ল।

তেজপুৰৰ নেহৰু ময়দানত আজি পুৱা ৬:৪৫ বজাৰপৰা শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচী। তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী আৰু শোণিতপুৰৰ উপায়ুক্ত নৰসিং পৱাৰে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিৰ শুভাৰম্ভণি অনুষ্ঠানটি সাংবাদিক পংকজ বৰুৱাই পৰিচালনা কৰে।