বেংগালুৰুঃ সৰ্বত্ৰে জনপ্ৰিয় ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেলুৱৈৰ বাবে সোমবাৰে নিলাম আৰম্ভ হৈছে। ৩ ফেব্ৰুৱাৰীত পঞ্জীয়ন কৰা ৭৫০ জন খেলুৱৈৰ তালিকাৰপৰা বাচি উলিওৱা ৩৫০ জনৰ দৰদাম চলিছে বেংগালুৰু চহৰত। কোনোবা হয়তো হতাশ হ’ব আৰু কাৰোবাক লৈ হয়তো হাত কৰাৰ বাবে হাতৰ মুঠি শিথিল কৰি দিব ক্ৰেতাই।

সকলোকে আচৰিত কৰি ইতিমধ্যে ৰাইজিং পুণে জিয়ান্টচে টি-২০ ত ১৩৪.০৩ ষ্ট্ৰাইক ৰেটৰ বেন ষ্ট’কছক ক্ৰয় কৰিছে ১৪.৫০ কোটিৰ বৃহত্ মূল্যত।

শুদা হাতে থকা খেলুৱৈৰ তালিকাত নাম আছেএম গুপ্তিল, জে ৰয়, এফ ফজল, এ হেলচ, আৰ টেইলৰ, এচ টিৱাৰি, ইৰফান পাঠান, এছ এবট, চি জৰ্ডান।  

২ কোটিৰ ঘাইৰ ওপৰত থকা ই মৰ্গানৰ ২০১৭ বৰ্ষৰ আইপিএল চিজনৰ বাবে দৰদাম মিলিছে কিংছ ইলেভেন পঞ্জাৱৰ লগত।