নিউয়ৰ্কঃ নৱ-নিৰ্বাচিত মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে 'মুছলমান বিৰোধী’ কাৰ্য্যবাহী নিৰ্দেশ এখনত স্বাক্ষৰ কৰাৰ এসপ্তাহ নৌহওতেই ইৰাণে শক্তিপ্ৰদৰ্শন কৰাৰ ঘটনা পোহৰলৈ আহিছে। ট্ৰাম্পৰ নিৰ্দেশকলৈ সমগ্ৰ বিশ্বতে বিক্ষোভৰ মাজতে ইয়াৰ পৰিণাম ভয়াবহ হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰা হৈছিল। আনকি ইয়াৰ ফলত তৃতীয় বিশ্বযুদ্ধৰো আশংকা প্ৰকাশ কৰাৰ সময়তে ইৰাণৰ প্ৰতিৰক্ষা বিভাগে বেলিষ্টিক মিছাইল প্ৰক্ষেপণৰ পৰীক্ষা কৰাৰ খবৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে হোৱাইট হাউছে। 

যুক্তৰাষ্ট্ৰৰ মিত্ৰৰাষ্টসমূহক ভাবুকি দিয়া, মিছাইল পৰীক্ষা কৰা আৰু য়েমেনৰ হাউথি বিদ্ৰোহীসকলক সহযোগ কৰা বন্ধ নকৰালৈকে ইৰাণৰ প্ৰতি হোৱাইট হাউছ সদয় নহয় বুলি ৰাষ্টপতি ট্ৰাম্পৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শকাৰী মাইকেল ফ্লাইনে হোৱাইট হাউছত সদৰী কৰে। 

অৱশ্যে ইৰাণে এইক্ষেত্ৰত সহযোগ নকৰিলে কি পদক্ষেপ লোৱা হ’ব পাৰে সেইবিষয়ে কোৱাৰপৰা বিৰত থাকে ফ্লাইন। মধ্যপ্ৰাচ্যৰ দেশবোৰৰ মাজত অস্থিৰ অৱস্থা সৃষ্টি কৰাৰ বাবে পোনছাটে ইৰাণকে দোষী কৰি সেয়া প্ৰতিহত কৰাৰ ক্ষেত্ৰত পূৰ্বৰ অ'বামা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি জনায় ফ্লাইনে। ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা ভাষণত ফ্লাইনে ইৰাণৰ আচৰণক পোনপটীয়াকৈ দিয়া গৰিহণা দিয়াটো তাৎপৰ্য্যপুৰ্ণ।     

ইৰাণকে ধৰি সাতখন মুছলমান অধ্যুষিত দেশৰপৰা অহা মুছলমান শৰণাৰ্থীৰ ওপৰত লগোৱা নিষেধাজ্ঞাৰ প্ৰতিক্ৰিয়াই স্বৰূপেই হওক বা আন কোনো কাকতালীয় সংযোগেই হওক, ইৰাণৰ এনে প্ৰতিক্ৰিয়াৰ পিছত মাৰ্কিন প্ৰশাসনে ইছলামিক ৰাষ্খট্নৰৰ ওপৰত শেনচকু ৰখাটো নিশ্চিত।