মিউনিখঃ আইছিছ দমনৰ নামত ছিৰিয়াত মাৰ্কিন স্থলসেনাৰ মোতায়েনৰ ফলত অঞ্চলটোত সন্ত্ৰাসবাদী কাৰ্যকলাপ তীব্ৰতৰ হৈ উঠিব পাৰে বুলি ইৰাণে আজি মিউনিখ সুৰক্ষা সন্মিলনত কয়। ইয়ে সমগ্ৰ বিশ্বৰে সুৰক্ষা ব্যৱস্থাত আঘাত হানিব পাৰে বুলি আশংকা ব্যক্ত কৰে ইৰাণৰ বৈদেশিক মন্ত্ৰী মহম্মদ জাভেদ জাৰিফে। 

তদুপৰি বাৰাক ওবামাৰ শাসনকালত আমেৰিকাৰ সৈতে হোৱা পাৰমাণৱিক চুক্তিৰ গোপনীয়তা ৰক্ষা নকৰাৰ কথাক লৈ ট্ৰাম্প প্ৰশাসনক সকিয়াই দিয়ে জাৰিফে।

ইৰাণক ভাবুকি নিদিবলৈ তথা আমনি নকৰিবলৈ সকিয়াই দি মন্ত্ৰীগৰাকীয়ে কয় যে ইৰাণে আমেৰিকাৰ ভাবুকিক ভয় নকৰে৷ ইয়াৰ পৰিণাম সুখকৰ নহ’ব বুলিও তেওঁ ইংগিত দিয়ে।