ইম্ফলঃ ধনবল আৰু বাহুবলেৰে মণিপুৰত জয়ী হৈছে বিজেপি৷ এই মন্তব্য লৌহ মানৱীৰ৷ আজি কইম্বাটুৰ আন্তঃৰাষ্ট্ৰীয় বিমান কোঠত সাংবাদিকসকলক সম্বোধি এনেদৰে কয় শৰ্মিলাই৷

ইৰম শৰ্মিলাই সাংবাদিকৰ আগত কয় যে বিজেপিয়ে ধন আৰু বাহুবল ব্যৱহাৰ কৰি মণিপুৰ নিৰ্বাচনত জয়ী হৈছে৷

লৌহমানৱীগৰাকীয়ে নিৰ্বাচনৰ ফলাফলৰ পিছতেই ঘোষণা কৰিছিল যে তেওঁ কেৰালাত এমাহৰ অৱসৰ বিনোদনৰ বাবে যাব৷

সেই অনুসৰিয়েই আজি কেৰালাত উপস্থিত হয় নেত্ৰীগৰাকী৷ নিৰ্বাচনৰ ফলাফলে শৰ্মিলাক মৰ্মাহত কৰিছে৷ সেই বাবেই কেইদিনমানৰ বাবে নিজ ৰাজ্যৰ পৰা আতৰত থাকিব বিচাৰিছে শৰ্মিলাই৷

এদিন হ’লেও মণিপুৰৰ জনতাই এই কথা উপলব্ধি কৰিব বুলি আশা কৰে লৌহ মানৱীয়ে৷