মুম্বাইঃ কৰ'না মহামাৰীৰ মাজতে অজান দেশলৈ গুচি গ’ল বলীউডৰ অভিনেতা ইৰফান খান। মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালত চিকিৎসাধীন হৈ থকা জনপ্ৰিয় অভিনেতাগৰাকীয়ে বুধবাৰে পুৱাই ত্যাগ কৰে শেষ নিশ্বাস। 

বিগত কেবাদিনো ধৰি চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত দিনদিয়েক পূৰ্বে তেওঁক ভৰ্তি কৰা হৈছিল আইচিইউত। কিন্তু চিকিৎসকসকলৰ সকলো প্ৰচেষ্টাই আজি ব্যৰ্থ হৈ পৰে।

উল্লেখ্য যে, ২০১৮ চনত নিউৰোএণ্ডোক্ৰাইন টিউমাৰ ধৰা পৰিছিল ৫৪ বৰ্ষীয় অভিনেতাগৰাকীৰ শৰীৰত। ইয়াৰ পিছতে প্ৰায় এবছৰ ধৰি আমেৰিকাত চিকিৎসা চলিছিল অভিনেতাগৰাকীক। অসুস্থ অৱস্থাৰেই তেওঁ ছবিৰ শ্বুটিঙতো ভাগ লৈছিল। 

মাৰ্চ মাহত মুক্তি পাইছিল তেওঁৰ অভিনীত ছবি অংগ্ৰেজী মিডিয়াম। অৱশ্যে অসুস্থতাৰ বাবে প্ৰচাৰত ভাগ লোৱা দেখা হোৱা নাছিল ইৰফানক। আনহাতে কৰ’নাৰ পৰিপ্ৰেক্ষিততো ছবিখনৰ প্ৰদৰ্শন দুদিন পিছতেই বন্ধ ৰাখিবলগীয়াত পৰে প্ৰযোজকে।

অভিনেতাগৰাকীৰ এই অকাল বিয়োগত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ বলীউড। হতবাক হৈ পৰিছে তেওঁৰ অসংখ্যা গুণমুগ্ধ। তেওঁৰ মৃত্যুৰ সংবাদ লাভ কৰাৰ পিছতে পৰিচালক সুজিত সৰকাৰকে আদি কৰি অনেক সতীৰ্থই টুইটযোগে ব্যক্ত কৰিছে শোক। 

'হে সতীৰ্থ ইৰফান। তুমি যুঁজিলা, যুঁজিলা কেৱল যুঁজিলা। মই সদায় তোমাক লৈ গৌৰৱান্বিত। আমি আকৌ দেখা হ’ম। সুতাপা আৰু বাবিললৈ সমবেদনা জনালো। তোমালোকেও যুঁজিব লাগিব। সুতাপা তুমি সকলো চেষ্টাই কৰিছিলা। ওম শান্তি। ছ্যেলুট ইৰফান খান।’-টুইটটোত এইদৰে লিখিছে সৰকাৰে।