newsnextone.com | ডিজিটেল ডেস্কঃ অভিনয় দক্ষতাৰে সকলোকে মোহাচন্ন কৰি ৰাখিব পৰা বলীউডৰ তাৰকা অভিনেতা ইৰফান খান নিউৰ’এণ্ডোক্ৰাইন নামৰ এবিধ দুৰাৰোগ্য ৰোগত আক্ৰান্ত৷ এই ৰোগত আক্ৰান্ত হোৱাৰ কথা ইৰফানে টুইট যোগে নিজেই প্ৰকাশ কৰে৷ অভিনেতাগৰাকীৰ এই অসুস্থতাৰ খবৰ বিয়পি পৰাৰ পিছতে তেওঁৰ অনুৰাগীসকল হতাশ হৈ পৰে।

ইৰফানে খানে জনোৱা মতে, তেওঁ ৰোগৰ চিকিৎসাৰ বাবে লণ্ডনত উপস্থিত হৈছে৷ ইফালে, প্ৰিয় অভিনেতাগৰাকীৰ আশু আৰোগ্য কামনা কৰি অনুৰাগীসকলে মন্দিৰ, মছজিদ, গীৰ্জা সকলোতে প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে৷

ইফালে, মঙলবাৰে প্ৰকাশ পোৱা বাতৰি অনুসৰি অভিনেতাগৰাকীৰ স্বাস্থ্যৰ সামান্য পৰিমানে উন্নতি ঘটিছে৷ লণ্ডনত চিকিৎসাধীন অৱস্থাৰ পৰাই ইৰফানে এখন শোকাভিভূত পত্ৰ লিখি তেওঁৰ সংঘৰ্ষজৰ্জৰ চিকিৎসাকালৰ বিষয়ে বৰ্ণনা কৰিছে৷

ইৰফান খানে পত্ৰত লিখিছে, বেছ কিছুদিন হ’ল যে মই জানিব পাৰিলো যে মই হাই-গ্ৰেড নিউৰ’এণ্ডোক্ৰাইন কেঞ্চাৰ ৰোগত আক্ৰান্ত৷ মোৰ শব্দকোষত এই শব্দটো একেবাৰে নতুন৷ মই জানিব পৰা মতে, এই ৰোগ হেনো ইমানেই বিৰল যে ইয়াৰ কোনো নিৰ্দিষ্ট চিকিৎসা পদ্ধতিও নাই৷ এতিয়া এক অনিৰ্দিষ্ট ট্ৰায়েল এণ্ড এৰ’ৰ গেমৰ মাজেৰে যেন মই আগুৱাই গৈ আছো৷’

তেওঁ লিখিছে, ‘অতদিন মই অন্য এখন দুনীয়াতে ব্যস্ত হৈ আছিলো৷ অনেক সপোন, পৰিকল্পনা, উচ্চাকাংক্ষাৰে যেন মই এখন দ্ৰুতগতিৰ ৰেলগাড়ীত উঠিছিলো৷ কিন্তু হঠাতেই ছন্দপতন৷ যেন কোনো টিকট চেকাৰে মোৰ পিছফালে থিয় হৈ মোৰ কান্ধত থপৰিয়াই মোক জনাইছে যে মোৰ যাত্ৰাৰ সামৰণি পৰিল.. এইবাৰ মই নামিব লাগিব৷ কিন্তু মই হতবাক হৈছো৷ কন্ঠত উস্মতা ঢালি মই কৈছো, নহয়, এয়া মোৰ ষ্টেছন নহয়..  তেওঁ পুনৰ কৈছে, হয়, তুমি ইয়াতেই নামিব লাগিব৷’

‘জীৱনৰ পথত হৈতো এয়াই ঘটে৷ ঘটনাৰ আকস্মিকতাৰ মাজত লুকাই থাকে এক চৰম সত্য৷ এই বিশাল বিশ্বৰ ভাসমান জীৱন সোঁতত মানুহ মাত্ৰ এটা শক্তিহীন কেকোঁৰাৰ বাদে আন একো নহয়৷’

‘এতিয়া মই মোৰ জীৱনটোক লৈয়ে ব্যস্ত হৈ পৰিছো৷ অসুখৰ কথা গম পোৱাৰ পিছতে হাজাৰ হাজাৰ অনিশ্চয়তাৰ সন্তানৰ মুখলৈ চাই চাই বাৰে বাৰে কৈছো, ভয় আৰু আশংকাই মোৰ উদ্যম শেষ কৰিব নোৱাৰে৷ কিন্তু ইয়াৰ মাজতেই যন্ত্ৰণাই মোক গ্ৰাস কৰিছে৷ কোনো সান্তনা, কোনো প্ৰেৰণাই যেন মোক আৰোগ্য কৰিব পৰা নাছিল৷’ যন্ত্ৰণাত চটফটাই উঠা মনটোৰ অনুভৱ ব্যক্ত কৰি জনপ্ৰিয় অভিনেতাগৰাকীয়ে এনেদৰেই লিখি গৈ থাকিল চিঠিত৷

তেওঁ পুনৰ লিখিছে, ‘মক্কা লৰ্ডছ ষ্টেডিয়ামৰ বিপৰীতেই মোৰ চিকিৎসা চলি থকা চিকিৎসালয়খন৷ অত যন্ত্ৰণা, অত কষ্টৰ মাজত যেতিয়া এদিন মই বাহিৰৰ পৃথিৱীখন চাবলৈ সুযোগ পালো, মোৰ যেন অন্য এক অনুভৱ হ’ল৷ জীৱন আৰু মৃত্যুৰ মাজত সেই পথটোৰ সমানেই পাৰ্থক্য মাথো৷ মই প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিব পাৰিলো আচলতে মুক্তিৰ স্বাদ কেনেকুৱা৷ অনুভৱ হ’ল যেন মই জীৱনটোক সঠিক অৰ্থত চিনি পাবলৈ সক্ষম হৈছো৷’

যন্ত্ৰণাক্লিষ্ট জীৱন এটা অতিক্ৰম কৰি আহি ইৰফান খানে পুনৰ লিখিছে, ‘মৃত্যুৰ বিভিষিকাৰ মাজত হেৰাই যাবলৈ মই সাজু নহয়৷ জীৱন জীয়াবলৈ মই সংকল্পবদ্ধ৷ সংগ্ৰাম আমি কৰিবই লাগিব৷ আৰু এই সংগ্ৰামৰ আঁৰত আছে জীৱনৰ অনেক প্ৰয়োজনীয় শিক্ষা৷’