লক্ষ্নৌঃ ভূপাল-উজ্জীয়িনী যাত্ৰীবাহী ৰেলত মঙলবাৰে পুৱাৰ ভাগত হোৱা বোমা বিস্ফোৰণৰ পিছতে আৰক্ষীৰ তৎপৰতাত একেদিনাই আটক হোৱা আইছিছ সন্ত্ৰাসবাদীয়ে পৰিকল্পনা কৰিছিল ভয়াবহ কূটাঘাটৰ। ৰেল বিস্ফোৰণটো আছিল কেৱল পৰীক্ষামূলকহে।

উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰত সন্ত্ৰাসবিৰোধী স্কোৱাডে মঙলবাৰে চলোৱা ১১ ঘণ্টীয়া নেৰানেপেৰা অভিযানত চেইফুল্লা নামৰ সন্ত্ৰাসবাদীজন নিহত হয়। তাৰ পিছতে আৰক্ষীয়ে জব্দ কৰা নথি চোৱাৰ পিছতে আৰক্ষীয়ে এই ভয়ংকৰ তথ্য লাভ কৰিছে।

বুধবাৰে আৰক্ষী আহি চেইফুল্লৰ ঘৰত উপস্থিত হয়। চেইফুল্লৰ ঘৰৰপৰা উদ্ধাৰ হয় বোমা তৈয়াৰ কৰাৰ সামগ্ৰী, ৰেল নেটৱৰ্কৰ মেপ আৰু ভালেমান প্ৰৰোচনামূলক কিতাপ-পত্ৰ। 

ইফালে চেইফুল্লাৰ পিতৃয়ে পুত্ৰৰ শৱ চমজি ল’বলৈ অস্বীকাৰ কৰিছে। ''দেশৰ বিৰোধিতা কৰাজনৰ আমি বিৰোধিতা কৰো’’ বুলি মন্তব্য কৰা পিতৃয়ে আক্ষেপ কৰি কৈছে যে দেশদ্ৰোহীক তেওঁ নিজপুত্ৰ হিচাপে মানি ল’ব নোৱাৰে।