নতুন দিল্লীঃ ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰই আজি ইতিহাস ৰচনা কৰি চন্দ্ৰযান–২ ৰ উৎক্ষেপন কৰে৷

দুপৰীয়া ২.৪৩ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰপৰা উৎক্ষেপণ কৰিলে চন্দ্ৰযান–২। ৭ ছেপ্টেম্বৰত চন্দ্ৰত অৱতৰণ কৰিব শক্তিশালী ৰকেটে কঢ়িয়াই নিয়া মহাকাশ যানখন৷

উৎক্ষেপণৰ ১৬.২০ মিনিটত এই ৰকেটৰপৰা বিচ্ছিন্ন হ’ব চন্দ্ৰযান–২।

চন্দ্ৰযান–২ৰ এই অভিযানত ব্যয় কৰা হৈছে ৯৭৮ কোটি টকা। আনহাতে, ২.৪ টন ওজনৰ GSLV Mk III ৰকেটে কঢ়িয়াই নিছে চন্দ্ৰযান ২ মহাকাশ যানখন।

সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰা চন্দ্ৰযান ২–এ চন্দ্ৰত পানীৰ অৱস্থিতি সন্দৰ্ভত পৰীক্ষা–নিৰীক্ষা চলাব। এই অভিযান সফল হ’লে চন্দ্ৰত ৰভাৰ অৱতৰণ কৰোৱা চতুৰ্থখন দেশ হ’ব ভাৰত।