Printer-friendly version

ইটালীত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে কৰ'না ভাইৰাছে।  ১৮ মাৰ্চত এটা দিনতেই দেশখনত মৃত্যুক সাৱতি লৈছে ৪৭৫ৰো অধিক ৰোগীয়ে। এই পৰ্যন্ত দেশখনত কৰ'নাত নিহত লোকৰ সংখ্যা হৈছে তিনি সহস্ৰাধিক। কৰ'নাই ভয়াৱহ ৰূপ ধাৰণ কৰা এই পৰিস্থিতিত চিকিৎসকসকলে ৰোগীৰ সৈতে দিন-ৰাতি একাকাৰ কৰি ভাগৰি পৰিছে। তেওঁলোকৰ চকুৰ সমুখতে মিনিটতে শেষ নিশ্বাস ত্যাগ কৰিছে  একাধিক লোকে। দেশখনত দেখা এনে ভয়াৱহ পৰিস্থিতিৰ বৰ্ণনা দাঙি ধৰিছে  গাভাটেচনি হাস্পিতালৰ চিকিৎসক ডা: ডেনিয়েল মেককিনিয়ে'নিউয়ৰ্ক পোষ্ট'ত চিকিৎসকগৰাকীৰ এই চিঠিসদৃশ বক্তব্য প্ৰকাশ পোৱাৰ পিছতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে এয়া। ডাঃ মেককিনিৰ চিঠিসদৃশ এই বক্তব্য অসমীয়ালৈ অনুবাদ কৰিছে বাপুকণ চৌধুৰীয়ে। ইতিমধ্যে চৌধুৰীয়ে নিজৰ ফেচবুক টাইমলাইনত এয়া পোষ্ট কৰিছে আৰু লগে লগে সেয়া সহস্ৰাধিক লোকে শ্বেয়াৰ কৰি অসম তথা ভাৰতত এনে পৰিস্থিতিৰ উদ্ভৱ নহবলৈ সতৰ্কতা অৱলম্বন কৰিবলৈ আৰম্ভ কৰা দেখা গৈছে। 

ডা: ডেনিয়েল মেককিনিৰ চিঠিখন...

"আমাৰ দেশ বৰ্তমান এক ভয়াৱহ সংকটৰ মাজেৰে গতি কৰিছে৷ বৃদ্ধ ৰোগীসকলে চকুলো টুকি টুকি এই পৃথিবীৰ পৰা বিদায় লৈছে৷ নিকট সম্পৰ্কীয়, আত্মীয় স্বজনক শেষবাৰৰ বাবে দেখা কৰি বিদায় লোৱাৰো সৌভাগ্য নঘটিল তেওঁলোকৰ৷ তাৰ পৰিৱৰ্তে তেওঁলোকে বিদায় সংবাদ এৰি গৈছে কেমেৰাৰ ভিডিঅ’ ফুটেজত৷

তেওঁলোকে সজ্ঞানে, সমস্ত কষ্ট-যন্ত্ৰণা সহ্য কৰি কৰি মৃত্যুক বৰণ কৰিছে৷ বেছি ভাগৰ ক্ষেত্ৰতে স্বামী-স্ত্ৰী একেদিনাই মৃত্যুমুখত পৰিছে৷ বৃদ্ধ ককা-আইতাসকলে নাতি-নাতিনীৰ মুখ শেষবাৰৰ বাবে চোৱাৰ হেঁপাহকণৰ পৰাও বঞ্চিত হৈ ৰ’ল৷

বিভিন্ন ধৰণৰ বসন্ত ৰোগ বা ফ্লু বোৰতকৈ এই ৰোগ ভয়াৱহ৷ বিশ্বাস কৰক, ফ্লু'তকৈ অনেক পৃথক ধৰণৰ ৰোগ এইবিধ৷ গতিকে ইয়াক ফ্লু'ৰ লগত মিলাই বা সেইধৰণেৰে চোৱা আৰু গ্ৰহণ কৰাৰ পৰা বিৰত থাকক৷

জ্বৰ অসম্ভৱ বেছি৷ শ্বাস-প্ৰশ্বাসত ৰোগীয়ে এনেকৈ হাঁহাকাৰ কৰে যেন গভীৰ পানীত ডুব গৈছে জীৱন্ত মানুহ৷ ৰোগীসকল চিকিৎসালয়লৈ আহিব নিবিচাৰে৷ মাত্ৰ সমান্য অক্সিজেন পাবলৈকেহে তেওঁলোক চিকিৎসালয়ত ভৰ্তি হৈছে৷

এই ৰোগৰ বিৰুদ্ধে খুব কম ঔষধেহে কাৰ্য্য ক্ষমতা দেখুৱায়৷ আমি মানব সেৱাৰ পৰিসীমাত যিমান পাৰিছো সকলো কৰি গৈছো৷ কিন্তু এইৰোগৰ বিৰুদ্ধে যুঁজখনত সকলোখিনি নিৰ্ভৰ কৰে ৰোগীৰ শাৰিৰীক আৰু মানসিক অৱস্থাৰ ওপৰত৷ বৃদ্ধ ৰোগীসকলে এই ৰোগৰ বিৰুদ্ধে যুঁজিব পৰা নাই, আমি কান্দিছো, আমাৰ নাৰ্ছসকলে কান্দিছে, আমি শোকত দগ্ধ হৈছো৷ সকলোকে সুস্থ কৰাৰ সামৰ্থ আমাৰ নাই৷

চকুৰ সন্মুখতে হৃদযন্ত্ৰৰ লগত সংলগ্ন মেচিনৰ পৰ্দাত জীৱন শেষ হৈ যোৱা দেখিছো৷ প্ৰতিদিনে অগণন ৰোগী আহিয়েই আছে৷ এই ৰোগ ইমান ক্ষিপ্ৰতাৰে বাঢ়িছে যে আমাৰ সিমান যাৱতীয় বিচনা-পত্ৰও নাই৷ সকলোৰে এটাই সমস্যা, সাধাৰণ নিউমোনিয়া, কিন্তু প্ৰচণ্ড শক্তিশালী নিউমোনিয়া!

মোক সোধক কোনোবা ফ্লু ৰোগে ইমান ভয়াৱহ ট্ৰেজেদিৰ জন্ম দিয়ে নে?

অতি সংক্ৰামক এই ৰোগ৷ এই ভাইৰাছবিধ একেবাৰেই অন্য ধৰণৰ৷

ব্যক্তি বিশেষৰ বাবে ই অতিশয় ভয়াৱহ৷ আমাৰ দেশত ৬৫ৰ উৰ্ধ মানুহৰ বেছিভাগৰে ডায়েবেটিছ, উচ্চ ৰক্তচাপ অথবা বয়স অনুযায়ী স্বাভাৱিক যথেষ্ট ৰোগ আছে৷ কেৱল বৃদ্ধ বুলিয়েই নহয়, যুৱক-যুৱতীৰ বাবেও ই ভয়াৱহ ৰোগ৷

আমাৰ দেশৰ এই ৰোগত আক্ৰান্ত তৰুণ-তৰুণী সকলক দেখিলে কোনো যুৱক-যুৱতীয়েই নিজকে নিৰাপদ অনুভৱ কৰিব নোৱাৰিব৷ আমাৰ দেশৰ চিকিৎসালয়ত অন্য চিকিৎসা সদ্যহতে নাই হোৱা বুলিবই পাৰি৷ এতিয়া ইয়াত শিশুৰ জন্ম, চকুৰ অপাৰেচন অথবা ছালৰ ৰোগ একোৱেই গুৰুত্বপূৰ্ণ নহয়৷ সমগ্ৰ দেশৰে অপাৰেচন ইউনিটবোৰ ইনটেনচিভ কেয়াৰ ইউনিটলৈ ৰূপান্তৰিত কৰা হৈছে৷

সকলোৱে যুদ্ধ কৰি গৈছো কৰ’না ভাইৰাছৰ বিৰুদ্ধে৷ প্ৰতিঘন্টাত বানপানী বঢ়া দি ৰোগীৰ সংখ্যা বাঢ়িছে৷ এটাৰ পিছত এটাকৈ ৰিজাল্ট আহিছে ৰোগ নিশ্চিতি পৰীক্ষাৰ৷ সকলো পজিটিভ... পজিটিভ মাত্ৰ পজিটিভ!

সকলো ৰোগীৰে একেই বৰ্ণনা, অসম্ভৱ জ্বৰ আৰু শ্বাস-প্ৰশ্বাসৰ যন্ত্ৰণা৷

কান্দিছো...মাথো কান্দিছো... গভীৰ পানীত ডুব যোৱাৰ দৰে অনুভৱ এয়া৷

প্ৰায় সকলোকে ইনটেনচিভ কেয়াৰ ৰুমত চিকিৎসা প্ৰদান কৰা হৈছে৷ বহুতে অক্সিজেন মাক্সৰ সহায়তো উশাহ ল’ব পৰা নাই৷ ইটালীত এতিয়া অক্সিজেন মেচিনৰ দাম সোণতকৈয়ো চ’ৰা৷ বিশ্বাস কৰিব পৰা নাই হঠাতে কেনেকৈ ঘটি গ’ল এইবোৰ! আমি সকলো ক্লান্ত পৰিশ্ৰান্ত৷

কিন্তু কোনো ৰৈ যোৱা নাই৷ সকলোৱে মাজৰাতি পৰ্য্যন্ত কাম কৰি গৈছো৷ ডাক্তৰ-নাৰ্ছ বুলি একো নাই, সকলোৱে কেৱল কৰি গৈছে৷ দুসপ্তাহ ধৰি ঘৰলৈ যোৱা নাই৷ মোৰ পৰিয়ালৰ বয়ষ্কসকলক লৈ মই শংকিত হৈ ৰৈছো মাত্ৰ৷

মোৰ সন্তানৰ লগত ভিডিঅ’ কনফাৰেন্সিঙেৰে কথা পাতিছো, মাজে মাজে পত্নী আৰু সন্তানৰ ফটো চাই কান্দিছো৷ আমাৰ কাৰো দোষ নাছিল, আমাৰ ভুল নাছিল একো৷

যিসকলে কৈছিল এই ৰোগবিধ সিমান ভয়ংকৰ নহয়, আমাৰ আজিৰ দুৰৱস্থাৰ বাবে দোষী সেইসকল৷ সমস্ত দোষ তেওঁলোকৰ৷ তেওঁলোকে কৈছিল এইটো এটা সাধাৰণ ফ্লু ৰোগ, যাৰ বাবেই মানুহ সচেতন নহ’ল আৰু একো ব্যৱস্থা নল’লে৷ এতিয়া কিন্তু দেৰি হৈ গল বহুত...

বিনয়েৰে কৈছো ঘৰৰ পৰা নোলাব৷ আমাৰ কথা শুনক৷ অতিশয় জৰুৰী নহ’লে ঘৰৰ পৰা বাহিৰ নহ’ব৷ সাধাৰণ মাস্ক ব্যৱহাৰ কৰক৷ প্ৰফেচনেল মাস্কবোৰ চিকিৎসাকৰ্মীৰ বাবে ৰাখক, মাস্কৰ অভাৱত চিকিৎসকো সংকটত পৰিছে৷ বহু চিকিৎসক কৰ'নাত আক্ৰান্ত হৈ পৰিছে৷

চিকিৎসকসকলৰ পৰিয়ালৰো বহুতেই জীৱন আৰু মৃত্যুৰ সন্ধিক্ষণত৷ সেয়ে নিজকে বচাওক৷ বয়স্ক সদস্যসকলক ঘৰৰ বাহিৰলৈ ওলাবই নিদিব৷

আমাৰ পেচাগত দায়িত্বৰ বাবে আমি ঘৰত থকা নাই৷ শেষ মুহূৰ্ত পৰ্য্যন্ত ৰোগীসকলক বচোৱাৰ আপ্ৰাণ চেষ্টা কৰি গৈছো আমি৷

দুৰ্ভাগ্যজনকভাৱে আমি নিজৰ শৰীৰত ৰোগ আৰু ভগ্ন হৃদয় লৈ ঘৰলৈ উভতিছো৷ যিসকলক বচাব নোৱাৰিলো অন্তত: মৃত্যুৰ যন্ত্ৰণা কম কৰিবলৈ চেষ্টা কৰিছো৷ কাইলৈ সকলো ঠিক হৈ গ’লে সকলোৱে পাহৰি যাব আমাৰ কথা৷ তথাপিও চিকিৎসক হিচাপে যিখিনি পাৰিছো কৰি গৈছো অবিৰত৷

এই ৰোগ আপোনাৰ দেহলৈ নাহিলেও সাবধানে থাকক৷ জনসমাগমৰ পৰা আতৰত থাকক৷ চিনেমা, মিউজিয়াম, খেলপথাৰ সকলো ত্যাগ কৰক৷

অনুগ্ৰহ কৰি বৃদ্ধসকলৰ দুখ-যন্ত্ৰণা অনুভৱ কৰিবলৈ চেষ্টা কৰক৷ তেওঁলোকৰ জীৱন আপোনালোকৰ হাতত৷ আপুনি ইচ্ছা কৰিলেই বহুতো মানুহক ৰক্ষা কৰিবলৈ সক্ষম৷ আপুনিয়েই তেওঁলোকক ৰক্ষা কৰিব পাৰিব৷

শ্বেয়াৰ কৰক যাতে সমস্ত ইটালীবাসীয়ে এই চিঠিখন পঢ়ে৷ সকলো শেষ হোৱাৰ আগতেই যেন পঢ়ে এবাৰ... মাত্ৰ এবাৰ...৷"