বিশেষ প্ৰতিবেদনঃ সমগ্ৰ পৃথিৱীতে কৰ'না ভাইৰাছ বিয়পি পৰিছে যদিও সৰ্বাধিক লোকৰ মৃত্যু হৈছে ইউৰোপ মহাদেশৰ ইটালীত। দেশখনৰ চৰকাৰী সূত্ৰ অনুসৰি শনিবাৰে এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয় ৬৮১ জন লোকৰ। দেওবাৰৰ দিনটোত দেশখনত মৃত্যু ঘটিছে মাত্ৰ ৫২৫ জনৰ। ১৫ হাজাৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ পিছত দীৰ্ঘ সময়ৰ অন্তত যোৱা দুদিনত এনেদৰে দেখিবলৈ পোৱা গৈছে আশাৰ ৰেঙণি। 

ইটালীৰ সাধাৰণ জীৱন সুৰক্ষাৰ ক্ষেত্ৰত নিয়োজিত চিভিল প্ৰটেকচন ডিভিজনৰ মতে দেশখনত শনিবাৰৰ দিনটোতে প্ৰথমবাৰৰ বাবে কম মৃত্যু দেখিবলৈ পোৱা গৈছে। চিভিল প্ৰটেকচন ডিভিজনৰ মুখ্য কাৰ্যবাহী বিষয়া এজেলী বেৰেলিয়ে সংবাদ প্ৰতিষ্ঠানক জানিবলৈ দিয়ে যে যোৱা শুকুৰবাৰে ইটালীৰ চিকিৎসালয়ত ক্ৰিটিকেল কেয়াৰত ৰোগীৰ সংখ্যা ৪,০৬৪ জন আৰু শনিবাৰৰ দিনা এই ৰোগীৰ সংখ্যা ৩৯৯৪ জন হয়। 

বিষয়া গৰাকীয়ে আৰু জানিবলৈ দিয়ে যে এই তথ্য দেশখনৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। 'ক্ৰিটিকেল কেয়াৰত থকা ৰোগীৰ সংখ্যা কম হোৱাত আমাৰ চিকিৎসালয়সমূহে অলপমান আহৰি পাব। উশাহ লোৱাৰ সুবিধা পাব। যেতিয়াৰ পৰা জৰুৰীকালীন সেৱাত ৰোগী দেখিছিলো তেতিয়াৰ পৰা শনিবাৰেহে প্ৰথমবাৰৰ বাবে জৰুৰী ৰোগীৰ সংখ্যা কমিবলৈ ধৰে।’-বেৰেলিয়ে কয়।

ইটালী চৰকাৰৰ চিকিৎসা বিজ্ঞান কাউঞ্চিলৰ মুখ্য কাৰ্যবাহী বিষয়া ফ্ৰানকো লোকটেলিয়ে জানিবলৈ দিয়া মতে জটিল ৰোগীৰ সংখ্যা কমি অহাটো শুভ লক্ষণ। কিন্তু ইটালীয়ে এতিয়াই জৰুৰীকালীন সমস্যাৰ পৰা উপশম পালে বুলি ভাবিলে ভুল কৰা হ’ব বুলিও তেওঁ সদৰী কৰে। ইমান দিনে ভাইৰাছবিধৰ বিৰুদ্ধে কৰি অহা মৰণপণ সংগ্ৰামৰ বাবেই এই আশাব্যঞ্জক ফল লাভ কৰা হৈছে বুলিও তেওঁ সদৰী কৰে। 

সংক্ৰমিত লোকৰ সংখ্যা হ্ৰাস

ইটালীত সম্প্ৰতি সংক্ৰমিত লোকৰ সংখ্যা কমি আহিছে। শনিবাৰৰ দিনটোত মাত্ৰ ২৮৮৬ক নতুনকৈ ভাইৰাছে সংক্রমণ কৰা বুলি জানিব পৰা গৈছে। বিগত সময়ত ইটালীত ৮৮,২৭৪ জন সাংক্ৰমিত ৰোগী আছিল। ইয়াৰ উপৰিও ২১৮১৫ জন ৰোগী চিকিৎসাত সুস্থ হৈ উঠিছে। লেম্বোডিৰ উত্তৰ প্ৰান্তত এই ভাইৰাছৰ সাংক্ৰমণ সৰ্বাধিক। সমগ্ৰ দেশৰ ৮৫ শতাংশ ৰোগীয়েই এই ঠাইৰ।

এই অঞ্চলৰ লোকসকলক ঘৰৰ পৰা বাহিৰলৈ আহিব লগা হ’লে মাস্ক পিন্ধতো বাধ্যতামূলক কৰা হৈছে। এই নিয়ম ৫ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈকে প্ৰযোজ্য হব। এইয়াই নহয় ইটালীৰ উত্তৰ দিশৰ সকলো চহৰ বেনেটি আৰু অলটো এডিঙ্গৰ লোকসকলে বজাৰ-সামাৰৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলালেই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

এনেদৰেই এই অঞ্চলসমূহত অব্যাহত আছে কঠোৰ নিষেধাজ্ঞা। ১৫ এপ্ৰিললৈকে খোজ কঢ়াৰো অনুমতি দিয়া হোৱা নাই। মটৰ চাইকেল চলোৱাটো সম্পূৰ্ণ বন্ধ। পৰ্যটনৰ স্থলী আৰু হোটেল সমূহো বন্ধ কৰি দিয়া হৈছে। লগতে সকলো ধৰণৰ নিৰ্মাণ কাৰ্য্যৰ ক্ষেত্ৰত আৰোপ কৰা হৈছে প্ৰতিবান্ধকত।

ফেব্ৰুৱাৰীতেই অৱনমিত হৈছিল পৰিৱেশ

ইটালীত প্ৰথমজন কৰ’না সংক্ৰমিত ব্যক্তি চিনাক্ত হোৱাৰ আগতেই গঠন কৰা হৈছিল এটা বিশেষ গোট। এই গোটটোৰ দায়িত্ব আছিল কেৱল কৰ'না ভাইৰাছৰ দ্বাৰা সংক্ৰমিতসকলক চিনাক্ত কৰা।  ইটালী ইউৰোপৰ দেশসমূহৰ ভিতৰত প্ৰথম এখন দেশ যিয়েই বিমান সেৱাও বন্ধ কৰিছিল। সম্প্ৰতি সমগ্ৰ ইটালী লকডাউন হৈ আছে। দীৰ্ঘ সময়ৰ বাবে আন বহু নিয়ম জাৰি কৰা হৈছে। এনে নিয়মসমূহৰ ভিতৰত অন্যতম হৈছে লকডাউন উলংঘা কৰা জনক ভাৰতীয় হিচাপত আঢ়ৈ লাখ টকালৈকে জৰিমনা বিহা।

ইমানৰ পাছতো ইটালীয়ে ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজকে বচাব নোৱাৰিলে। সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগে লগে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে আৰম্ভ কৰিলে যুদ্ধ। বানপানী অহাৰ দৰেকৈ ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰাত চিকিৎসাৰ বাবে প্ৰয়োজনী চিকিৎসালয়ৰ অভাৱ হোৱা সত্বেও মানৱীয় আৰু প্ৰযুক্তিৰে চেষ্টা অব্যাহত ৰাখিলে চৰকাৰ আৰু স্বাস্থ্য বিভাগে। 

চৰকাৰী তথ্য অনুসৰি ২০ ফেব্ৰুৱাৰীত দেশখনত প্ৰথম ভাইৰাছৰ সংক্ৰমণৰ কথা পোহৰলৈ আহিছিল। লেম্বোডিৰ এজন ৩৮ বছৰীয়া ব্যক্তিৰ দেহত ধৰা পৰিছিল এই ভাইৰাছবিধ। অৱশ্যে ইটালীৰ চিকিৎসা বিশেষজ্ঞসকলে দাবী কৰিছে যে লোকজনৰ দেহত পজিটিভ ধৰা পৰাৰ বহু পূৰ্বেই দেশৰ ভিন্ন প্ৰান্তত বিয়পি পৰিছিল এই মাৰাত্মক ভাইৰাছবিধ। অৱশেষত প্ৰায় ডেৰমাহৰ অন্তত ৰোগীৰ সংখ্যা কমিবলৈ আৰম্ভ কৰাত ইটালীত যোৱা দুদিনত দেখা গৈছে আশাৰ সঞ্চাৰ।