আধাৰ কাৰ্ডৰ পাছত এইবাৰ আহিব ইউনিক কাৰ্ড৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কথা ঘোষণা কৰিছে৷ ইউনিক কাৰ্ড হ’ব এনে এখন ডিজিটেল কাৰ্ড য’ত এজন ব্যক্তিৰ সকলোখিনি প্ৰয়োজনীয় তথ্য একেলগে মজুত থাকিব৷ যেনে আধাৰ, পাচপৰ্ট, বেংক, ড্ৰাইভিং লাইচেঞ্চ জাতীয় সকলো তথ্য থাকিব একেখন কাৰ্ডতে৷ আধাৰ কাৰ্ডৰ সুৰক্ষা আৰু ইয়াৰ উপলব্ধতাক লৈ চৰকাৰ দীৰ্ঘদিন ধৰি সমালোচনাৰ সন্মুখীন হৈ আহিছে, এতিয়া আকৌ আহিল ইউনিক কাৰ্ড যাৰ বাবে জনসাধাৰণ পুনৰ ব্যতিব্যস্ত হ’ব লাগিব৷ 

 

আধাৰ কাৰ্ডকো বেংক একাউণ্ট আৰু অন্যান্য সুবিধাৰ সৈতে লিংক কৰা হৈছিল৷ ইয়াৰ জৰিয়তে জনসাধাৰণক ‘ইউনিক আইডেণ্টিফিকেছন’ নম্বৰ দিয়া হৈছিল৷ এইবাৰো গৃহমন্ত্ৰীয়ে ঘোষণা কৰা ইউনিক কাৰ্ডত থাকিব এজন ব্যক্তিৰ যাৱতীয় সকলো তথ্য৷ 

 

কিন্তু গৃহমন্ত্ৰী অমিত শ্বাহৰ এই পৰামৰ্শক কংগ্ৰেছে বিৰোধিতা কৰি কৈছে যে বিজেপিয়ে আধাৰ কাৰ্ডৰ অপপ্ৰয়োগ কৰিব বিচাৰিছে৷ কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে মন্তব্য কৰে যে বিজেপিয়ে আগতে আধাৰ কাৰ্ডৰ অপব্যৱহাৰ কৰিছিল এতিয়া কিন্তু আধাৰ কাৰ্ডকে অপব্যৱহাৰ কৰিছে৷ 

 

কিমান সম্ভৱ এখন কাৰ্ড

 

এফালে চৰকাৰে ইউনিক কাৰ্ডৰ উপযোগিতাৰ কথা কৈছে আনফালে বিৰোধী পক্ষই কৈছে ইউনিক কাৰ্ডৰ অপপ্ৰয়োগৰ কথা৷ এই কাৰ্ডে জনসাধাৰণৰ বাবে কি লৈ আনিব আৰু এই কাৰ্ডত কি আছে প্ৰত্যাহ্বান? 

স্বচ্ছতা আৰু গোপনীয়তাৰ অধিকাৰৰ সম্পৰ্কত দীৰ্ঘদিন ধৰি কাম কৰি অহা সমাজকৰ্মী তথা অধিবক্তা অঞ্জলি ভৰদ্বাজে ডিজিটেল ইউনিক কাৰ্ডক লৈ সতৰ্কতা অৱলম্বন কৰিবলৈ কৈছে৷ তেওঁ কয় ‘‘চৰকাৰে এনে এটা সিদ্ধান্ত লোৱাৰ পূৰ্বে সকলো পক্ষৰে পৰামৰ্শ গ্ৰহণ কৰিহে আগবঢ়া উচিত৷ এতিয়া গৃহমন্ত্ৰীয়ে ডিজিটেল ইউনিক কাৰ্ডৰ কথা কৈ আছে কিন্তু সকলো দিশ চালি জাৰি চাইহে এটা প্ৰস্তাৱ হাতত ল’ব লাগে৷ অকলে কিবা এটা কৰাতো উচিত নহয়৷ জনসাধাৰণৰ ওচৰত এই বিষয়টো লৈ যাব লাগে৷ জনসাধাৰণে ইয়াৰ পৰিণাম সন্দৰ্ভত কি কয় সেয়া শুনাৰ লগতে তেওঁলোকৰ পৰামৰ্শও গ্ৰহণ কৰা উচিত৷ আমি সকলোৱে দেখি আছো এতিয়ালৈকে চৰকাৰে যিমানবোৰ কাম হাতত লৈছে এবাৰো জনসাধাৰণৰ সৈতে কথা পাতি লোৱা নাই৷ ইয়াৰ বাবে প্ৰথমে উদ্যোগ লোৱা বহুত কাম পাছলৈ জনবিৰোধী হৈ উঠে৷’’

 

ইউনিক কাৰ্ডে মাতিব পৰা বিপদ

 

ইউনিক কাৰ্ড ইমানো সহজ নহ’ব ৰাইজৰ বাবে৷ ইয়াৰ পৰা বিপদ জন্ম হোৱাৰ সম্ভাৱনাহে বেছি৷ আধাৰ কাৰ্ডক লৈ উদ্ভৱ হোৱা বিভিন্ন বিষম পৰিস্থিতিৰ পৰাও আমাৰ শিকিবলগীয়া আছে- গৃহমন্ত্ৰীৰ ঘোষণাৰ পাছতেই জনসাধাৰণৰ মাজত এনেধৰণৰ কথাৰ অৱতাৰণা হৈছে৷ 

 

চৰকাৰে আধাৰ কাৰ্ডত ‘ইউনিক আইডেণ্টেটি’ দিবৰ বাবে চেষ্টা চলাওতে আমি দেখা পাইছিলো কিমান প্ৰত্যাহ্বানে থিয় দিছিল৷ এতিয়া সেই প্ৰত্যাহ্বান ইউনিক কাৰ্ডক লৈও আহিব পাৰে৷ এই কথালৈ আমি দৃষ্টি ৰাখিব লাগিব৷ আধাৰ কাৰ্ড বাঞ্চনীয় হোৱাৰ পাছত যিদৰে বহুত মানুহ ৰেচন আৰু পেঞ্চন লোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছিল ঠিক তেনে সমস্যা ইউনিক কাৰ্ডতো হ’ব পাৰে৷   

 

এজন মানুহৰ সকলো তথ্য একেখন কাৰ্ডতে থাকিলে সেই মানুহজনৰ সকলোখিনি তথ্য চুৰি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ যদি কোনো মানুহৰ ইউনিক কাৰ্ডখন হেৰাই যায় তেন্তে মানুহজনৰ সকলো তথ্য কোনো দুষ্টচক্ৰই ভুল কামত ব্যৱহাৰ কৰাৰ আশংকা নুই কৰিব নোৱাৰি৷

 

সেয়েহে এই ক্ষেত্ৰত বিশেষজ্ঞ আৰু জনসাধাৰণৰ লগত আলোচনা কৰিহে চৰকাৰে এনে কাম হাতত লওক৷ যদি দেখা যায় ইউনিক কাৰ্ড জনসাধাৰণৰ হিতৰ বিপৰীতে তেন্তে চৰকাৰে এনে সিদ্ধান্ত বাতিল কৰাই উচিত হ’ব৷ 

 

উঠিছে প্ৰশ্ন

 

অমিত শ্বাহে ইউনিক কাৰ্ডৰ কথা কোৱাৰ পাছতেই কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰে পাটনাৰ এক জনসভাত দেশৰ জনসাধাৰণে ড্ৰাইভিং লাইচেঞ্চৰ সৈতে আধাৰ কাৰ্ডৰ লিংক কৰিব লগা হ’ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰে৷ তেওঁ কয় এনে কৰিলে ড্ৰাইভিং লাইচেঞ্চৰ ক্ষেত্ৰত হোৱা জালিয়াতি কমাব পৰা যাব৷ 

 

এতিয়া ইউনিক কাৰ্ডৰ বিষয় উত্থাপন হোৱাৰ পাছত জনসাধাৰণৰ গোপনীয়তা আৰু সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে।