দৰংঃ ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত দলগাঁৱৰ দৈপামত ভোটাৰ সকলক সজাগ কৰাৰ উদ্দেশ্যে এখন ভোটাৰ সজাগতা সভা অনুষ্ঠিত কৰা হয়। দৰং জিলা মুছলিম ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত উক্ত সভাত বিভিন্ন ৰাজনৈতিক দলে সাধাৰণ ভোটাৰক পদে পদে প্ৰতাৰণা কৰা বুলি অভিযোগ কৰে ৰাজ্যিক সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানিয়ে। 

ইফালে, ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুক উদ্দেশ্য প্ৰণোদিতভাবে 'ডি ভোটাৰ সজাই হাৰাশাস্তি কৰাৰ অভিযোগ কৰে সংগঠনটোৰ সভাপতি জালাল উদ্দিনে। তেওঁ কয় যে ৰাজ্য চৰকাৰে সীমান্ত আৰক্ষীক বিপথে পৰিচালিত কৰি যধে মধে ভোটাৰ তালিকাত 'ডি লগাই প্ৰকৃত ভাৰতীয় লোকক নিৰ্যাতন কৰিছে। নামৰ আগত 'ডি লগাই বাংলাদেশী সজাবলৈ কৰা ষড়যন্ত্ৰক প্ৰত্যাহ্বান জনাই তেওঁ কয়- তথ্যৰ আধাৰত অবৈধ নাগৰিকক চিনাক্ত ও বিতাৰিত কৰাৰ ক্ষেত্ৰত আমি সদায় সহযোগ কৰিছে আহিছো। কিন্তু চৰকাৰী যন্ত্ৰই সন্দেহৰ দৃষ্টিৰে একাংশ লোকক তথ্যহীনভাৱে 'ডি লগাই ডিটেঞ্চন কেম্পত ভৰাই মানৱধিকাৰ খৰ্ব কৰিছে। 

‘যদি মই ভাৰতীয় বুলি চৰকাৰে সন্দেহ কৰি বাংলাদেশী বুলি কয় তেন্তে মই বাংলাদেশী বুলি চৰকাৰে তথ্য দিয়ক। উপস্থিত ৰাইজক উদ্দেশ্যি নেতাদ্বয়ে উন্নয়নৰ স্বাৰ্থত, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সংবিধান ৰক্ষা আৰু বিভেদকামী শক্তিক প্ৰতিহত কৰিবলৈ বিবেক ভোট প্ৰদানৰ আহবান জনায়। 

সভাত দলগাঁও ৰাজহ চক্ৰ বিষয়া যুৱৰাজ বৰঠাকুৰে এশ শতাংশ ভোটদান নিশ্চিত কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনাই সমাগত নিৰ্বাচনত প্ৰলোভনৰপৰা আঁতৰত থাকি উপযুক্ত প্ৰাৰ্থীক ভোটদানৰ পোষকতা কৰে। ইফালে, নিৰ্বাচন আয়োগ আৰু জিলা প্ৰশাসনে বয়োজেষ্ঠ নাগৰিক, গৰ্ভৱতী মহিলা, বিকলাঙ্গ লোকক বিশেষ সুবিধা আৰু অগ্ৰাধিকাৰ ব্যৱস্থা কৰিব বুলি জনায়। দৰং জিলা মুছলিম ছাত্ৰ সন্থাৰ সভাপতি ৰফিকুল ইছলামৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত আঁত ধৰে সাধাৰণ সম্পাদক ওমৰ আলীয়ে। 

সভাত দৈপাম আঞ্চলিক জিলা সমিতিৰ লগতে কেন্দ্ৰীয় সমিতিৰ বহুকেইজন নেতৃবৃন্দ সমান্তৰালকৈ শ্যামটিলা জিলা পৰিষদৰ সদস্য হুমায়ুন কবিৰ আৰু দৈপাম গাঁও পঞ্চায়তৰ সভাপতি হবিবুৰ ৰহমানো উপস্থিত থাকে। প্ৰায় পাঁচ শতাধিক ৰাইজ উপস্থিত থকা সভাখনে সদ্য সংঘটিত বিশ্বনাথ কাণ্ডক গৰিহণা দিয়াৰ লগতে সকলোকে সংযম ৰক্ষা কৰি ভাতৃত্ববোধ বজাই ৰাখিবলৈ আহবান জনায়। বিশ্বনাথ কাণ্ডত চৰকাৰৰ পৃষ্ঠপোষকতাত হোৱাৰ অভিযোগ কৰে সভাপতি জালাল উদ্দিনে। ঘটনাত জড়িত অপৰাধীক কঠোৰ শাস্তি দিয়াৰ লগতে উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে সংগঠনটোৱে।